অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেছমিন বাজৱা

জেচমিন বাজৱা (Jasmin Bajwa) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰধানকৈ পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰে। বাজৱাই পঞ্জাবী ৱেব ধাৰাবাহিক য়াৰ জিগ্ৰী কাছুতী ডিগ্ৰীত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰে আৰু ছুৰমাত অভিনয়েৰে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ১৫ জুন ২০২৫ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জেচমিন বাজৱা (Jasmin Bajwa) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰধানকৈ পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰে। বাজৱাই পঞ্জাবী ৱেব ধাৰাবাহিক য়াৰ জিগ্ৰী কাছুতী ডিগ্ৰীত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰে আৰু ছুৰমাত অভিনয়েৰে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।১২ তেওঁ শ্বেৰী মানৰ গীত "বাৰ্থডে গিফ্ট"ৰ মিউজিক ভিডিঅʼত অভিনয় কৰিছিল। তেওঁ পঞ্জাবী চলচ্চিত্ৰ দূৰবীণ আৰু গাড্ডী জান্দী এ ছালাংগাঁ মাৰ্দিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

কৰ্মজীৱন

২০১৮ চনৰ ৱেব ধাৰাবাহিক য়াৰ জিগ্ৰী কাছুতী ডিগ্ৰীত অভিনয়েৰে বাজৱাই কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।৩ পিছলৈ তেওঁ হিন্দী ছবি ছুৰমা আৰু মনমৰ্জিয়াঁত অভিনয় কৰিছিল।৪ ২০১৯ চনত তেওঁ পঞ্জাবী ছবি দূৰবীণত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৫

পিছলৈ তেওঁ চুফনা, ফুফ্ফাড় জী, ঘুণ্ড কাড লে নি সোহৰেয়াঁ দা পিণ্ড আ গয়া আদিকে ধৰি আন বহুতো পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰে। ২০২০ চনত শ্বেৰী মানৰ গীত "বাৰ্থডে গিফ্ট"ত অভিনয়েৰে তেওঁ মডেলিং কেৰিয়াৰ আৰম্ভ কৰে।৬

জগদীপ সিদ্ধুৰ পৰিচালনাত নিৰ্মিত পঞ্জাবী ভাষাৰ কমেডী ছবি জাট এণ্ড জুলিয়েট ৩-ত তেওঁ দিলজিৎ দোসাঞ্জ আৰু নীৰু বাজৱাৰ বিপৰীতে পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল। ছবিখন সৰ্বকালৰ ২য় সৰ্বাধিক উপাৰ্জনকাৰী পঞ্জাবী চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।৭ তেওঁ ২০২৫ চনত মুক্তিপ্ৰাপ্ত, পাৰ্মিছ ভাৰ্মা পৰিচালিত, ৱেব ধাৰাবাহিক কান্নেডাত অভিনয় কৰিছিল।৮ এই ৱেব ধাৰাবাহিকখনে জিঅʼহটষ্টাৰ-ত মুক্তি লাভ কৰিছিল।

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামচৰিত্ৰভাষাটোকাতথ্য.
২০১৮ছুৰমামিনাক্ষী সিংহিন্দীপ্ৰথম হিন্দী ছবি
মনমৰ্জিয়াঁকেৰাট৯
২০১৯দূৰবীণসোহনৈপঞ্জাবীপ্ৰথম পঞ্জাবী চলচ্চিত্ৰ১০
২০২০চুফনাতাছৱীৰ
২০২১ফুফ্ফাড জীপালি১১
২০২২খাও পিয়ো আইশ কাৰো
২০২৩ঘুণ্ড কাড লে নি সোহৰেয়াঁ দা পিণ্ড আ গয়াসাঞ্ঝ
গাড্ডী জান্দী এ ছালাংগাঁ মাৰ্দি১২
২০২৪জাট আৰু জুলিয়েট ৩

ৱেব ধাৰাবাহিক

বৰ্ষশিৰোনামচৰিত্ৰভাষাটোকাতথ্য.
২০১৮য়াৰ জিগ্ৰী কাছুতী ডিগ্ৰীডেইজী গেৰেৱালপঞ্জাবী
২০২৫কান্নেডাহাৰলিনহিন্দী১৩

তথ্যসূত্ৰ

  1. ↑ Jasmin Bajwa: Movies, Photos, Videos, News, Biography & Birthday · Times of India. The Times of India
  2. ↑ (2022-01-26). #RepublicDay Special! Jasmin Bajwa recalls being dressed in tricolor and performing at school. The Times of India
  3. ↑ (2024-01-17). When I debuted in Punjabi OTT, audiences didn't even know about web series: Jasmin Bajwa. The Times of India
  4. ↑ (2022-01-23). #BigInterview: Jasmin Bajwa on her initial acting days: I used to observe Taapsee Pannu on sets ‘Manmarziyaan’. The Times of India
  5. ↑ Doorbeen: The Second Lead Pair, Jass Bajwa And Jasmin Bajwa Look Adorable As Ranjit Singh And Sohni · SpotboyE. www.spotboye.com
  6. ↑ Sharry Mann hits the music charts with his latest song ‘Birthday Gift’. The Times of India
  7. ↑ Jatt And Juliet 3 Set To Be Biggest Punjabi Worldwide Grosser Ever - Box Office India. www.boxofficeindia.com
  8. ↑ (2025-03-06). Jasmin Bajwa Reveals How Her Character Is 'Both Mirror And Catalyst' To Parmish Verma's Role In Kanneda - EXCL. Times Now
  9. ↑ (2022-01-23). #BigInterview: Jasmin Bajwa on her initial acting days: I used to observe Taapsee Pannu on sets 'Manmarziyaan'. The Times of India
  10. ↑ (2019-09-11). Doorbeen: After Ninja and Wamiqa Gabbi, here are the character poster of Jass Bajwa and Jasmin Bajwa. The Times of India
  11. ↑ Fuffad Ji release date: When and where to watch the Punjabi period drama film. OTTPlay
  12. ↑ (2023-09-29). Gaddi Jaandi Ae Chalaangaan Maardi movie review: A run-of-the-mill situational comedy that works in parts. The Indian Express
  13. ↑ (18 February 2025). Parmish Verma-starrer high-stakes thriller 'Kanneda' to premiere on JioHotstar in March. dtnext

সম্পৰ্কিত শ্ৰেণী

পাঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেছমিন বাজৱা” প্ৰবন্ধৰ সংশোধন ৫১৮২৭৪ (১৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।