অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতা (অভিনেত্ৰী)

গীতা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মালয়ালম, তামিল, কানাড়া, তেলেগু আৰু হিন্দী ছবিত অভিনয় কৰিছে। তামিল ছবি বৈৰৱীত তেওঁ অভিনেতা ৰজনীকান্তৰ ভগ্নী হিচাপে অভিনয় জীৱনত আত্মপ্ৰকাশ কৰে। তাৰ পিছৰ পৰা তেওঁ দক্ষিণ ভাৰতৰ সকলো প্ৰধান ভাষাৰ ২০০ৰো অধিক ছবিত অভিনয় কৰিছে আৰু কেইখনমান হিন্দী ছবিত অভিনয় কৰিছে।

হালনাগাদ: ২৮ এপ্ৰিল ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গীতা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মালয়ালম, তামিল, কানাড়া, তেলেগু আৰু হিন্দী ছবিত অভিনয় কৰিছে। তামিল ছবি বৈৰৱীত তেওঁ অভিনেতা ৰজনীকান্তৰ ভগ্নী হিচাপে অভিনয় জীৱনত আত্মপ্ৰকাশ কৰে। তাৰ পিছৰ পৰা তেওঁ দক্ষিণ ভাৰতৰ সকলো প্ৰধান ভাষাৰ ২০০ৰো অধিক ছবিত অভিনয় কৰিছে আৰু কেইখনমান হিন্দী ছবিত অভিনয় কৰিছে।১ দক্ষিণ ভাৰতীয় টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰে। গীতাই দুটাকৈ দক্ষিণ ফিল্মফেয়াৰ বঁটা আৰু কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।২

কৰ্মজীৱন

গীতাই ১৯৭৮ চনৰ তামিল ছবি বৈৰৱীৰ জৰিয়তে নাম ভূমিকাত অভিনয় কৰি চলচ্চিত্ৰত প্ৰৱেশ কৰিছিল; তাত তেওঁ ৰাজনীকান্তৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়তে তেওঁক সেই ছবিখনৰ বাবে নিৰ্বাচিত কৰা হৈছিল।৩ পিছত চিনেমা কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ তেওঁ পঢ়া-শুনা বন্ধ কৰি দিয়ে।৪ এজন নক্সাল বিপ্লৱী কে অজিতাৰ জীৱনৰ ওপৰত আধাৰিত ১৯৮৬ চনৰ মালয়ালম ছবি পাঞ্চাগ্নিত ইন্দিৰাৰ চৰিত্ৰত কৰা অভিনয়ক৫ “দ্যা হিন্দু’’ কাকতত উচ্চ প্ৰশংসিত হৈছিল আৰু "মালয়ালম চিনেমাৰ অন্যতম উল্লেখযোগ্য নায়িকা" বুলি বৰ্ণনা কৰা হৈছিল৷৩ সেই বছৰতে তেওঁৰ আৰু অধিক মালয়ালম মুক্তি হৈছিল; যেনে, সুখামো দেৱী, ক্ষমিচু এননোৰু ভাক্কু, আৱনাজী, গীথাম (চলচ্চিত্ৰ ) আদিয়ে তেওঁক মালয়ালম চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী কৰি তুলিছিল৷৩ ১৯৮৯ চনত অৰু বড়ক্কান বীৰগাথাৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাজ্যিক বঁটা লাভ কৰে।৩ তেওঁৰ উল্লেখযোগ্য অভিনয়ৰ অধিকাংশই মামুটি আৰু মোহনলালৰ সৈতে আছিল।

তেওঁ কেইখনমান উল্লেখযোগ্য কানাড়া চিনেমা ৰাজকুমাৰ, অনন্ত নাগ, বিষ্ণুবৰ্ধন আৰু অম্বৰীশৰ সৈতে কৰিছিল। তেওঁৰ কিছুমান উল্লেখযোগ্য চিনেমা হ’ল ধ্ৰুৱ থাৰে, দেৱতা মনুষ্য, অনুৰাগ আৰালিথু, শ্ৰুতি চেৰিদাগা আৰু ৰাজকুমাৰৰ সৈতে আকাস্মিকা। আন আন ছবিসমূহ হ’ল এৰাদু ৰেখেগালু, মাৰেয়াদা মাণিক্য, মৃগালয়া, বীৰাধি বীৰা, মিথিলেয়া সীথায়ৰু, নেনাপিনা দোনি, বৈৰৱী, শিৱ মেচ্চিদা, গিৰি বালে, ৰমন্না শমন্না, গুণ্ডা গুৰু, নিগুদা ৰহস্যা, ৰামপুৰাদা ৰাভা, প্ৰচন্দ কুল্লা, হ্ৰুদয়া পল্লৱী, দাদা, আৰাধনে, শাবৰীমালে স্বামী অয়্যাপ্পা আৰু অৰুণা ৰাগা। অম্বৰীশৰ সৈতে এক সফল ৰোমান্টিক যুটি গঠন কৰে আৰু তেওঁৰ সৈতে পোন্ধৰখনতকৈও অধিক চিনেমাত অভিনয় কৰে।

গীতাই কে বালাচন্দৰৰ পৰিচালনাত কাই আলাভু মনছু আৰু এংগিৰিন্ধো ভানথালৰ দৰে তামিল ধাৰাবাহিকতো অভিনয় কৰিছিল। তামিল ধাৰাবাহিক যেনে কথা কথায়াম কৰণামাম আৰু শেহতীয়াকৈ ৰজাকুমাৰীত অভিনয় কৰিছিল, য’ত তেওঁ ছান টিভিত প্ৰচাৰিত ৰম্য কৃষ্ণনৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।

কে বিশ্বনাথৰ সাগৰ সংগমমত ‘ভে ভেলা গোপেমমালা’ গীতটোৰ বাবে কমল হাছানৰ নৃত্য সংগী হিচাপে সহযোগ কৰিছিল।

ব্যক্তিগত জীৱন

১৯৯৭ চনত তেওঁ আমেৰিকাৰ চিপিএ আৰু ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট ৱাছান থাট্টামৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই দম্পতীহালে নিউ জাৰ্চিত থাকে, য’ত ৱাছান এজন ব্যৱসায়িক প্ৰচাৰক আৰু নিগমৰ উপদেষ্টা। এই দম্পতীহালৰ এজন পুত্ৰ আছে যাৰ জন্ম হৈছিল ১৯৯৯ চনত।৬

বিবাহৰ পিছত ১৯৯৮ চনৰ পৰা ২০০২ চনলৈকে অভিনয়ৰ পৰা বিৰতি লয়। ২০০৩ চনত অভিনয়ৰ ক্ষেত্ৰলৈ ঘূৰি আহে আৰু নুভভোস্তানেণ্টে নেনোদ্দান্তনা, অক্কাডু, পৌৰ্ণামী, উনাক্কুম এনাকুম, সন্তোষ সুব্ৰমণিয়াম, আজগিয়া তামিল মগান আৰু মাষ্টাৰছ আদি ছবিত নায়কৰ মাতৃৰ দৰে চৰিত্ৰত অভিনয় কৰি আছে।

তথ্যসূত্ৰ

  1. ↑ (18 May 2005). Geetha is to play Vijay's mother. IndiaGlitz
  2. ↑ M., Athira. (26 November 2015). Playing women of substance. দ্য হিন্দু
  3. ↑ Kumar, P. K. Ajith. (3 October 2013). Evergreen Acts. The Hindu
  4. ↑ എന്റെ സിനിമകള് ഭര്ത്താവ്‌ കാണാറില്ല. mangalam.com
  5. ↑ Manorama Online Latest Malayalam News. Breaking News Events. News Updates from Kerala India. manoramaonline.com
  6. ↑ Geetha back to Kannada films. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৬০৩৩১৮ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।