অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰফুল্ল কটকী

প্ৰফুল্ল কটকী (জন্ম: ১৯৩৪ – ২০১৮) একাধাৰে সমালোচক, অনুবাদক, অধ্যাপক, গৱেষক আছিল। অসমীয়া অনুবাদ সাহিত্যত তেওঁৰ অৱদান যথেষ্ট। তেওঁ ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰু তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে।

হালনাগাদ: ১০ জানুৱাৰী ২০২৩ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

প্ৰফুল্ল কটকী (জন্ম: ১৯৩৪ – ২০১৮) একাধাৰে সমালোচক, অনুবাদক, অধ্যাপক, গৱেষক আছিল। অসমীয়া অনুবাদ সাহিত্যত তেওঁৰ অৱদান যথেষ্ট। তেওঁ ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰু তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে।১

জন্ম আৰু শিক্ষা

১৯৩৪ চনত যোৰহাটৰ তিতাবৰৰ ডফলাটিং চাহ বাগিচাত প্ৰফুল্ল কটকীয়ে জন্ম লাভ কৰে। তেখেতৰ পিতৃৰ নাম ডিম্বেশ্বৰ শৰ্মা কটকী। প্ৰাথমিক শিক্ষা এলেঙী প্ৰাথমিক বিদ্যালয়ত লাভ কৰা কটকীয়ে ১৯৫০ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত পঞ্চম স্থান লাভ কৰি উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা আই.এ. পৰীক্ষাত। পুনৰবাৰ ৰাজ্যৰ ভিতৰত পঞ্চম স্থান লাভ কৰি উত্তীৰ্ণ হয়। ১৯৫৫ চনত কটন কলেজৰ পৰা স্নাতক আৰু ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২

কৰ্মজীৱন

স্নাতকোত্তৰৰ শিক্ষা সমাপ্ত কৰাৰ পাছত কটকীয়ে ১৯৬৪ চনত কিছুদিনৰ বাবে যোৰহাটৰ জে.বি. কলেজত অধ্যাপনা কৰি কৰ্ম জীৱনৰ পাতনি মেলে। উক্ত বছৰতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰৱক্তা হিচাপে যোগদান কৰে আৰু ১৯৯৪ চনত ইংৰাজী বিভাগৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে।৩ ১৯৬৩ চনত বিনীতা দেৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।২

প্ৰকাশিত সাহিত্য গ্ৰন্থ

অধ্যাপনাৰ সমান্তৰালকৈ অসমীয়া অনুবাদ সাহিত্য আৰু আলোচনামূলক ক্ষেত্ৰখনলৈ কটকীৰ অৱদান আছিল অপৰিসীম। ঘাইকৈ অসমীয়া উপন্যাসৰ ঐতিহাসিক আলোচনা আগবঢ়োৱা কটকীৰ “স্বৰাজোত্তৰ অসমীয়া উপন্যাসৰ সমীক্ষা” (১৯৭৯) এখন উল্লেখযোগ্য গ্ৰন্থ। কটকীৰ সাহিত্য তত্ত্ব সম্পৰ্কীয় আন গ্ৰন্থ সমূহ হৈছে- সাহিত্য সংজ্ঞা (১৯৭৯), প্ৰায়োগিক সমীক্ষা, সাহিত্য বিচাৰ, তুলনামূলক সাহিত্য, অনুবাদ বিচাৰ, সমাৰ্থ শব্দকোষ, ক্ৰমবিকাশত অসমীয়া কথাশৈলী।২

অনুবাদকৰূপে তেওঁ বিশ খনৰো অধিক বিশ্ববিখ্যাত গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি গৈছে। তাৰ ভিতৰত আন্দ্ৰে মৰোৱাৰ এৰিয়েল’, পাৰ্ল এছ বাৰ্কৰ ‘দ্য গুড আৰ্থ’, ‘অমৰপুৰৰ প্ৰেম গাঁথা’, বাল্টাৰ গ্ৰেডিয়ানৰ যথাৰ্থ ভদ্ৰলোক’, ‘লুচি মই আহি আছোঁ, এলবাৰ্ট আইনষ্টাইনৰ ‘শতাব্দীৰ সূৰ্য’, লিন যুটাঙৰ ‘এলাহৰ গুণ যশ আৰু জীৱনবোধ’, ছেমুৱেল স্মাইলছৰ ‘মিতব্যয়িতা’, জন ষ্টেচন বেকৰ ‘মুকুতা’, দেৱব্ৰত দাস গুপ্তাৰ ‘বিজ্ঞানৰ সাধন’, জিমছ ষ্টভালৰ ‘চিৰন্তন প্ৰজ্ঞা। ইয়াৰোপৰি তেওঁ ‘প্ৰবন্ধ সপ্তক সাহিত্যিকা’, ‘পৰিয়ালটোৰ কথা’, ‘ঘৰখনৰ কথা’, অলেখ চাকিৰ পোহৰ’, ‘সংসাৰ দীক্ষা’, ‘ওপজা মাটিৰ টান’, ‘ক্ষুৰধাৰ’, ‘কত বোধ’, ‘সুখৰ কামনা’, ‘বিজ্ঞান ব্ৰতী’, ‘অকাল পক্বৰ আত্মকথা’, ‘দাসত্ত্বৰ পৰা মুক্তি’, ‘আলোক’, সন্ধানী সংগ্ৰামীৰ হাতপুথি’, ‘আশাবাদী চিন্তা’, জীৱনৰ মহত্ত্ব’, ‘জীৱন চৰ্যা’, ‘জীৱন বোধ’, স্বাবলম্বন’, ‘ৰাছেলৰ প্ৰবন্ধ সংকলনৰ অনুবাদ’, ‘আত্মোৎকৰ্ষ’, ‘অনাড়ম্বৰ জীৱন যাপন আৰু উচ্চ চিন্তন’, ‘শ্ৰী অৰবিন্দৰ জীৱন আৰু সাধনা’ ইত্যাদি গ্ৰন্থসমূহ অসমীয়ালৈ অনুবাদ কৰে।

ইংৰাজী সাহিত্য অসমীয়ালৈ অনুবাদ কৰাৰ লগতে অসমীয়া সাহিত্যক ইংৰাজীলৈ অনুবাদ কৰি গৈছে। তাৰ ভিতৰত শৰ্মিষ্ঠা প্ৰীতমৰ ‘ছান অন মাই ফেচ’, ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’, উমাকান্ত শৰ্মাৰ ‘ভাৰণ্ড পক্ষীৰ জাক’, মামণি ৰয়ছম গোস্বামীৰ ‘আধা লেখা দস্তাবেজ’ উল্লেখযোগ্য।২

বঁটা আৰু সন্মান

প্ৰফুল্ল কটকীয়ে বনমালী গোস্বামীৰ ‘আনটাচেবলচ্’ গ্ৰন্থৰ অনুবাদৰ বাবে ২০০৫ চনত সাহিত্য অকাডেমিৰ অনুবাদ বঁটাৰে সন্মানিত হয়।৪

২০১৮ চনৰ ৫ জুনত তেওঁৰ পৰলোকপ্ৰাপ্তি হয়।৫

তথ্যসূত্ৰ

  1. ↑ প্ৰকাশ, আগষ্ট, পৃষ্ঠা-৯, ২০১৮
  2. ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৮-২০১৯, সম্পাদক-তুলিকা সেনাপতি, পৃষ্ঠা-২৮
  3. ↑ প্ৰকাশ, আগষ্ট, পৃষ্ঠা-৯, ২০১৮
  4. ↑ অকাডেমি অনুবাদ বঁটা. সাহিত্য অকাডেমি
  5. ↑ প্ৰকাশ, আগষ্ট, পৃষ্ঠা-৯, ২০১৮

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া শিক্ষাবিদঅসমীয়া সাহিত্যিকসাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰফুল্ল কটকী” প্ৰবন্ধৰ সংশোধন ৩৪২৬০৯ (১০ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।