অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপিকা চিখলিয়া

দীপিকা চিখলিয়া টোপীৱালা (Dipika Chikhlia Topiwala, জন্ম: ২৯ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত সীতা দেৱীৰ চৰিত্ৰত আৰু ভাৰতীয় টেলিভিচন ধাৰাবাহিকত অভিনয় কৰাৰ বাবে অধিক জনা যায়।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৬ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

দীপিকা চিখলিয়া টোপীৱালা (Dipika Chikhlia Topiwala, জন্ম: ২৯ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত সীতা দেৱীৰ চৰিত্ৰত১ আৰু ভাৰতীয় টেলিভিচন ধাৰাবাহিকত অভিনয় কৰাৰ বাবে অধিক জনা যায়।

তেওঁৰ প্ৰথম চলচ্চিত্ৰ ৰাজ কাপুৰৰ সৈতে “সুন মেৰী লেলা” (১৯৮৩) আৰু ৰাজেশ খান্নাৰ সৈতে কৰা তিনিখন চলচ্চিত্ৰ ক্ৰমে- ৰুপায় দস কৰোৰ, ঘৰ কা চিৰাগ আৰু খুডাই ৰ বাবে তেওঁক জনা যায়।২ তেওঁ মাম্মোট্টীৰ সৈতে মালয়ালম ছবি "ইথিলে ইনিয়ুম ভাৰু (১৯৮৬) -ত অভিনয় কৰিছিল, লগতে তেওঁৰ কন্নড় হিট চলচ্চিত্ৰ আছিল শংকৰ নাগৰ সৈতে হসা জীৱন (১৯৯০) আৰু অমবাসীশ ৰ সৈতে ইন্দ্ৰজিৎ (১৯৮৯)। তেওঁ প্ৰভুৰ সৈতে তামিল হিট ছবি “নংগল” (১৯৯২) আৰু বঙালী হিট ছবি আশা অ’ ভালোবাসাত প্ৰসেনজীত চেটাৰ্জীৰ সৈতে অভিনয় কৰিছিল। তেওঁ গুজৰাটী চুপাৰষ্টাৰ নৰেশ কানোদিয়াৰ সৈতে “জোড়ে ৰহেজো ৰাজ” আৰু “লাজু লখন”ৰ দৰে গুজৰাটী চলচ্চিত্ৰত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

চিখলিয়াই মুম্বাইৰ উপনগৰ পালী হিল অঞ্চলৰ বান্দ্ৰাত ডাঙৰ-দীঘল হৈছিল।

তেওঁ Shingar Bindi আৰু Toes cosmetics -ৰ মালিক৩ হেমন্ত টোপীৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৪ তেওঁৰ সন্তান দুগৰাকীৰ নাম হৈছে- নিধি আৰু জুহি টোপীৱালা।৫

চলচ্চিত্ৰপঞ্জী

বৰ্ষচলচ্চিত্ৰভাষাচৰিত্ৰটোকা
১৯৮৩সুন মেৰী লেলা (Sun Meri Laila)হিন্দী
১৯৮৫পাত্থাৰ (Paththar)হিন্দী
১৯৮৬চেখ (Cheekh)হিন্দী
১৯৮৬ভগৱান দাদাহিন্দীশান্তি
১৯৮৬ঘৰ সংসাৰহিন্দী
১৯৮৬ইথিলে ইনিয়ুম ভাৰু মালয়ালমপ্ৰিয়া
১৯৮৭ৰাত কে আন্ধেৰে মে (Raat Ke Andhere Mein)হিন্দীচেক্সী ৰচী
১৯৮৭চাজানৱা বৈৰি ভৈলে হামাৰ (Sajanwa Bairi Bhaile Hamar)ভোজপুৰী
১৯৮৯ইন্দ্ৰজিৎকন্নড়ঊষা
১৯৮৯ঘৰ কা চিৰাগহিন্দীআশা
১৯৮৯আশা অ’ ভালোবাসাবঙালীৰূপা
১৯৮৯য়ামাপাচাম (Yamapasam)তেলেগু
১৯৯০হসা জীৱনকন্নড়শংকৰ নাগৰ পত্নী সীতা
১৯৯০পেৰিয়া ইদাথু পিল্লাইতামিল
১৯৯১ কাল চক্ৰ (Kaala Chakra)কন্নড়
১৯৯১ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰতেলেগু
১৯৯১ৰুপায় দস কৰোৰহিন্দীৰবীৰ চেক্ৰেটাৰী/হস্তিানপুৰৰ ৰাণী
১৯৯২নাঙালতামিল
১৯৯৪মায়োৰ প্ৰভাকৰ (Mayor Prabhakar)কন্নড়
১৯৯৪খুডাইহিন্দীপদ্মিনী ৰাজ আনন্দ
১৯৮৯জোড়ে ৰহেজো ৰাজ (Jode Rahejo Raj)গুজৰাটী
১৯৯২লাজু লখন (Laju Lakhan)গুজৰাটী
২০১৮গালিবহিন্দী
২০১৮নটসম্ৰাট (Natsamrat)গুজৰাট
২০১৯বালাহিন্দীসুশীলা মিশ্ৰা (পৰীৰ মাক)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Archived copy
  2. ↑ timesofindia.indiatimes.com/tv/news/hindi/ramaya
  3. ↑ Hemant Topiwala: Executive Profile & Biography - Bloomberg. www.bloomberg.com
  4. ↑ Deepika Chikhalia. khabridost.in
  5. ↑ Where are they now? Deepika Chikhalia

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীগুজৰাটী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপিকা চিখলিয়া” প্ৰবন্ধৰ সংশোধন ৫৭৫০২১ (৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।