অসমীয়া সাহিত্যিক
২৫১ প্ৰবন্ধ
-
গীতা উপাধ্যায়
গীতা উপাধ্যায় (Gita Upadhyay) এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ মূলতঃ নেপালী আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ "কাৰেঙৰ লিগিৰী" নাট নেপালী ভাষালৈ অনুবাদ কৰি ২০১২ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছিল।
-
চন্দ্ৰধৰ চমুৱা
ড॰ চন্দ্ৰধৰ চমুৱা(ইংৰাজী: Dr. Chandradhar Chamuah) (ছেপ্টেম্বৰ ১৯৪১ - ১৩ নৱেম্বৰ ২০০৭) এগৰাকী অসমীয়া সাহিত্যিক আছিল। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বান্তৌ গাঁৱৰ এটা দুখীয়া পৰিয়ালত চন্দ্ৰধৰ চমুৱাৰ জন্ম হয় ১৯৪১ চনৰ ছেপ্টেম্বৰ (আহিন) মাহৰ কোনো এটা শনিবাৰে। পিতৃৰ নাম চক্ৰনাথ চমুৱা।
-
জোৱলা বৰা
জোৱলা বৰা (Jwala Bora) হৈছে নগাঁও, অসমৰ এগৰাকী লেখিকা। ২০১০ চনত অসমীয়া সাহিত্যৰ জগতত আত্মপ্ৰকাশ কৰা জোৱলা বৰাৰ আত্মজীৱনীখনৰ নাম হৈছে 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ৷ গ্ৰন্থখন ২০১৬ চনত প্ৰকাশিত হৈছিল৷
-
জ্যোতিৰেখা হাজৰিকা
জ্যোতিৰেখা হাজৰিকা (Jyotirekha Hazarika) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত একাধাৰে কবি, গল্পকাৰ, সম্পাদক, জীৱনীকাৰ, পাঠ্যপুথি ৰচক, অধ্যাপক আদি। হাজৰিকাই বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত।
-
তোষপ্ৰভা কলিতা
তোষপ্ৰভা কলিতা (Toshaprobha Kalita)সাহিত্য অকাডেমি বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক আৰু সাহিত্যিক পেঞ্চন প্ৰাপ্ত প্ৰগতিশীল লেখিকা। তেওঁ শিশু-সাহিত্যিক আৰু অনুবাদক হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল। কবি, ঔপন্যাসিক আৰু ভ্ৰমণ কাহিনী লেখক হিচাপেও তোষপ্ৰভা কলিতাক জনা যায়।
-
নাৰায়ণ চন্দ্ৰ গোস্বামী
নাৰায়ণ চন্দ্ৰ গোস্বামী (Narayan Chandra Goswami) আছিল নতুন কমলাবাৰী সত্ৰ, মাজুলীৰ এগৰাকী সত্ৰাধিকাৰ।
-
পূৰ্ণকান্ত বুঢ়াগোহাঞি
পূৰ্ণকান্ত বুঢ়াগোহাঞি (Purna Kanta Buragohain; ১৮৯০- ১৯৫৮) তাই আহোম জনগোষ্ঠীৰ আদি বুৰঞ্জীৰ এজন নীৰৱ সাধক আছিল। ১৯৩৩ চনৰ পৰা ১৯৪২ চনলৈকে সুদীৰ্ঘ ন বছৰ কাল ম্যানমাৰ, থাইলেণ্ড আৰু চীন দেশত থাকি বিভিন্ন অঞ্চল ভ্ৰমণ কৰি টাই জাতিৰ আদি বাসস্থান, শাসন নীতি, ৰাজ্য বিস্তাৰ, ধৰ্ম আৰু কৃষ্টি সম্পৰ্কে অধ্যয়ন…
-
প্ৰদীপ চলিহা
প্ৰদীপ চলিহা (Pradip Chaliha, ১৯১৮-২০০৮ চন) হৈছে অসমৰ এগৰাকী সাহিত্যিক আৰু শিল্পী।
-
প্ৰফুল্ল মহন্ত
ড০ প্ৰফুল্ল মহন্ত (Prafulla Mahanta ১৯৪১-২০২২) অসম, ভাৰতৰ এগৰাকী লেখক, চিন্তাবিদ, ইতিহাসকাৰ, ঔপন্যাসিক, সমাজ বিজ্ঞানী, আৰু অধ্যাপক। অসমৰ জাতীয় সত্তা, মধ্যবিত্ত আৰু জনজাতীয় শ্ৰেণীৰ ইতিহাস আৰু বাস্তৱতা সম্বন্ধে বিস্তৃত আলোচনাৰ লগতে কিছুসংখ্যক গৱেষণামূলক গ্ৰন্থও তেখেতে লিখি থৈ গৈছে৷ ১৯৬০ চনত…
-
প্ৰবীণা শইকীয়া
প্ৰবীণা শইকীয়া (ইংৰাজী: Prabina Saikia) (১৯৩৬-১৯৯৯) অসমীয়া সাহিত্যৰ স্বৰাজোত্তৰ কালৰ এগৰাকী বিশিষ্ট লেখিকা। কবি, গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক হিচাপে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। তিনিচুকীয়াত জন্ম গ্ৰহণ কৰা প্ৰবীণা শইকীয়াৰ দেউতাক নন্দেশ্বৰ দাস আৰু মাতৃৰ নাম ৰত্নেশ্বৰী মহন্ত।
-
প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য
প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য বড়ো ভাষাৰ প্ৰথমজন গৱেষক তথা ইণ্ডো-তিব্বতীয় ভাষাৰো গৱেষক। সাহিত্যাচাৰ্য প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যই বড়োৰ লগতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ বি বৰুৱা কলেজৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৬২ চনত অধ্যক্ষ হয়।
-
বিশ্বেশ্বৰ হাজৰিকা
বিশ্বেশ্বৰ হাজৰিকা (Bisweswar Hazarika) হৈছে অসমৰ এগৰাকী সাহিত্যিক, অধ্যাপক আৰু ভাষাতত্ত্ববিদ। অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক ২০১৪ চনত অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে।
-
ভৃংগেশ্বৰ শৰ্মা
ভৃংগেশ্বৰ শৰ্মা ( Bhringeswar Sarma) এগৰাকী অসমীয়া ব্যংগ লেখক, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু পেচাত এজন চিকিৎসক। তেখেতে দীৰ্ঘদিন ধৰি প্ৰান্তিক আলোচনীৰ পাতত 'দৈনন্দিন' শিতানত হাস্য-ব্যংগ ৰচনা লিখি আহিছে। এই দৈনন্দিন শিতানত প্ৰকাশপোৱা লেখাবোৰ পৰৱৰ্তী সময়ত গ্ৰন্থাকাৰে প্ৰকাশ পাইছে।
-
ভৰত ৰাজখোৱা
ভৰত ৰাজখোৱা একাধাৰে শিশু সাহিত্যিক, ঔপন্যাসিক আৰু এজন শিক্ষাবিদ। শৈক্ষিক দিশত আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ইতিমধ্যে জিলা আৰু ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে অইল ইণ্ডিয়াৰ ‘শিক্ষাৰত্ন’ বঁটা লাভ কৰিছে। শিক্ষক প্ৰশিক্ষক হিচাপেও অসমত তেখেতৰ সুকীয়া পৰিচয় আছে।
-
ভৱপ্ৰসাদ চলিহা
ভৱপ্ৰসাদ চলিহা (Bhabaprasad Chaliha; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত জন্ম হয়। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে। অসম চৰকাৰে তেওঁলৈ ২০২০ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে।
-
ভৱানন্দ দত্ত
ভৱানন্দ দত্ত (১৯১৯-১৯৫৯) একাধাৰে গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। নচিকেতা ছদ্মনামেৰে তেওঁ অসমীয়া কবিতা লিখিছিল আৰু বাটকটীয়া হিচাপে পৰিগণিত হৈছিল।
-
মইনা গোস্বামী
মইনা গোস্বামী (Maina Goswami; জন্ম: ) হৈছে অসমৰ এজন বিশিষ্ট চিন্তাবিদ, লেখক আৰু নাট্যকাৰ। সুলেখক মইনা গোস্বামী দীৰ্ঘদিন ধৰি শিক্ষকতাৰ লগত জড়িত। শিক্ষকতাৰ কালছোৱাত তেখেতে অৰ্জন কৰিছিল বিচিত্ৰ-বৰ্ণিল অভিজ্ঞতা আৰু উপলব্ধি। তেওঁ সচেতন সতীৰ্থ আৰু কঠীয়া আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত।
-
মনোৰঞ্জন গোস্বামী
কৰ্নেল মনোৰঞ্জন গোস্বামী ভাৰতীয় সেনাবাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু স্তম্ভলেখক৷ তেওঁ ভাৰতৰ প্ৰসিদ্ধ সাংবাদিক আৰু ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ পিতৃ ৷
-
মনোৰঞ্জন লাহৰী
মনোৰঞ্জন লাহৰী (১ ফেব্ৰুৱাৰী, ১৯৩৬-) অসমৰ বড়ো ভাষাৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক৷ সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক মৰণোত্তৰভাৱে ২০০৯ চনৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়৷
-
মনোৰঞ্জন শাস্ত্ৰী
আচাৰ্য্য মনোৰঞ্জন শাস্ত্ৰী (১৯১১–১৯৮৮) অসমৰ এগৰাকী প্ৰসিদ্ধ সংস্কৃত পণ্ডিত, সাহিত্যিক আৰু অধ্যাপক। আচাৰ্য্য মনোৰঞ্জন শাস্ত্ৰীৰ জন্ম হয় খ্ৰীঃ ১৯১১ চনৰ মাৰ্চ মাহত দৰং জিলাৰ অন্তৰ্গত ভেৰুৱা গাঁৱত। পিতৃ শ্যামদেৱ শৰ্মা আৰু মাতৃ ভোগেশ্বৰী দেৱী।
-
মুকুন্দ ৰাজবংশী
ড° মুকুন্দ ৰাজবংশী (Dr.Mukunda Rajbongshi) হৈছে এগৰাকী অসমীয়া লেখক৷ তেখেতৰ ঘৰ লখিমপুৰ জিলাত৷ ডঃ মুকুন্দ ৰাজবংশী উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল।
-
যতিন মিপুন
যতীন মিপুন (Jatin Mipun) এজন লেখক আৰু ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা প্ৰথমজন মিচিং জনগোষ্ঠীৰ লোক আছিল। 'মিক্চিজিলি' (Miksijili) শীৰ্ষক উপন্যাস খনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ পৰা অম্বিকাগিৰি ৰায়চৌধাৰী বঁটা লাভ কৰিছিল।
-
যুগল দাস
যুগল দাস অসমৰ এগৰাকী সাহিত্যিক আৰু কলা-নিৰ্দেশক আছিল। অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰতীক চিহ্নটো শিল্পী যুগল দাসে অংকন কৰিছিল।
-
লীল বাহাদুৰ ছেত্ৰী
লীল বাহাদুৰ ছেত্ৰী এগৰাকী ভাৰতীয় সাহিত্যিক। অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা লীল বাহাদুৰ ছেত্ৰীয়ে নেপালী ভাষাত সাহিত্য ৰচনা কৰে। তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। ১৯৮৭ চনত তেওঁৰ উপন্যাস ব্ৰহ্মপুত্ৰকো ছেও ছাওৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
লীলাৱতী শইকীয়া বৰা
লীলাৱতী শইকীয়া বৰা একাধাৰে ভাষাবিদ,অনুবাদক, গল্পকাৰ, কবি, সম্পাদক, অধ্যাপক৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেতে অসমীয়া ভাষা-সাহিত্য বিষয়ক ১০খন তাত্ত্বিক গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে ৮খন গ্ৰন্থ সম্পাদনা কৰিছে৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনতো তেওঁৰ…
-
লুট্ফা হানুম ছেলিমা বেগম
লুট্ফা হানুম ছেলিমা বেগম একাধাৰে কবি, সমালোচক, অধ্যাপক। তেওঁৰ বহুকেইখন গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ হোৱাৰ সমান্তৰালভাৱে লগত তেওঁৰ সাহিত্যৰাজি ইংৰাজী, হিন্দী, কন্নড়, নেপালী আদি ভাষালৈকো অনুবাদ হৈছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষা আৰু সাহিত্য উভয় শাখাতে স্নাতকোত্তৰ।
-
শশী শৰ্মা
শশী শৰ্মা (৩ অক্টোবৰ, ১৯৩২, মৃত্যু ব২৮ জানুৱাৰী, ২০২০) অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুদ্ধিজীৱী তথা নতুন দিনৰ স্বপ্নলিপিকাৰ। তেওঁক অসমীয়া প্ৰগতিবাদী সাহিত্যৰ প্ৰাতঃস্মৰণীয় প্ৰতিভা আৰু মানৱীয় মূল্যবোধৰ এজন বলিষ্ঠ প্ৰবক্তা বুলি কোৱা হয়।
-
শৈলেন ভৰালী
শৈলেন ভৰালী (Sailen Bharali) একবিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক আৰু অধ্যাপক। উপন্যাস আৰু নাট্য সমালোচক ৰূপে তেওঁৰ বিশেষ পৰিচিতি আছে। অসমৰ অংকীয়া নাটকে ধৰি বিভিন্ন দেশী-বিদেশী নাটক সম্পৰ্কে তেওঁ ঐতিহাসিক সমালোচনা আগবঢ়াইছে।
-
হলিৰাম ঢেকিয়াল ফুকন
হলিৰাম ঢেকিয়াল ফুকন (১৮০২-১৮৩২) এজন উকিল আৰু লেখক আছিল। তেওঁৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল কামেশ্বৰী। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সত তেওঁ হাদিৰাচকীত দুৱলীয়া বৰুৱা হয়। চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে।
-
হেম বুঢ়াগোহাঞি
হেম বুঢ়াগোহাঞি (১৯৩৭-২০০৪) একাধাৰে সংস্কৃতিবিদ, সাহিত্যিক, বুৰঞ্জীবিদ, সম্পাদক, ঔপন্যাসিক, শিশু সাহিত্যিক আৰু সাংবাদিক। তেখেতে অসমৰ বিহু সংস্কৃতি আৰু বুৰঞ্জী বিষয়ত কুৰিৰো অধিক গ্ৰন্থ আৰু শতাধিক প্ৰবন্ধ লিখিছে। তেখেত বকতা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক।