ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
নোৰা ফটেহী
নোৰা ফটেহী ( Nora Fatehi) (জন্ম: ৬ ফেব্ৰুৱাৰী ১৯৯২) ভাৰতত বাস কৰা এগৰাকী কানাডিয়ান নৃত্যশিল্পী আৰু অভিনেত্ৰী। তেওঁ হিন্দী, তেলেগু আৰু মালয়ালম ছবিত অভিনয় কৰিছে। ফটেহীয়ে হিন্দী ছবি ৰ'ৰ: টাইগাৰছ অৱ দ্য সুন্দৰবনছৰ যোগেদি ছবি অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
পত্ৰলেখা পাল
পত্ৰলেখা মিশ্ৰ পাল (Patralekha Mishra Paul) (জন্ম ২০ ফেব্ৰুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ হানছাল মেহটাৰ দ্বাৰা পৰিচালিত হিন্দী চলচ্চিত্ৰ ’চিটি লাইটছ’ত ৰাজকুমাৰ ৰাওৰ বিপৰীতে অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলে। এই চলচ্চিত্ৰখনে ব্যৱসায়িক সফলতা আৰু সমালোচকৰ প্ৰশংসাও লাভ কৰে।
-
পাঞ্চালী গুপ্তা
পাঞ্চালী গুপ্তা (Panchali Gupta) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ বহুকেইখন অসমীয়া আৰু হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। বাতৰি কাকতৰ স্তম্ভলেখক হোৱাৰ উপৰিও তেওঁ এগৰাকী স্ব-নিয়োজিত ৱৰড্ৰ’ব কনচাল্টেণ্ট।
-
পূজা বেদী
পূজা বেদী (ইংৰাজী: Pooja Bedi; জন্ম: ১১ মে' ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, দূৰদৰ্শনৰ টক শ্ব' হোষ্ট আৰু বাতৰি কাকতৰ স্তম্ভলেখক। তেওঁ ভাৰতীয় অভিনেতা কবীৰ বেদী আৰু প্ৰতিমা বেদীৰ কন্যা।
-
পেচেন্চ কুপাৰ
পেচেন্চ কুপাৰ (Patience Cooper; ১৯০৫–১৯৯৩) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। কলকাতাৰ ইংগ-ভাৰতীয় সম্প্ৰদায়ৰ কুপাৰে নিৰ্বাক আৰু সবাক দুয়োবিধ চলচ্চিত্ৰতে সফলতাৰে অভিনয় কৰি গৈছে। তেওঁ বলীউডৰ প্ৰথমাৱস্থাৰ এগৰাকী তাৰকা শিল্পী আছিল।
-
প্ৰতিভা ৰান্তা
প্ৰতিভা ৰান্তা (Pratibha Ranta; জন্ম: ১৭ ডিচেম্বৰ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰে। টেলিভিছন ধাৰাবাহিক কুৰবান হুৱা (২০২০-২০২১)ৰ জৰিয়তে ৰান্তাই অভিনয় জগতত আত্মপ্ৰকাশ কৰে।
-
প্ৰিয়ামণি
প্ৰিয়া বাসুদেব মণি আয়াৰ (Priya Vasudev Mani Iyer, জন্ম ৪ জুন ১৯৮৪) প্ৰিয়ামণি হিচাবে পৰিচিত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী গৰাকী প্ৰাক্তন মডেল, তেওঁ তেলুগু, কন্নড়, তামিল, মালায়ালাম আৰু হিন্দী ভাষাৰ ছবিত কাম কৰিছে।
-
ফিয়েৰলেচ নাদিয়া
মেৰী এন ইভান্স বা জনপ্ৰিয়ভাবে ফিয়েৰলেচ নাদিয়া (Mary Ann Evans বা Fearless Nadia; ৮ জানুৱাৰী ১৯০৮ - ৯ জানুৱাৰী ১৯৯৬) এগৰাকী অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন। তেওঁৰ মঞ্চ নাম 'ফিয়েৰলেচ নাদিয়া' বা 'নিৰ্ভীক নাদিয়া'ৰ দ্বাৰা জনাজাত আছিল।
-
ববিতা
ববিতা শিৱদাসনী কাপুৰ( Babita), জন্ম ২০ এপ্ৰিল ১৯৪৭, যাক ববিতা বুলিও জনা যায়,[1] এগৰাকী হিন্দী চলচ্চিত্ৰৰ অৱসৰপ্ৰাপ্ত অভিনেত্ৰী। তেওঁ অভিনেতা হৰি শিৱদাসনীৰ কন্যা আৰু সেই সময়ৰ অভিনেত্ৰী সাধনা শিৱদাসনীৰ ভতিজী।
-
বাণী কাপুৰ
বাণী কাপুৰ(Vaani Kapoor; জন্ম: ২৩ আগষ্ট ১৯৮৮) হিন্দী চলচ্চিত্ৰত অভিনয়ৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ৰোমাণ্টিক কমেডী ছবি ‘শুদ্ধ দেশী ৰোমাঞ্চ’ৰ জৰিয়তে বানীয়ে অভিনয় জীৱনত অভিষেক ঘটায়, যিখন ছবিয়ে সমালোচনাত্মক আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰে আৰু ‘শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশৰ বাবে…
-
বৰ্ষা প্ৰিয়দৰ্শিনী
বৰ্ষা প্ৰিয়দৰ্শিনী (জন্ম ৭ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ ওড়িয়া চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ বাংলা চলচ্চিত্ৰতো কাম কৰিছে। তেওঁ তেওঁৰ সমাজসেৱামূলক প্ৰতিষ্ঠান সন্মানিতাৰ জৰিয়তে দৰিদ্ৰ শিশুসকলৰ শিক্ষাৰ লগতে মহিলাৰ ক্ষমতায়নৰ ক্ষেত্ৰত কাম কৰে।
-
ভাগ্যশ্ৰী
ভাগ্যশ্ৰী পটৱৰ্ধন (भाग्यश्री पटवर्धन; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৬৯) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী। তেখেতে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। হিন্দী ছবিৰ জগত আৰু টেলিভিছনৰ জগতত ভাগ্যশ্ৰী এক সুপৰিচিত আৰু প্ৰতিষ্ঠিত নাম।
-
ভানুপ্ৰিয়া
মাংগাভানু (Mangabhanu; জন্ম: ১৫ জানুৱাৰী ১৯৬৭)-ৰ জনপ্ৰিয় নাম হৈছে ভানুপ্ৰিয়া। তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী, কুচিপুড়ি নৃত্য পটিয়সী আৰু ভয়ছ আৰ্টিষ্ট। তেখেতে তেলুগু, তামিল, মালয়ালম, কন্নড় আৰু হিন্দী ছবিত অভিনয় কৰিছে।
-
মনিষা উন্নি
মনিষা উন্নি (Monisha Unni; ২৪ জানুৱাৰী ১৯৭১ – ৫ ডিচেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁক বিশেষকৈ মালয়ালম ছবিলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। মাত্ৰ পোন্ধৰ বছৰ বয়সতে তেওঁ 'নখক্ষথঙ্গল' (Nakhakshathangal; ১৯৮৬) ছবি যোগে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
মমিতা বৈজু
মমিতা বৈজু এগৰাকী ভাৰতীয় অভিনেত্ৰী। তাই মূলতঃ মালয়ালম ছবিত অভিনয় কৰে৷ ২০১৭ চনৰ ছবি সৰ্বোপৰি পলাক্কাৰণৰ জৰিয়তে চলচ্চিত্ৰ জগতত তাইৰ অভিষেক ঘটে৷ অপাৰেচন জাভা (২০২১)ত আলফনছা, খো-খো (২০২১)ত অঞ্জু, ছুপাৰ শৰণ্যা (২০২২)ত ছ'না, প্ৰাণয়া বিলাসম (২০২৩)ত গোপিকা আদি বিভিন্ন ছবিৰ বিভিন্ন চৰিত্ৰত তাই অভিনয়…
-
মাঞ্জাম্মা জগতী
মাঞ্জাম্মা জগতী (Manjamma Jogathi, জন্ম: মঞ্জুনাথ ছেট্টি, ১৮ এপ্ৰিল ১৯৬৪) এগৰাকী ভাৰতীয় নৃত্যশিল্পী, কণ্ঠশিল্পী, থিয়েটাৰ অভিনেত্ৰী আৰু সক্ৰিয় কৰ্মী। তেওঁ পশ্চিম কৰ্ণাটকৰ 'জগতী নৃত্য' নামৰ লোকনৃত্যৰ পাৰদৰ্শী।
-
মাধৱী মুখাৰ্জী
মাধৱী মুখাৰ্জী (Madhabi Mukherjee, জন্ম: ১০ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী ছবি 'দিবৰাত্ৰিৰ কাব্য'ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
মৌনী ৰায়
মৌনী ৰায় (ইংৰাজী: Mouni Roy; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৫) — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছন আৰু চলচ্চিত্ৰত কাম কৰে। ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা টেলিভিছন অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ৰায় নাগিন (২০১৫–২০১৬) আৰু ইয়াৰ পৰৱৰ্তী ধাৰাবাহিক নাগিন ২ (২০১৬–২০১৭)ত এজনী ইচ্ছাৰূপী নাগিনীৰ…
-
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী (Laxmi Narayan Tripathi, জন্ম: ১৩ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ আৰু হিজৰা অধিকাৰ কৰ্মী, বলিউড অভিনেত্ৰী, ভাৰতনাট্যম নৃত্যশিল্পী, কোৰিঅ'গ্ৰাফাৰ আৰু প্ৰেৰণামূলক বক্তা। তেওঁ কিন্নৰ আখাড়াৰ আচাৰ্য মহামণ্ডলেশ্বৰ।
-
শিবানী দাণ্ডেকাৰ
শিবানী দাণ্ডেকাৰ-আখটাৰ (জন্ম- ২৭ আগষ্ট ১৯৮০) হৈছে এগৰাকী ভাৰতীয়-অষ্টেলিয়ান গায়িকা, অভিনেত্ৰী, ঘোষিকা, আৰু মডেল৷ আমেৰিকান টেলিভিছনত এগৰাকী ঘোষিকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি শিবানীয়ে পৰৱৰ্তী সময়ত ভাৰতলৈ ঘূৰি আহে আৰু হিন্দী টেলিভিছন জগতৰ বহুকেইটা অনুষ্ঠানত পৰিৱেশিকাৰ ভূমিকা পালন কৰে৷…
-
শিল্পা শুক্লা
শিল্পা শুক্লা (Shilpa Shukla) হৈছে ভাৰতৰ এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আৰু থিয়েটাৰ শিল্পী৷ তেওঁ ২০০৭ চনত মুক্তিপ্ৰাপ্ত ক্ৰীড়াভিত্তিক ড্ৰামা ছবি চক দে ইণ্ডিয়াত অভিনয় কৰি চৰ্চালৈ আহিছিল৷ ২০১৩ চনত তেওঁ নিঅ'-নয়ৰ চলচ্চিত্ৰ বি.এ.
-
শুভশ্ৰী গাংগুলী
শুভশ্ৰী গাংগুলী (বাংলা: শুভশ্ৰী গঙ্গোপাধ্যায়; জন্ম: ৩ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত বাংলা চলচ্চিত্ৰত কাম কৰে। বাংলা চলচ্চিত্ৰৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা আৰু আগশাৰীৰ অভিনেত্ৰী গাংগুলীয়ে ২০০৮ চনত ওড়িয়া কমেডি-ড্ৰামা ছবি মতে তো লভ হেলাৰেৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু তাৰ…
-
শোভা (অভিনেত্ৰী)
মহালক্ষ্মী মেনন ( Mahalakshmi Menon; ২৩ চেপ্তেম্বৰ ১৯৬২- ১ মে ১৯৮০) তামিল আৰু মালয়ালম ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ জনপ্ৰিয় বৃত্তিগত নাম আছিল শোভা। মাত্ৰ ১৭ বছৰ বয়সতে তামিল ভাষাৰ ‘পাচি’ (১৯৭৯) ছবিৰে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল।
-
শ্বেতা ত্ৰিপাঠী
শ্বেতা ত্ৰিপাঠী (জন্ম-৭ জুলাই ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ প্ৰডাকচন সহকাৰী আৰু সহযোগী পৰিচালিকা হিচাপে তেখেতে ছবিজগতত নিজৰ কেৰিয়াৰৰ পাতনি মেলে৷ কিন্তু হিন্দী কথাছবি আৰু ৱেব চিৰিজত অভিনয়ৰ জৰিয়তেহে শ্বেতাই প্ৰশংসা আৰু সমাদৰ লাভ কৰে৷ তেখেতৰ উল্লেখনীয় কৰ্ম হৈছে মাছান (২০১৫) আৰু হাৰামখোৰ…
-
শৰ্ৱৰী
শৰ্ৱৰী ৱাঘ (Sharvari Wagh; জন্ম: ১৪ জুন ১৯৯৭) শৰ্ৱৰী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১৫ চনত লাভ ৰঞ্জন আৰু সঞ্জয় লীলা ভণশালীৰ সহকাৰী পৰিচালক হিচাপে তেওঁ নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।
-
সবিতা দেৱী
সবিতা দেৱী (Sabita Devi; ১৯১৪-৬৫) সবিতা দেৱী এগৰাকী নিৰ্বাক চলচ্চিত্ৰ যুগৰ তথা হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। মেহতাব, বিব্বো, দুৰ্গা খোটে, গোহৰ, দেৱিকা ৰাণী আৰু সীতা দেৱীৰ সৈতে তেওঁক ভাৰতীয় চিনেমাৰ "প্ৰাৰম্ভিক যুগ"ৰ অন্যতম "বিশিষ্ট" আগশাৰীৰ মহিলা বুলি কোৱা হয়। জন্মসূত্ৰে তেওঁ এগৰাকী ইহুদী আছিল।
-
সাগৰিকা ঘাটগে
সাগৰিকা ঘাটগে খান (Sagarika Ghatge Khan, জন্ম-৮ জানুৱাৰী ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ তেওঁ প্ৰধানকৈ হিন্দী ছবিত কাম কৰে। 'চক দে ইণ্ডিয়া' নামৰ চলচ্চিত্ৰখনত প্ৰীতি ছব্ৰৱাল নামৰ চৰিত্ৰটিৰ বাবে তেওঁ জনাজাত৷ ২০১৫ চনত তেওঁ ফিয়েৰ ফেক্টৰ-খতৰো কে খিলাড়ী ৬ত অংশগ্ৰহণ কৰি চূড়ান্ত…
-
সুচিত্ৰা পিল্লাই
সুচিত্ৰা পিল্লাই (Suchitra Pillai; জন্ম: ২৭ আগষ্টত ১৯৭০) হৈছে এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, মডেল, অভিযন্তা আৰু ধাৰাভাষ্যকাৰ।
-
সুধা চন্দ্ৰন
সুধা চন্দ্ৰন এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁৰ জন্ম হৈছিল চেন্নাইৰ এটা পৰিয়ালত। ১৯৮১ চনত তেওঁ মুম্বাইৰ মিঠিভাই কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এগৰাকী প্ৰতিভাৱান ছাত্ৰীৰুপে জনা গৈছিল।
-
সুলভা দেশপাণ্ডে
সুলভা দেশপাণ্ডে ( Sulabha Deshpande; ১৯৩৭ – ৪ জুন ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নাট পৰিচালক আছিল। মুম্বাইৰ মাৰাঠী আৰু হিন্দী থিয়েটাৰৰ উপৰিও ৭৩খনতকৈও অধিক মূলসুঁতিৰ বলীউডৰ ছবিত অভিনয় কৰিছে।