নুশ্ৰট ভাৰুচ্চা (Nushratt Bharuccha; জন্ম: ১৭ মে' ১৯৮৫)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী যি হিন্দী চলচ্চিত্ৰত কাম কৰে। শিল্পীগৰাকীয়ে লভ চেক্স ঔৰ ধোখা, প্যাৰ কা পঞ্চনামা, প্যাৰ কা পঞ্চনামা ২, সোণু কে টিটু কি ছুইটি, ড্ৰিম গাৰ্ল, চোৰী, অজীব দাস্তানছ, জানহিত মেইন জাৰি আদি ছবিত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
১৯৮৫ চনৰ ১৭ মে’ত বম্বেৰ এটা দাউদী বহৰা পৰিয়ালত নুশ্ৰত ভাৰুচাৰ জন্ম হৈছিল। ব্যৱসায়ী পিতৃ তনবীৰ ভাৰুচা আৰু গৃহিণী মাতৃ তস্নীম ভাৰুচাৰ একমাত্ৰ সন্তান নুশ্ৰত। নুশ্ৰতে মুম্বাইৰ জয় হিন্দ মহাবিদ্যালয়ৰ পৰা সূক্ষ্ম কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে। ২৩
কেৰিয়াৰ
২০০২–২০১৪: প্ৰাৰম্ভিক কেৰিয়াৰ আৰু সংগ্ৰাম
২০০২ চনৰ টেলিভিছন ধাৰাবাহিক কিটি পাৰ্টিত অভিনয় কৰি ভাৰুচ্চাই অভিনয়ত আত্মপ্ৰকাশ কৰে।৪জয় সন্তোষী মা (২০০৬) তেওঁৰ প্ৰথম হিন্দী ছবি আছিল। ইয়াৰ পিছত ২০০৭ চনত জুবিন গাৰ্গৰ মিউজিক ভিডিঅ' "জিন্দগী কহিন গুম হায়"ত অভিনয় কৰে।৫ কাল কিছনে দেখা (২০০৯)ত তেওঁৰ কেমিঅ' ভূমিকা আছিল আৰু ২০১০ চনত নুশ্ৰটে তেলুগু ভাষা ভাষাৰ ছবি তাজমহল" (২০১০)ত অভিনয় কৰিছিল।৬ তেওঁৰ অন্তিম টেলিভিছন ভূমিকা আছিল সাত'' ত দৃষিকা কাশ্যপৰ চৰিত্ৰত।৭
ভাৰুচ্চাৰ প্ৰথম মুখ্য চৰিত্ৰ আছিল দিবাকৰ বেনাৰ্জী আৰু একতা কাপুৰৰ এন্থলজি লাভ চেক্স ঔৰ ধোখা(২০১০)ত, যিয়ে মধ্যমীয়াভাৱে ভাল কাম কৰিছিল।৮ ইয়াৰ পিছত তেওঁ কাৰ্তিক আৰিয়ানৰ সৈতে লাভ ৰঞ্জনৰ ছবি প্যাৰ কা পুঞ্চনামা (২০১১) আৰু "আকাশ ভানি (২০১৩)ত অভিনয় কৰে।তাৰ পিছত নুছৰাটে জিমি শ্বাৰগিলৰ সৈতে ডাৰ এট দ্য মল'' (২০১৪)ত অভিনয় কৰে।এই ছবিবোৰে ভাল সঁহাৰি নাপালে।
তথ্যসূত্ৰ
- ↑ Mimansa, Shekhar. (17 May 2021). Nushrratt Bharuccha birthday: When she played a girl with superpowers in YRF TV show Seven. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Ratnam, Dhamini. (23 August 2014). Society: Why we work. Livemint
- ↑ (17 May 2020). नुशरत भरूचा ने जी टीवी के सीरियल से की थी करियर की शुरुआत, आज हैं बॉलीवुड की टॉप एक्ट्रेस में से एक. ABP News
- ↑ Nushrat Bharucha started her career with Zee Tv seriel. ABP Live
- ↑ Listen to Zindagi Kahin Gum Hai Song by Zubeen Garg on Gaana.com
- ↑ Shruti interview - Telugu Cinema interview - Telugu film actress. idlebrain.com
- ↑ (17 May 2021). Nushrratt Bharuccha birthday: When she played a girl with superpowers in TV show Seven
- ↑ Love Sex Aur Dhokha. Box Office India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুশ্ৰট ভাৰুচ্চা” প্ৰবন্ধৰ সংশোধন ৪৪৮০০৩ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।