তানিয়া (Tania; জন্ম: ৬ মে' ১৯৯৩)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পঞ্জাবী চলচ্চিত্ৰত কৰা কামৰ বাবে বেছিকৈ পৰিচিত। তেওঁ দুটা ব্ৰিটিছ এছিয়া টিভি বঁটাৰ বাবে মনোনীত হৈছিল আৰু কিছমত (২০১৮) ছবিত অভিনয় কৰাৰ বাবে "শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী"ৰ বঁটা লাভ কৰিছিল।২
প্ৰাৰম্ভিক জীৱন
১৯৯৩ চনৰ ৬ মে' তাৰিখে ভাৰতৰ ঝাৰখণ্ডৰ জামছেদপুৰত তানিয়াই জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ পঞ্জাবৰ আছিল। তেওঁ অমৃতসৰত ডাঙৰ-দীঘল হৈছিল।৩ তেওঁৰ ভনীয়েকৰ নাম তামান্না।৪ গুৰু নানক দেৱ বিশ্ববিদ্যালয় আৰু অমৃতসৰৰ বিবিকে ডিএভি কলেজ ফৰ উইমেনত অধ্যয়ন কৰি থকা কালতে তেওঁ ২০১২ চনৰ পৰা ২০১৬ চনলৈকে প্ৰতি বছৰে "বছৰৰ শ্ৰেষ্ঠ অভিনেতা" বঁটা লাভ কৰে।৫ তেওঁ ইণ্টেৰিয়ৰ ডিজাইনিং আৰু প্ৰজেক্ট মেনেজমেণ্টত ডিগ্ৰী লাভ কৰিছে।৩ তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অংশগ্ৰহণকাৰীও।
অভিনয় জীৱন
২০১৬ চনৰ বলীউড ছবি সৰবজিতৰ বাবে সৰবজিতৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত হৈছিল যদিও চিত্ৰগ্ৰহণৰ সময়সূচী চূড়ান্ত পৰীক্ষাৰ সৈতে একে সময়তে হোৱাৰ বাবে তেওঁ এই চৰিত্ৰটো ত্যাগ কৰিবলগীয়া হৈছিল। তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰ আছিল ছন অৱ মঞ্জিত সিং নামৰ ছবিত যদিও সেই ছবিখন কিছমতৰ পিছতহে মুক্তি পাইছিল।৩ ছুফনা ছবিত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
চলচ্চিত্ৰপুঞ্জী
| +চাবি | এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজায় |
| বৰ্ষ | চলচ্চিত্ৰ | ভূমিকা | টোকা |
|---|---|---|---|
| ২০১৮ | কিছমত | অমন | প্ৰথম চলচ্চিত্ৰ |
| চন অফ মঞ্জিত সিং | ছিমৰন | ||
| ২০১৯ | গুড্ডিয়াঁ পাটোলে | নিকোল | |
| ৰব্ব দা ৰেডিঅ' ২ | ৰাজী | ||
| ২০২০ | চুফনা | টেগ | মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ |
| ২০২১ | কিছমত ২ | মাজাজ কৌৰ | ৬ |
| ২০২২ | লেখ | ৰোনাক | গুৰনাম ভুল্লাৰৰ সৈতে |
| বাজৰে দা সীতা | ৰূপ | ৭ | |
| ওয়ে মাখনা | ৰিম্পল | এমি ভিৰ্কৰ সৈতে | |
| ২০২৩ | মিত্ৰাঁ দা না চলদা | বাইণ্ডাৰ | গিপ্পি গ্ৰেৱালৰ সৈতে৮ |
| গডডে গডডে চা | হৰসিমৰণ কৌৰ "নিকো" | ||
| ২০২৫ | ইলটি | জগজীত সন্ধুৰ সৈতে | |
| মিথদে | লক্ষ দুলেহ আৰু ৰূপী গিলৰ সৈতে |
মিউজিক ভিডিঅ'
| শিৰোনাম | বৰ্ষ | শিল্পী(সকল) | ভিডিঅ' পৰিচালক | লেবেল | টোকা |
|---|---|---|---|---|---|
| "তেৰী মেৰী লড়াই" | ২০২০ | মনিন্দৰ বুট্টাৰ | ৰাহুল চাহাল | হোয়াইট হিল মিউজিক | |
| ইউ এণ্ড মি | গিপ্পি গ্ৰেৱাল | বলজিৎ সিং দেও | টি-ছিৰিজ | ||
| "ক্যা বাত আ" | কৰণ ঔজলা | সুখ সংঘেৰা | ৰেহান ৰেকৰ্ডছ | ||
| "তেৰি জাট্টি" | ২০২২ | এমি ভিৰ্ক | মাহী সন্ধু | বুৰ্ফি মিউজিক | |
| "জা তেৰে বিনা" | হেপ্পী ৰাইকোটি | দিলশ্বেৰ সিং, খুছপাল সিং | হোয়াইট হিল মিউজিক |
বঁটা আৰু মনোনয়ন
| বৰ্ষ | চলচ্চিত্ৰ | বঁটা প্ৰদান অনুষ্ঠান | শিতান | ফলাফল |
|---|---|---|---|---|
| ২০১৯ | কিছমত | ব্ৰিট এছিয়া টিভি বঁটা | শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী | |
| শ্ৰেষ্ঠ আত্মপ্ৰকাশৰ অভিনয়২ |
তথ্যসূত্ৰ
- ↑ (6 May 2021). Happy Birthday Tania: 5 times when the actress won our hearts. The Times of India
- ↑ Das, Kristina. (2 April 2019). BritAsia TV Punjabi Film Awards 2019: Gippy Grewal and Sonam Bajwa win big, winners list out!. spotboye.com
- ↑ (6 March 2019). After declining a Bollywood offer, here's how Tania managed to bag Punjabi films!. in.com
- ↑ (11 April 2019). National Siblings Day 2019: Tania calls her sister Tamanna her partner in crime. The Times of India
- ↑ (23 September 2018). Fresh Face, Big dreams. The Tribune
- ↑ Ammy Virk and Sargun Mehta starrer 'Qismat 2' goes on the floor - Times of India. The Times of India
- ↑ Bajre Da Sitta: Ammy Virk and Tania kick start the shoot of their new movie - Times of India. The Times of India
- ↑ (21 January 2023). Gippy Grewal changed the name of the film 'Uchiyan Ne Gallan Tere Yaar Diyan', announced the release date with the new title 'Mitran Da Naa Chalda'. Punjab Pro TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তানিয়া (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৭২৬৬৯ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।