ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
সুহানী কলিতা
সুহানী কলিতা'(বেবী জীৱা নামেৰে তেলুগু চলচ্চিত্ৰত পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে তেলুগু, হিন্দী, মালায়ালম আৰু বাংলা চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ২০০০ চনত হিন্দুস্থান - দ্য মাদাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে "নন্দী বঁটা" লাভ কৰিছিল।
-
সুৰভি লক্ষ্মী
সুৰভি চি.এম. বা সুৰভি লক্ষ্মী (Surabhi C. M.; জন্ম: ৫ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় মঞ্চ, টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ২০১৬ চনত মুক্তি পোৱা মালয়ালম চলচ্চিত্ৰ ‘মিন্নামিনুঙ্গু’ত তেওঁ এগৰাকী সংগ্ৰামী মধ্যবয়সীয়া মাতৃৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
সুৰভিন চাওলা
সুৰভিন চাওলা (Surveen Chawla, জন্ম ১ আগষ্ট ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু মডেল সুৰভিনে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কহি ট' হোগা আৰু কাজ্জল নামৰ জনপ্ৰিয় আৰু সফল টেলিভিছন অনুষ্ঠানৰ জৰিয়তে৷ হেইট ষ্টৰি (২০১৪), আগলি (২০১৩), পাৰ্চড (২০১৫), ২৪ (ভাৰতীয় টিভি চিৰিজ,২০১৬) আদিত আগবঢ়োৱা…
-
সোণম বাজৱা
সোণমপ্ৰীত বাজৱা (জন্ম: ১৬ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ পঞ্জাবী আৰু হিন্দী ছবিত কাম কৰে। পঞ্জাবী চিনেমাৰ অন্যতম জনপ্ৰিয় আৰু সৰ্বাধিক পাৰিতোষিক পোৱা অভিনেত্ৰী বাজৱাই দুটাকৈ পি টি চি পঞ্জাবী ফিল্ম এৱাৰ্ড লাভ কৰাৰ লগতে চাৰিটাকৈ ফিল্মফেয়াৰ এৱাৰ্ডছ পঞ্জাবীৰ বাবে মনোনয়ন লাভ কৰিছে।
-
ৰম্যা বৰ্ণা
ৰম্যা বৰ্ণা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। তাৰোপৰি তেওঁ তামিল, তেলুগু আৰু তুলু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ৰাধিকা মাদান
ৰাধিকা মাদান (Radhika Madan) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ইয়াৰ পূৰ্বতে তেখেত এগৰাকী টেলিভিছন ব্যক্তিত্ব আছিল। নতুন দিল্লীত তেখেতে নৃত্য প্ৰশিক্ষক হিচাপেও কৰ্মৰত হৈ আছিল। ৰাধিকাৰ ছবিসমূহ মূলতঃ হিন্দী ভাষাত নিৰ্মিত।
-
ৰাধিকা শৰৎকুমাৰ
ৰাধিকা শৰৎকুমাৰ (Raadhikaa Sarathkumar, জন্ম: ১৯৬২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, উদ্যোগী আৰু প্ৰযোজক। তেখেতে তামিল, তেলুগু ছবি উদ্যোগৰ লগত জড়িত। ইয়াৰ লগতে মালয়ালম, হিন্দী আৰু কন্নড় ভাষাৰ ছবিতো তেখেতে প্ৰদৰ্শন আগবঢ়াইছে। ৰাধিকা শৰৎকুমাৰ নিজৰ কেৰিয়াৰত প্ৰায় ৩৫০খন ছবিত অভিনয় কৰিছে।
-
ৰীণা ৰয়
ৰীণা ৰয় (জন্ম:চাইৰা আলি; Reena Roy; ৭ জানুৱাৰী ১৯৫৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। বোম্বেত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হোৱা ৰয়ৰ তিনিজন ভাই-ভনী আছিল। ১৫ বছৰ বয়সত তেওঁ জৰুৰত (১৯৭২) নামৰ ছবিৰ যোগেদি চলচ্চিত্ৰজগতত আত্মপ্ৰকাশ কৰে।
-
ৰুক্মিণী মৈত্ৰ
ৰুক্মিণী মৈত্ৰ (জন্ম: ২৭ জুন ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ফেশ্বনৰ জগতখনত নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত মৈত্ৰই ২০১৭ চনত চাম্প ছবিৰে চলচ্চিত্ৰ জগতত অভিষেক ঘটায়। দেবৰ সৈতে মুঠ সাতখন ছবিত অভিনয় কৰিছে। ২০২১ বৰ্ষৰ ছবি সনকত বিদ্যুৎ জামৱালৰ বিপৰীতে অভিনয় কৰি তেখেতে বলীউডত অভিষেক ঘটায়।
-
অনস্বৰা ৰাজন
অনস্বৰা ৰাজন এগৰাকী ভাৰতীয় অভিনেত্ৰী। তাই মূলতঃ মালয়ালম ছবিত অভিনয় কৰে৷ ২০১৭ চনত মুক্তিপ্ৰাপ্ত উদাহৰণম সুজাতা তাইৰ প্ৰথমখন ছবি আছিল। ব্যৱসায়িকভাৱে সফল মালয়ালম ছবি উদাহৰণম সুজাতা (২০১৭), থান্নীৰ মথান দিনাংগল (২০১৯), আধ্যাৰাত্ৰি (২০১৯), ছুপাৰ শৰণ্যা (২০২২), মাইক (২০২২), প্ৰাণয়া বিলাসম (২০২৩),…
-
অনুশ্ৰী
অনুশ্ৰী এজনী ভাৰতীয় টেলিভিছন উপস্থাপক আৰু অভিনেত্ৰী যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে।
-
অনুসূয়া সেনগুপ্তা (অভিনেত্ৰী)
অনসুয়া সেনগুপ্তা (Anasuya Sengupta; জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰডাকচন ডিজাইনাৰ। চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়ি তোলাৰ লগতে ২০২৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত আন চাৰ্টেইন ৰিগাৰ্ড বঁটা শাখাত তেওঁ পাৰফৰমেন্স এৱাৰ্ড লাভ কৰিছে।
-
অপৰ্ণা দীক্ষিত
অপৰ্ণা দীক্ষিত (Aparna Dixit; জন্ম ২০ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় টেলিভিচন অভিনেত্ৰী। ২০১৩ চনত ষ্টাৰপ্লাছৰ পৌৰাণিক ধাৰাবাহিক 'মহাভাৰত'ত তেওঁ অম্বিকাৰ চৰিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল।
-
অভিনয়া (অভিনেত্ৰী)
অভিনয়া এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু, কন্নড় আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। তাই শ্ৰৱণ আৰু বাক দুয়োটা দিশতে বিশেষভাৱে সক্ষম। তেওঁ নাডোডিগাল (২০০৯) চলচ্চিত্ৰৰ যোগেদি অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল আৰু তাৰ পিছত বহুতো তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।
-
অৰ্চনা পূৰণ সিং
অৰ্চনা পূৰণ সিং (Archana Puran Singh; জন্ম: ২৬ ছেপ্তেম্বৰ, ১৯৬২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিচন ব্যক্তিত্ব। তেওঁ বহু কেইখন বলীউডী চলচ্চিত্ৰৰ কৰা কৌতুক অভিনেত্ৰী আৰু কৌতুকধৰ্মী টেলিভিচন শ্বো- দ্য কপিল শৰ্মা শ্বো আৰু কমেডী চাৰ্কাচৰ বিচাৰক ৰূপে জনাজাত।
-
অৰ্চিতা সাহু
অৰ্চিতা সাহু এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে ওড়িয়া ভাষাৰ ছবিত কাম কৰে। বাবু আই লাভ ইউ, মুঁ একাতুমৰ, চকলেট আৰু আকাশে কি ৰং লগিলা আদি কেইবাখনো জনপ্ৰিয় ওড়িয়া ছবিত মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছে। ছবিৰ বাহিৰেও মডেল হিচাপে সফলতা লাভ কৰিছে।
-
অৱনী মোদী
অৱনী মোদী এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ বলীউডত প্ৰৱেশ কৰে মধুৰ ভাণ্ডাৰকাৰৰ নাটকীয় চলচ্চিত্ৰ কেলেণ্ডাৰ গাৰ্লছ ৰ জৰিয়তে।
-
আইশা আহমেদ
আইছা আহমেদ এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনেত্ৰী ৰুখছাৰ ৰেহমানৰ কন্যা, আইশা এডালটিং (২০১৮) আৰু মাইনাছ ৱান (২০১৯)কে ধৰি কেইবাখনো জনপ্ৰিয় ষ্ট্ৰীমিং ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৮ চনত থ্ৰিলাৰ থ্ৰি ষ্ট’ৰেজৰ জৰিয়তে তেওঁ ছবিজগতত প্ৰৱেশ কৰে।
-
আকাংক্ষা পুৰী
আকাংক্ষা পুৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যি হিন্দী, তামিল, মালায়ালম আৰু কানাড়া চলচ্চিত্ৰত মুখ্যভাৱে কাম কৰে। কেইটামান দূৰদৰ্শন অনুষ্ঠানৰ সৈতে। তেওঁ বিঘ্নহৰ্তা গণেশত দেৱী পাৰ্বতীৰ চৰিত্ৰৰ বাবে সৰ্বাধিক জনাজাত।
-
আকাংক্ষা সিং
আকাংক্ষা সিং (: Aakanksha Singh; জন্ম: ৩০ জুলাই ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ অনুষ্ঠানত কাম কৰে।
-
আচলা সচদেৱ
আচলা সচদেৱ (Achala Sachdev) (৩ মে' ১৯২০ – ৩০ এপ্ৰিল ২০১২) হিন্দী ভাষাৰ চলচ্চিত্ৰ জগতৰ ক্লাছিক ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি শিশু অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পিছলৈ হিন্দী ছবিত মাতৃ আৰু আইতাকৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত হৈছিল।
-
আন্দ্ৰেয়া কেভিচুছা
কেৰল আন্দ্ৰেয়া কেভিচুছা (; জন্ম: ১৮ ফেব্ৰুৱাৰী ২০০১) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ২০২২ চনত আয়ুষমান খুৰৰানাৰ সৈতে অনেক চলচ্চিত্ৰত অভিনয়ত অভিষেক ঘটায়, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেকৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।
-
আশা শৰৎ
আশা শৰৎ (ইংৰাজী: Asha Sharath) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু শাস্ত্ৰীয় নৃত্যশিল্পী, যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰাৰ উপৰি কেইখনমান তামিল, কন্নড় আৰু তেলুগু ছবিতো অভিনয় কৰিছে। দৃশ্যম চলচ্চিত্ৰ শৃংখলাত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত।
-
আৰতি চাব্ৰিয়া
আৰতি চাব্ৰিয়া ( Aarti Chabria; জন্ম: ২১ নৱেম্বৰ ১৯৮২ চন) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পূৰ্বৰ মডেল৷ তেওঁ হিন্দী, তেলুগু, পাঞ্জাবী আৰু কানাড়া ভাষাৰ ছবিত অভিনয় কৰে।
-
উষা যাদৱ
উষা যাদৱ (Usha Jadhav; জন্ম: ৩ নৱেম্বৰ ১৯৮৪) বিশেষকৈ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১২ চনৰ মাৰাঠী ছবি ‘ধগ’ৰ বাবে তেওঁক বিশেষভাবে জনা যায়। এই ছবিখনত কৰা অভিনয়ৰ বাবে ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।
-
উৰ্বশী ৰৌতেলা
উৰ্বশী ৰৌতেলা (জন্ম:২৫ ফেব্ৰুৱাৰী, ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা মডেল। তেওঁ হিন্দী চলচ্চিত্ৰতো অভিনয় কৰিছে।মিছ ডিভা ইউনিভাৰ্চ,২০১৫ৰ ৰৌতেলাই বিজয়ী মুকুট পৰিধান কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁ মিছ ইউনিভাৰ্ছ,২০১৫ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
ঐশ্বৰ্য লক্ষ্মী
ঐশ্বৰ্য লক্ষ্মী (ইংৰাজী: Aishwarya Lekshmi; জন্ম: ৬ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক যিয়ে মূলতঃ মালয়ালম আৰু তামিল চলচ্চিত্ৰত কাম কৰে।
-
কজ্জনবাঈ
জাহানাৰা কজ্জন বা মিচ কজ্জন ( Jahanara kajjan, ১৫ ফেব্ৰুৱাৰী ১৯১৫- ডিচেম্বৰ ১৯৪৫) প্ৰাৰম্ভিক সবাক চলচ্চিত্ৰৰ একচ্ছত্ৰী সম্ৰাজ্ঞী, প্ৰশিক্ষিত শাস্ত্ৰীয় কণ্ঠশিল্পী, ফেচন আইকন, ধাৰা প্ৰৱৰ্তক জাহানাৰা কজ্জনক ‘লাৰ্ক অফ হিন্দী চিনেমা’ ‘বিউটিফুল নাইটিংগেল অফ বেংগল স্ক্ৰীণ’ বুলি জনা যায়।
-
কল্যাণী প্ৰিয়দৰ্শন
কল্যাণী প্ৰিয়দৰ্শন (Kalyani Priyadarshan; জন্ম: ৫ এপ্ৰিল ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ মালয়ালম ছবিত অভিনয় কৰে যদিও ইতিমধ্যে কেইবাখনো তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।
-
কাৱেৰী ঝা
কাৱেৰী ঝা এগৰাকী ভাৰতীয় মডেল, চলচ্চিত্ৰ অভিনেত্ৰী আৰু বিমান পৰিচাৰিকা। তেওঁ হিন্দী আৰু তেলুগু ভাষাৰ ছবিত কাম কৰে।