অসমীয়া সাহিত্যিক
২৫১ প্ৰবন্ধ
-
নাহেন্দ্ৰ পাদুন
নাহেন্দ্ৰ পাদুন (ইংৰাজী: Nahendra Padun): অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, ভাষাতত্ত্ববিদ আৰু সমালোচক। তেখেতে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ লগতে মিচিং ভাষা, সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰত অৰিহণা যোগাইছে।
-
নিধি লেভি ফাৰৱেল
নিধি লেভি ফাৰৱেল বা নিধি লিবাই ফাৰৱেল (১৮২৭-১৮৭৩) এজন অৰুণোদই যুগৰ লেখক। তেওঁৰ প্ৰকৃত নাম নিধিৰাম কেওট। তেওঁ ১৮২৭ চনত গহপুৰত জন্মগ্ৰহণ কৰিছিল। ১৮৪১ চনত খ্ৰীষ্টান ধৰ্মত দীক্ষা লোৱাৰ পাছত তেওঁ নামটো সলাই নিধি লেভি ফাৰৱেল কৰে। নিধি লেভি ফাৰৱেলেই প্ৰথম অসমীয়া খ্ৰীষ্টান।
-
নিৰুপমা মহন্ত
নিৰুপমা মহন্ত এগৰাকী সত্ৰীয়া সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক, শিশু সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ সত্ৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিচিত আৰু শিৱসাগৰৰ বৰ খাটপাৰ সত্ৰৰ সৈতে তেওঁ বিশেষভাৱে জড়িত।
-
নীলিমা দত্ত
নীলিমা দত্ত (১৯২৫–২০০২) এগৰাকী প্ৰখ্যাত অসমীয়া কবি, ঔপন্যাসিক, অনুবাদক, নিবন্ধকাৰ আৰু শিশু সাহিত্যিক আছিল। তেওঁ সন্দিকৈ মহাবিদ্যালয় আৰু গুৱাহাটী মহাবিদ্যালয়ত দৰ্শন বিষয়ৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।
-
পাৰ্থবিজয় দত্ত
পাৰ্থবিজয় দত্ত (Parthabijay Dutta, ১০ অক্টোবৰ, ১৯৮৩-৭ ফেব্ৰুৱাৰী, ২০১৯) অসমৰ এগৰাকী যুক্তিবাদী লেখক, গল্পকাৰ, কবি, প্ৰবন্ধকাৰ, শিশু সাহিত্যিক, আৰু আৰক্ষী বিষয়া। তেখেতে 'মৌচাক' আলোচনীৰ যোগেদি শিশুসকলৰ মাজত পৰিচিতি লাভ কৰিছিল।
-
পূৰ্ণচন্দ্ৰ গোস্বামী
পূৰ্ণচন্দ্ৰ গোস্বামী অসমৰ এজন শিশু সাহিত্যিক, স্বাধীনতা সংগ্ৰামী, সমাজসেৱক, প্ৰকাশক, মুদ্ৰক আৰু সত্ৰাধিকাৰ। যোৰহাট জিলাৰ অন্তৰ্গত বৰবামচুঙীৰ ধলৰসত্ৰত ১৯১১ চনৰ ১৩ এপ্ৰিল তাৰিখে পূৰ্ণচন্দ্ৰ গোস্বামীৰ জন্ম হয়। গোস্বামীয়ে চৈধ্যখন শিশু-গ্ৰন্থ লিখি অসমীয়া শিশু সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে।
-
প্ৰণৱ কুমাৰ বৰ্মন
প্ৰণৱ কুমাৰ বৰ্মন অসমৰ এগৰাকী সমকালীন অসমীয়া কবি আৰু সাহিত্যিক। আধুনিক অসমীয়া কবিতাত ভাষা, অনুভৱ, প্ৰেম, সমাজ আৰু মানৱীয় চিন্তাধাৰাক কেন্দ্ৰ কৰি তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।
-
প্ৰতাপচন্দ্ৰ চৌধুৰী
প্ৰতাপচন্দ্ৰ চৌধুৰী (Pratap Chandra Choudhury) এগৰাকী অসমীয়া ইতিহাসবিদ আৰু শিক্ষাবিদ।
-
প্ৰফুল্ল কটকী
প্ৰফুল্ল কটকী (জন্ম: ১৯৩৪ – ২০১৮) একাধাৰে সমালোচক, অনুবাদক, অধ্যাপক, গৱেষক আছিল। অসমীয়া অনুবাদ সাহিত্যত তেওঁৰ অৱদান যথেষ্ট। তেওঁ ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰু তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে।
-
প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য
প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য (জন্ম:১৯২৫-২০১৮ ) ( Pramud chandra Bhattacharya) তেখেতে একাধাৰে গৱেষক, ভাষাবিদ, কবি, অভিধানপ্ৰণেতা আছিল। অসমত ভাষাতত্ত্ব-চৰ্চালৈ তেখেতৰ অৱদান উল্লেখযোগ্য।
-
প্ৰহ্লাদ চন্দ্ৰ তাছা
প্ৰহ্লাদ চন্দ্ৰ তাছা (জন্ম: ২৬ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় লিখক আৰু শিক্ষাবিদ। শিক্ষা বিষয়ক ৰচনাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ ২০১৭ চনলৈ অসম সাহিত্য সভাৰ উপসভাপতি আছিল। ইয়াৰ আগতে তেওঁ অসম সাহিত্য সভাৰ সম্পাদক হিচাপে নিয়োজিত আছিল।
-
বদন বৰুৱা
বদন বৰুৱা একাধাৰে সাহিত্যিক, সাংবাদিক আছিল। তেখেতে মুম্বাইত সাংবাদিকতাৰ ডিপ্লোমা গ্ৰহণ কৰি আহি অসমৰ সংবাদ জগতখনক বিভিন্ন প্ৰকাৰে সমৃদ্ধ কৰিছিল। অসমৰ ভিতৰতে সৰ্বপ্ৰথম তেখেতৰ নামতেই বাতৰি কাকতত প্ৰকাশিত প্ৰথমটো একক বাতৰি প্ৰকাশ হৈছিল।
-
বসন্ত কুমাৰ ভট্টাচাৰ্য
ড° বসন্ত কুমাৰ ভট্টাচাৰ্য ( Dr Basanta Kumar Bhattacharyya) ৰ জন্ম হয় ১ ফেব্ৰুৱাৰী, ১৯৪২ তাৰিখে। তেওঁ অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গল্পকাৰ, কবি, প্ৰৱন্ধকাৰ, নাট্যকাৰ, সমালোচক। নলবাৰীত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্যক ২০১৬ চনত অসম সাহিত্য সভাই “সাহিত্যচাৰ্য” উপাধি প্ৰদান কৰে।
-
বিতোপন বৰবৰা
বিতোপন বৰবৰা অসমৰ এজন গল্পকাৰ, চলচ্চিত্ৰ সমালোচক আৰু সাংবাদিক। তেখেতে গল্পৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ এজন আগশাৰীৰ চলচ্চিত্ৰ সমালোচক হিচাপেও বিতোপন বৰবৰাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেছন(ফিপ্ৰেছকী)ৰ সদস্য হিচাপে ইতিমধ্যে ভাৰতৰ মুম্বাই আৰু বেংগালুৰু…
-
বিপুল খাটনিয়াৰ
বিপুল খাটনিয়াৰ (জন্ম: ১৯৫৩-২০২১ ) (Bipul Khataniyar) আছিল অসমৰ এগৰাকী গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অনুবাদক। তিনিমহীয়া অসমীয়া আলোচনী নতুন পৃথিৱীত গল্প লিখিবলৈ আৰম্ভ কৰা বিপুল খাটনিয়াৰ পৰৱৰ্তী পৰ্যায়ত অসমীয়া গল্প-সাহিত্যৰ এখন পৰিচিত মুখ হৈ উঠে৷ তেখেতৰ প্ৰথমখন গল্প-সংকলন খোজৰ শব্দ প্ৰকাশিত হৈছিল ১৯৮০…
-
বিশ্বজ্যোতি শৰ্মা
বিশ্বজ্যোতি শৰ্মা ( Bishwajyoti Sharma; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপক৷ তেখেত বৰ্তমান প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ৰয়াসন বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেখেত অসম সাহিত্য সভাৰ প্ৰাগজ্যোতিকা শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেখেত তিতাবৰ অঞ্চলৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ লগতো জড়িত হৈ আছে৷ গৰীয়সী, প্ৰকাশ,…
-
বিৰিঞ্চি কুমাৰ দাস
বিৰিঞ্চি কুমাৰ দাস এজন সমালোচক, অনুবাদক, অধ্যাপক। তেওঁ বৰ্তমান বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ অসমীয়া সাহিত্য সন্মিলনীৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্যবাহী সভাপতি ৰূপেও সেৱা আগবঢ়াই আহিছে। তেওঁৰ বৰ্তমানলৈকে ৪খন গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে দুখনকৈ অনুবাদিত গ্ৰন্থ প্ৰকাশ হৈছে।
-
ভাগৱত আচাৰ্য
ভাগৱত আচাৰ্য উত্তৰ-শংকৰী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক। তেওঁ নিজকে শ্ৰী শ্ৰী হৰিদেৱ ৰ শিষ্য বুলি পৰিচয় দি থৈ গৈছে। সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ত ভাগৱত আচাৰ্য সম্ভৱতঃ তেওঁৰ উপাধি বুলিহে উল্লেখ কৰিছে। ভাগৱত আচাৰ্যৰ পিতৃৰ নাম হৰিমিশ্ৰ।
-
ভৱকান্ত নাথ
ভৱকান্ত নাথ (১৯৩৫-২০১৮) (Bhabakanta Nath) ভৱকান্ত নাথ আছিল একাধাৰে সাহিত্যক, অনুবাদক, প্ৰত্নতত্ববিদ আৰু গৱেষক৷ তেওঁৰ ঘৰ লখিমপুৰ জিলাৰ ফুলবাৰীত। তেওঁ বি,এ, বি,টি, অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৃতী শিক্ষক আছিল আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল।
-
মণিকা দেৱী
মণিকা দেৱী (Manika Devee; জন্ম:১৯৭৯) এগৰাকী অসমীয়া গল্পকাৰ, গীতিকাৰ আৰু শিক্ষক। তেওঁৰ পিতৃ কামিনী কুমাৰ শৰ্মা আৰু মাতৃ তৰুলতা দেৱী। দৰং জিলাৰ মঙলদৈত তেখেতৰ জন্ম হয়। তেওঁলোকৰ মূল বাসস্থান নলবাৰীৰ নামখলাত।
-
মাধুৰীমা ঘৰফলীয়া
মাধুৰীমা ঘৰফলীয়া(Madhurima Gharphalia, ০২ এপ্ৰিল ১৯৮৫ ) এগৰাকী অসমীয়া শিশু সাহিত্যিক। ফচং শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁ ২০২১ চনৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল। শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ নেমুগুৰি ভকত গাঁৱত তেখেতৰ জন্ম হৈছিল। বিবাহসূত্ৰে ঘৰফলীয়া বৰ্তমান নয়ডাৰ বাসিন্দা।
-
মানিক বড়া
মাণিক বড়া আছিল অসমৰ এগৰাকী সাহিত্যিক আৰু তথ্যচিত্ৰ নিৰ্মাতা আৰু পৰিচালক। ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগ নামৰ চলচ্চিত্ৰতো তেওঁ মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। বড়াৰ উপন্যাসমূহৰ ভিতৰত 'বৈৰাগী বিহংগ' প্ৰধান। অসমৰ বিভিন্ন ঠাইৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰসমূহৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
মুকুল চক্ৰৱৰ্তী
মুকুল চক্ৰৱৰ্তী (ইংৰাজী: Mukul Chakravarty ) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক, প্ৰাবন্ধিক তথা হাস্য-ব্যংগ লিখক। ‘চৰিত পুথি’ৰ এগৰাকী বিশিষ্ট গৱেষক হিচাপে পৰিচিত চক্ৰৱৰ্তী ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী মাহেকীয়া 'বাৰ্তাপখিলী' ৰ এগৰাকী উপদেষ্টা হোৱাৰ লগতে হাস্য-ব্যংগ আলোচনী 'গিৰজনি' ৰ সম্পাদক।
-
মৃগেন শৰ্মা
মৃগেন শৰ্মা (ইংৰাজী: Mrigen Sarma; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী অসমীয়া লেখক, কবি, সাংবাদিক, শিল্পী আৰু সমাজসেৱী। তেওঁ বিশেষকৈ অসমীয়া সাহিত্য, অসমীয়া ভাষা-সাহিত্য আৰু অসমৰ লোক-সংস্কৃতি বিষয়ক তথ্যমূলক আৰু ক্ষেত্ৰভিত্তিক নিবন্ধৰ লেখক হিচাপে পৰিচিত।
-
মৃদুস্মিতা ফুকন
মৃদুস্মিতা ফুকন একেধাৰে প্ৰবন্ধকাৰ, গল্পকাৰ, অনুবাদক, শিশু সাহিত্যিক৷ তেখেতে ১৯৭১ চনৰে বৰ্তমান সময়লৈকে ‘ অসম বাণী’, ‘দৈনিক জনমভূমি’,‘ আমাৰ অসম’,‘ দৈনিক অসম’, ‘ অসমীয়া প্ৰতিদিন’, ‘নতুন দৈনিক’, ‘ এদিন’ আদি দৈনিক বা সাপ্তাহিক কাকত; ‘সঁফুৰা’, ‘মৌচাক’, ‘হিয়াৰ ৰামধেনু’ আদি শিশু-আলোচনী; ‘প্ৰান্তিক’,…
-
যুগললোচন দাস
যুগললোচন দাস (Jugal Lochan Das) হৈছে এগৰাকী অসমীয়া লেখক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত। শিশু সাহিত্যৰ উপৰিও বিস্ময়, ৰহস্য, মায়া আদি বিভিন্ন আলোচনীৰো নিয়মীয়া লেখক। বৰ্তমান তেওঁ সদৌ অসম অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উপ সভাপতি।
-
যোগেশ কিশোৰ ফুকন
যোগেশ কিশোৰ ফুকন (জন্ম: ১ মাৰ্চ ১৯৫৬) একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, প্ৰবন্ধ লেখক, সম্পাদক, শিক্ষাবিদ। অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত যোগেশ কিশোৰ ফুকন সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এজন লেখত ল'বলগীয়া সাহিত্যিক।
-
শিৱানন্দ কাকতি
শিৱানন্দ কাকতি (Sibananda Kakoti) এগৰাকী অসমীয়া গল্পকাৰ তথা চৰকাৰী চাকৰিয়াল। সত্তৰৰ দশকত একাংকিকা আৰু অনাতাঁৰ নাট লিখি তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। নব্বৈৰ দশকত তেওঁ গল্পকাৰ ৰূপে আত্মপৰিচয় দিয়ে। ১৯৯০ চনত পষেক নামৰ আলোচনীত তেওঁৰ প্ৰথমটো গল্প আমৃত্যু অমৃত প্ৰকাশ পাইছিল।
-
শুভনাথ দ্বিজ সৰস্বতী
শুভনাথ দ্বিজ সৰস্বতী অষ্টাদশ শতিকাৰ কবি। ডিম্বেশ্বৰ নেওগৰ মতে, মহাৰাজ শিৱসিংহৰ আদেশ অনুসৰি এওঁ ধৰ্ম সংবাদ নামে এখন সৰু পুথি ৰচনা কৰে। এই পুথিৰ বিষয়বস্তু গ্ৰহণ কৰিছে মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা।
-
সংগীতা শইকীয়া
সংগীতা শইকীয়া এগৰাকী লেখক, গৱেষক, সম্পাদক, অনুবাদক আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ তেখেতে ২০০৭ চনৰ পৰা এই বিভাগত অধ্যাপক হিচাপে নিয়োজিত হৈ আছে৷