নাদিৰা, যাৰ জন্ম নাম ফ্লোৰেন্স ইজাকিয়েল, (জন্ম: ডিচেম্বৰ ১৯৩২ আৰু মৃত্যু: ৯ ফেব্ৰুৱাৰী ২০০৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী কথাছবি জগতত বহুদিন ধৰি সক্ৰিয় হৈ আছিল। তেওঁ ১৯৫০ আৰু ১৯৬০ চনৰ পৰা আন (১৯৫২), শ্ৰী ৪২০ (১৯৫৫), পাকিজা (১৯৭২), আৰু জুলি (১৯৭৫) আদি জনপ্ৰিয় ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।১২
আদি জীৱন
১৯৩২ চনৰ ৫ ডিচেম্বৰত ইৰাকৰ বাগদাদৰ এটা বাগদাদী ইহুদী পৰিয়ালত নাদিৰাৰ জন্ম হয়।১ নাদিৰাৰ কেঁচুৱা অৱস্থাত তেওঁৰ পৰিয়ালে ব্যৱসায়িক সুযোগৰ সন্ধানত বাগদাদৰ পৰা বম্বেলৈ প্ৰব্ৰজন কৰে।৩ তেওঁৰ দুজন ভাতৃ আছিল, বৰ্তমান এজন আমেৰিকাত আৰু আন এজন ইজৰাইলত থাকে।৪
কেৰিয়াৰ
নাদিৰাই তেওঁৰ দহ বা এঘাৰ বছৰ বয়সতে ১৯৪৩ চনত নিৰ্মিত হিন্দী ভাষাৰ ছবি মৌজত প্ৰথম অভিনয় কৰিছিল৷৩ তেওঁ অভিনয় জীৱনত অগ্ৰগতি লাভ কৰিছিল চলচ্চিত্ৰ পৰিচালক মেহবুব খানৰ পত্নী চৰ্দাৰ আখতাৰৰ দ্বাৰা, যিয়ে তেওঁক আন (১৯৫২) ছবিত অভিনয় কৰোৱাইছিল। ছবিখনত ৰাজপুত ৰাজকুমাৰীৰ ভূমিকাত কৰা অভিনয়ৰে তেওঁৰ ছবিজগতত অভিনয়ৰ উত্থান ঘটিছিল।২৫১ ১৯৫৫ চনত নাদিৰাই শ্ৰী ৪২০ত মায়া নামৰ এগৰাকী ধনী সমাজসেৱিকাৰ চৰিত্ৰত অভিনয় কৰিছিল৷১২ দিল আপনা ঔৰ প্ৰীত পৰাই (১৯৬০), পাকিজাহ (১৯৭২), হাঁসতে জখম (১৯৭৩), অমৰ আকবৰ এন্থনী (১৯৭৭) আদি কেইবাখনো ছবিত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছিল। ছবিসমূহত তেখেতক প্ৰায়ে আবেদনময়ী বা ভ্যাম্প চৰিত্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল, যিবোৰ ভূমিকাক সেই সময়ত হিন্দী চলচ্চিত্ৰ উদ্যোগৰ দ্বাৰা মুখ্য খলনায়িকা চৰিত্ৰসমূহৰ বাবে আদৰ্শ চৰিত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।২
১৯৭৫ চনত জুলি ছবিখনত অভিনয় কৰাৰ বাবে নাদিৰাই শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।২ ১৯৮০ আৰু নব্বৈৰ দশকৰ সময়ছোৱাত তেওঁ বেছিভাগেই সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। পশ্চিমীয়া সংস্কৃতিৰ ভাবমূৰ্তি থকা বাবে হিন্দী ছবিত তেওঁ প্ৰায়ে খ্ৰীষ্টান বা এংলো-ইণ্ডিয়ান মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ শেষৰটো চৰিত্ৰ আছিল জোছ (২০০০) ছবিখনত।
তেওঁৰ কেৰিয়াৰৰ সময়ছোৱাত সৰ্বাধিক মাননি পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল আৰু সেই সময়ৰ প্ৰথম ভাৰতীয় অভিনেত্ৰীসকলৰ ভিতৰত ৰ'লছ ৰয়েছৰ মালিক হোৱা অন্যতম আছিল।২
ব্যক্তিগত জীৱন
জীৱনৰ পিছৰ বছৰবোৰত নাদিৰা ভাৰতৰ মুম্বাইত অকলে বাস কৰিবলৈ লৈছিল, কিয়নো তেওঁৰ প্ৰায়বোৰ আত্মীয় ইজৰাইললৈ গুচি গৈছিল। মৃত্যুৰ আগৰ তিনি বছৰত তেওঁ মাত্ৰ এগৰাকী গৃহকৰ্মীৰ সৈতে নিজৰ এপাৰ্টমেণ্টত বাস কৰিছিল। ২০০৬ চনৰ ২৪ জানুৱাৰীত হৃদযন্ত্ৰৰ ক্ৰিয়া প্ৰায় বন্ধ হৈ পৰাত অৰ্ধচেতন অৱস্থাত নাদিৰাক চিকিৎসালয়ত ভৰ্তি কৰা হয়। সেইসময়ত তেওঁৰ টিউবাৰকুলাৰ মেনিনজাইটিছ আৰু মদ্যপান কৰাৰ ফলত যকৃতৰ বিকাৰ আৰু পক্ষাঘাত আদিৰ দৰে একাধিক স্বাস্থ্যজনিত সমস্যাই ভিৰ কৰিছিল।২৫
২০০৬ চনৰ ৯ ফেব্ৰুৱাৰীত ৭৩ বছৰ বয়সত মুম্বাইৰ তাৰদেওত থকা ভাটিয়া চিকিৎসালয়ত দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত তেওঁৰ মৃত্যু হয়।১২মৃত্যুৰ সময়ত তেওঁ তেওঁৰ দুই ভাতৃক এৰি থৈ যায়।৫
কথা ছবি
নাদিৰাই মৃত্যুৰ কেইবছৰমানৰ আগলৈ বহুতো ছবিত অভিনয় কৰি গৈছে৷ তেওঁ দুখন টিভি চিৰিয়েল, মাৰ্গাৰিটা আৰু এক থা ৰাষ্টী-ছিজন১ তো অভিনয় কৰিছিল৷ মাৰ্গাৰিটা নাছা আৰু এক থা ৰাষ্ঠী- ছিজন১ত মিছেচ মেকেঞ্জীৰ চৰিত্ৰত অভিনয় কৰিছিল৷
| বছৰ | নাম | চৰিত্ৰ | টোকা | ||
|---|---|---|---|---|---|
| ২০০১ | জোহৰা মহল | জোহৰা মহল | |||
| 2000 | জোছ৫| | লেডী ডি ক’ষ্টা| | |- | 1999| |কটন মেৰী২| | মেট্টী| | |- |1997| | তামান্না২৫| | নাজনীন বেগম | | |- | 1991| |জুথী ছান| |ৰাণীমা | | |- |1985| | সাগৰ২৫| |মিছ যোছেফ| | |- |1984| |কিম(তিভি ধাৰাবাহিক| | কুলুৰ বিধৱা| | |- |1982| | ৰাস্তে প্যাৰ কে| | | | |- | 1982| |অশান্তি| |স্কুল প্ৰিন্সিপাল| | |- |1981| | দছহট| | শ্ৰীমতী বিশাল| | |- |1981| |আচ পাছ | | | | |- |1980| |ছাল বাজ২| | | | |- |1980| |স্বয়ম্বৰ| | দুৰ্গা দেৱী ভাৰ্গৱ| | |- |1979 | |দুনীয়া মেৰী জেৱ মেঁ| | | | |- |1979| |বিন ফেৰে হাম তেৰে| | | | |- |1979 | |মগ্ৰুৰ| |শ্ৰীমতী দিশা| | |- |1978| |নৌক্ৰী| | লিলী| | |- |1977| |আপ কি খাতিৰ| | | | |- |1977| |আশিক হুঁ বাহাৰোঁ কা | |হীৰা| | |- |1977 | |অমৰ আকবৰ এন্থনী| | সৰু চৰিত্ৰ| | |- |1977| |দাৰ্লিং দাৰ্লিং| | | | |- |1977 | |পাপী| | বিক্ৰমৰ গাড়ীৰ খুন্দা খোৱা বুঢ়ী মানুহ| | |- |1976| |ভাঁৱাৰ| | শৰ্দা দেৱী| | |- |1975| |ধৰ্মাত্মা| | | | |- |1975| |জুলী২৫|জুলীৰ মাক |১৯৭৬ চনত ফিল্মফেয়াৰ বঁটা লাভ |- |1975| |কহতে হেঁ মুঝকো ৰাজা | | | | |- |1975| |মেৰে সৰতাজ| | | | |- |1974| |ফাছলা| | | | |- |1974| |ইস্ক ইস্ক ইস্ক | | | | |- |1974 | |ৱো মেঁ নেহী| | | | |- |1973| |এক নাৰী দো ৰূপ| | | | |- |1973 | |হাঁসতে জখম| | |- |1973| |পয়াৰ কা ৰিস্তা | | | | |- |1972 | |এক নজৰ | | আমিনাবী| | |- |1972 | |ৰাজা জানি| | | | |- | 1971| |কহী আৰ কহী পাৰ| | | | |- |1972 | |আনোখা দান | | | | |- |1972 | |পাকিজা২৫| | গুহৰ জান| | |- |1970 | |বম্বে টকী| | অঞ্জনা দেৱী| | |- |1970| |চেতনা| | নিৰ্মলা| | |- |1970| |এক নান্নী মুন্নী লেড়কী থী''| | | |- |1970| |ইস্ক পৰ জোৰ নেহী| |শ্ৰীমতী ডোৰাইস্বামী | | |- |1970| |চফৰ| | শ্ৰীমতী কাপুৰ| | |- |1969| |দা গুৰু| | সৰু চৰিত্ৰ| | |- |1969| |ইনচাফ কী মন্দিৰ| | | | |- |1969 | |জাহা প্যাৰ মিলে| | | | |- | 1969| |তালাছ| | ৰঙা শাৰী পৰিহিতা চঞ্চলা নাৰী| | |- |1968| |কহী দি কহী ৰাত| |শ্ৰীমতী ইন্দ্ৰাণী| | |- |1968| |সপনো কা সৌদাগৰ| | ৰঞ্জনাৰ মাক| | |- |1963 | |মেৰি চুৰত তেৰি আখেঁ | | | | |- |1965| |চোটী চোটী বাটেঁ| |শান্তা| | |- |1965| |এক্সিডেণ্ট| | |- |1960 | |দিল অপনা অউৰ প্ৰীত পৰায়ে২| | কুসুম সুশীল ভাৰ্মা| | |- |1960 | |কালা বাজাৰ| | নিজে| | |- |1958 | |পুলিচ| | | | |- |1956 | |বিলাভদ্ কৰীনা | | | | |- |1956 | |পকেট মাৰ | | | | |- |1956 | |সামুন্দ্ৰি ডাকু| | | | |- |1956| |চিপাহচালাৰ| | | | |- |1956| |শ্ৰী ৪২০১২৫| |মায়া| | |- |1955 | |ৰফ্টাৰ | | | | |- |1954| |'ডাক বাবু'| | | | |- |1954| |ৱাৰিছ| | কান্তা| | |- |1953| |নাগমা| | | |- |1952 | |আন১৫ | |ৰাজকুমাৰী ৰাজশ্ৰী| | |- |1943 | |মৌজ | শিশু চৰিত্ৰ |
তথ্যসূত্ৰ
- ↑ (10 February 2006). Nadira, Who Played the Vamp in Bollywood, Is Dead. The New York Times. Agence France-Presse
- ↑ (31 January 2006). Veteran actress Nadira passes away. MidDay,com website
- ↑ Singh, Kuldip. (2 April 2009). Nadira. The Independent
- ↑ "Jewish Stars of Bollywood" Haaretz (newspaper), Published 14 April 2013. Retrieved 8 January 2021
- ↑ Priyanka Jain. (16 January 2006). Nadira: A woman ahead of her time. Rediff.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাদিৰা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৬১১৭৪৪ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।