অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীৰু বাজৱা

নীৰু বাজৱা (ইংৰাজী: Neeru Bajwa; জন্ম: ২৬ আগষ্ট ১৯৮০) এগৰাকী কানাডিয়ান অভিনেত্ৰী, পৰিচালিকা আৰু প্ৰযোজিকা, যিয়ে মূলতঃ পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰকে ধৰি ভাৰতীয় চিনেমাৰ সৈতে জড়িত।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ৪৯৯ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নীৰু বাজৱা (ইংৰাজী ভাষা: Neeru Bajwa; জন্ম: ২৬ আগষ্ট ১৯৮০) এগৰাকী কানাডিয়ান অভিনেত্ৰী, পৰিচালিকা আৰু প্ৰযোজিকা, যিয়ে মূলতঃ পঞ্জাবী ভাষা আৰু হিন্দী ভাষা চলচ্চিত্ৰকে ধৰি ভাৰতীয় চিনেমাৰ সৈতে জড়িত। পঞ্জাবী চলচ্চিত্ৰ জগতৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ অন্যতম১২ বাজৱাই ১৯৯৮ চনত দেৱ আনন্দৰ হিন্দী ছবি মেই ছোলহ বৰষ কী-ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত হিন্দী ধাৰাবাহিক তথা পঞ্জাবী ছবিত কাম কৰিবলৈ লয়।৩ বাজৱাই তেতিয়াৰ পৰাই জট এণ্ড জুলিয়েট (২০১২), জট এণ্ড জুলিয়েট ২ (২০১৩), চৰ্দাৰ জী (২০১৫), লং লাচী (২০১৮), ছাদা (২০১৯), কালী জোট্টা (২০২৩) আৰু জট এণ্ড জুলিয়েট ৩ (২০২৪)-ৰ দৰে ব্যৱসায়িকভাৱে সফল পঞ্জাবী ছবিত কাম কৰিছে।

তেওঁ তিনিবাৰকৈ পিটিচি পঞ্জাবী ফিল্ম এৱাৰ্ড বিজয়ী হোৱাৰ লগতে চান্নো কামলী য়াৰ দি (২০১৭) ছবিৰ বাবে প্ৰথম সংস্কৰণৰ ফিল্মফেয়াৰ এৱাৰ্ডছ পঞ্জাবীত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচক বঁটা লাভ কৰিছিল।৪ তেওঁ অলৌকিক থ্ৰিলাৰ ছবি ইট লিভছ ইনচাইড (২০২৩)-ৰ জৰিয়তে হলিউডত আত্মপ্ৰকাশ কৰে।৫

প্ৰাৰম্ভিক জীৱন

১৯৮০ চনৰ ২৬ আগষ্টত৬৭৮ কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেত ভাৰতীয় প্ৰব্ৰজনকাৰী যশৱন্ত বাজৱা আৰু সুৰিন্দৰ বাজৱাৰ কোলাত নীৰু বাজৱাৰ জন্ম হৈছিল।৯ বাজৱাৰ দুগৰাকী ভগ্নী—ৰুবিনা বাজৱা (এগৰাকী অভিনেত্ৰী), চাব্ৰিনা (এগৰাকী কাপোৰৰ ডিজাইনাৰ) আৰু এজন ভাতৃ সুহেইল আছে।১০১১১২ তেওঁৰ তথ্যচিত্ৰ চলচ্চিত্ৰ বলীউড বাউণ্ড-ত বাজৱাই স্বীকাৰ কৰিছে যে তেওঁ হাইস্কুলীয়া শিক্ষা (এল. এ. মেথিছন ছেকেণ্ডাৰী স্কুলৰ পৰা) আধাতে এৰিছিল। পঢ়া-শুনাত তেওঁৰ আগ্ৰহ কম আছিল আৰু তেওঁ বলীউডৰ গ্লেমাৰৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল, যাৰ বাবে তেওঁ নিজৰ সপোন পূৰণ কৰিবলৈ মুম্বাইলৈ গুচি আহিছিল।১৩

কৰ্মজীৱন

বাজৱাই ২০০৫ চনত ডিডি নেচনেলৰ হৰি মিৰ্চী লাল মিৰ্চী-ৰ জৰিয়তে ভাৰতীয় ধাৰাবাহিক জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।১৪ ইয়াৰ পিছত তেওঁ জি টিভিত অস্তিত্ব...এক প্ৰেম কাহিনী, ষ্টাৰ প্লাছত জীত আৰু ষ্টাৰ ৱানত গানছ এণ্ড ৰোজেছ-ত কাম কৰে।১৫

২০১৩ চনৰ জানুৱাৰীত বাজৱাই জিমি শ্বেৰগিল প্ৰডাকচনৰ নিৰ্মিত পঞ্জাবী ছবি ছাদী লাভ ষ্ট'ৰী-ত অভিনয় কৰে। ধীৰাজ ৰতনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত দলজিৎ দোচাঞ্জ, অমৃন্দৰ গিল আৰু সুৰভীন চাওলাইও অভিনয় কৰিছিল। তেওঁ দলজিৎ দোচাঞ্জৰ সৈতে পুনৰ জট এণ্ড জুলিয়েট ২ ছবিত অভিনয় কৰে, যিখন ছবিয়ে পঞ্জাবী চিনেমাৰ পূৰ্বৰ সকলো মুকলি দিনৰ সংগ্ৰহৰ অভিলেখ ভংগ কৰিছিল।১৬ ২০১৩ চনৰ আগষ্ট মাহত তেওঁৰ ছবি নটী জটছ মুক্তি পায়, য’ত তেওঁ বিন্নু ধিলন, আৰ্য বব্বৰ আৰু ৰোচন প্ৰিন্সৰ সৈতে অভিনয় কৰিছিল। ছবিখনে সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল।১৭

২০১৭ চনত বাজৱাই পঞ্জাবী ছবি ছাৰ্গী-ৰ জৰিয়তে পৰিচালিকা হিচাপে আত্মপ্ৰকাশ কৰে। এই ছবিখনত তেওঁৰ ভনী ৰুবিনা বাজৱাই জেছি গিল আৰু বব্বল ৰায়ৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১৮ ২০১৮ চনৰ ছবি লং লাচী-ৰ শীৰ্ষক গীতটোত বাজৱাই অভিনয় কৰিছিল আৰু মন্নত নুৰে কণ্ঠদান কৰিছিল। এই গীতটো ২০১৯ চনৰ ডিচেম্বৰত ইউটিউবত ১০০ কোটি দৰ্শন অতিক্ৰম কৰা প্ৰথমটো ভাৰতীয় গীত হিচাপে পৰিগণিত হয়।১৯২০ ২০২২ চনত বাজৱাই বিউটিফুল বিল্লো ছবিত অভিনয় কৰাৰ লগতে প্ৰযোজনাও কৰিছিল। ২০২৪ চনত বাজৱাই সতিন্দৰ সৰতাজৰ সৈতে শায়ৰ ছবিত কাম কৰিছিল। একে বছৰতে তেওঁ আৰু দোচাঞ্জ অভিনীত ছবি জট এণ্ড জুলিয়েট ৩ বিশ্বজুৰি ১০০ কোটি টকাৰ ব্যৱসায় কৰা দ্ৰুততম পঞ্জাবী ছবি হিচাপে পৰিগণিত হয় আৰু এক নতুন অভিলেখ গঢ়ে।২১২২

২০২১ চনৰ এপ্ৰিল মাহৰ পৰা বাজৱাই পঞ্জাবী অনুষ্ঠান জজবা পৰিচালনা কৰি আছে।২৩ তেওঁৰ 'নীৰু বাজৱা এণ্টাৰটেইনমেণ্ট' নামৰ এটা নিজা প্ৰডাকচন হাউছো আছে।

ব্যক্তিগত জীৱন

বাজৱাই ২০১৫ চনৰ ৮ ফেব্ৰুৱাৰীত হেৰী সিং জাৱান্ধাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।২৪২৫ ২০১৫ চনৰ আগষ্ট মাহত দম্পতীটোৰ প্ৰথম সন্তান (এগৰাকী কন্যা) জন্ম হয়।২৬২৭ ২০২০ চনত বাজৱাই যমজ কন্যা সন্তান জন্ম দিয়ে।২৮

প্ৰযুক্তি উদ্যোগী গুৰবক্স চাহাল তেওঁৰ ভিনিহি।২৯৩০৩১

তথ্যসূত্ৰ

  1. ↑ (26 December 2022). Sonam Bajwa to Neeru Bajwa: The richest Punjabi actresses and their net worth. Amar Ujala
  2. ↑ (31 January 2024). 9 highest-paid actors in Punjabi cinema. DNA India
  3. ↑ Jha, Shefali S. (29 May 2012). If asked to do 'Prince' today, I would not: Neeru Bajwa. The Times of India
  4. ↑ (31 March 2017). Winners – Filmfare Awards Punjabi 2017. Filmfare
  5. ↑ Bergeson, Samantha. (26 April 2023). 'It Lives Inside' Trailer: Neon Gets Demonic with Indian Horror Movie from 'Get Out' Producers. IndieWire
  6. ↑ Kaur, Prabhneet. (26 August 2015). From TV actress to Pollywood diva, happy birthday Neeru Bajwa. Hindustan Times
  7. ↑ Sharma, Aabhas. (21 June 2013). Jatt di film. Business Standard
  8. ↑ Prajapat, Shaitan. (26 August 2019). Happy Birthday: স্কুলৰ পঢ়া-শুনা এৰি এই ভুল কাম কৰিছিল নীৰু বাজৱাই, ধৰা পৰাত হৈছিল বিলৈ অৱস্থা · Birthday Special: Unknown talks about Neeru Bajwa. Rajasthan Patrika
  9. ↑ Ryan, Denise. (4 August 2020). Surrey family's quest for life-saving drug for their baby captures attention of Bollywood star. Vancouver Sun
  10. ↑ (17 June 2021). Neeru and Rubina Bajwa share heartwarming posts recalling their late father. The Times of India
  11. ↑ (26 September 2019). Rubina Bajwa writes a beautiful message on her mother Surinder Bajwa's birthday. The Times of India
  12. ↑ Vashist, Neha. (6 October 2021). Exclusive! Neeru Bajwa's brother Suhail Bajwa to get married on October 12. The Times of India
  13. ↑ Townend, Paul. Bollywood Bound Movie Review. Canadian Independent Film & Television Publishing Association
  14. ↑ Chhabra, Arvind. Simply Punjabi – Neeru Bajwa. India Today
  15. ↑ (24 February 2006). Reality Shows – Just Good Friends. The Telegraph
  16. ↑ Ballewood. Jatt and Juliet 2 smashes Box office. Ballewood.in
  17. ↑ Ballewood. Naughty Jatts – Review. Ballewood.in
  18. ↑ (24 February 2017). Sargi Punjabi Movie Review – Jassi Gill, Babbal Rai, Rubina Bajwa · Plot, Story. All About Movies
  19. ↑ (21 December 2019). 'Laung Laachi' becomes first Indian song to cross 1 billion views on YouTube. ABP Live
  20. ↑ (21 February 2018). Laung Laachi – Title Song (official T-Series upload). YouTube
  21. ↑ (31 December 2024). Pollywood Box Office 2024 – 'Jatt & Juliet 3' tops the chart with ₹107 crore worldwide. The Times of India
  22. ↑ (29 December 2024). Box Office 2024: 'Jatt & Juliet 3' rules with 38.25 crore net in India, 107 crore worldwide. Koimoi
  23. ↑ Sheetal. (12 April 2021). Neeru Bajwa turns host for a new Punjabi show Jazba. Tribune
  24. ↑ (19 October 2018). Neeru Bajwa gives a kiss of love to hubby Harry Jawandha on his birthday. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  25. ↑ Kapoor, Diksha. (9 February 2019). Neeru Bajwa Shares Lovely Pictures From Her Anniversary Trip. PTC Punjabi
  26. ↑ (13 February 2016). Once in a lifetime... Trinuneindia News Service
  27. ↑ Neeru Bajwa posing with her three daughters is certainly the picture of the day - Neeru Bajwa: All those times when the actress gave us some strong family goals. The Times of India
  28. ↑ (11 February 2020). Neeru Bajwa blessed with twin girls Alia and Akira. The Times of India
  29. ↑ Millionaire Moguls. Oprah.com. Harpo Productions
  30. ↑ Gurbaksh Chahal – BBC Programmes. BBC
  31. ↑ Internet star Chahal getting honorary doctorate. SFGate. San Francisco Chronicle

সম্পৰ্কিত শ্ৰেণী

পঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীৰু বাজৱা” প্ৰবন্ধৰ সংশোধন ৬০২৪১৫ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।