অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাধুৰীমা ঘৰফলীয়া

মাধুৰীমা ঘৰফলীয়া(Madhurima Gharphalia, ০২ এপ্ৰিল ১৯৮৫ ) এগৰাকী অসমীয়া শিশু সাহিত্যিক। ফচং শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁ ২০২১ চনৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল। শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ নেমুগুৰি ভকত গাঁৱত তেখেতৰ জন্ম হৈছিল। বিবাহসূত্ৰে ঘৰফলীয়া বৰ্তমান নয়ডাৰ বাসিন্দা।

হালনাগাদ: ২৩ জুন ২০২৪ ৩০৬ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মাধুৰীমা ঘৰফলীয়া(Madhurima Gharphalia, ০২ এপ্ৰিল ১৯৮৫ ) এগৰাকী অসমীয়া শিশু সাহিত্যিক। ফচং শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁ ২০২১ চনৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল। ১শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ নেমুগুৰি ভকত গাঁৱত তেখেতৰ জন্ম হৈছিল। বিবাহসূত্ৰে ঘৰফলীয়া বৰ্তমান নয়ডাৰ বাসিন্দা।

প্ৰাৰম্ভিক জীৱন

১৯৮৫ চনৰ ২ এপ্ৰিল তাৰিখে শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ নেমুগুৰি ভকত গাঁৱত মাধুৰীমা ঘৰফলীয়াৰ জন্ম হয়।২ তেওঁৰ পিতৃ বলিন ঘৰফলীয়া আৰু মাতৃ ৰুণুমী ঘৰফলীয়া। তেখেতৰ ভগ্নী মামু ঘৰফলীয়া গগৈ আৰু ভাতৃ নিতুল ঘৰফলীয়া। তেখেতে বকতা ভকত গাঁও প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলে। পিছত বকতা নেমুগুৰি জ্ঞানজ্যোতি বিদ্যালয়ৰ পৰা উচ্চমাধ্যমিক শিক্ষা সাং কৰি শিৱসাগৰ ছোৱালী কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। অনানুষ্ঠানিক শিক্ষা হিচাপে ঘৰফলীয়াই ই-কমাৰ্চ আৰু মাৰ্কেটিঙৰ ডিপ্লোমা গ্ৰহণ কৰি কেইবছৰমান মাৰ্কেটিং প্ৰতিষ্ঠানত চাকৰি কৰে। ঘৰফলীয়া প্ৰদীপ গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হয়। স্বামীৰ কৰ্মসূত্ৰে তেওঁ বৰ্তমান নয়ডাৰ বাসিন্দা। তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান মেঘমন্যু গগৈ।

সাহিত্য আৰু সন্মান

২০১১ চনৰ পৰা মাধুৰীমা ঘৰফলীয়াই সাহিত্য চৰ্চা আৰম্ভ কৰে। তেখেতে জীৱনৰ প্ৰথমটো লেখা নিজ মহাবিদ্যালয়ৰ আলোচনীৰ বাবে লিখে। পৰৱৰ্তী সময়ত ২০১১ চনৰ পৰা তেওঁ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত সক্ৰিয় হয়। প্ৰান্তিক, প্ৰিয় সখী, মৌচাক, সঁফুৰা আদি আলোচনীৰ লগতে বিভিন্ন বাতৰি কাকতত তেখেতৰ গল্প, সাধুকথা আৰু অন্যান্য সাহিত্য সমূহ প্ৰকাশ হোৱাৰ উপৰিও বৰ্তমানলৈ দুখন গ্ৰন্থ ফচং আৰু মায়াৰ লগতে এখন অনুবাদ গ্ৰন্থ এজনী মাছৰ সপোনৰ কথা ছপা হৈ ওলাইছে।৩ মৌচাক আলোচনীত ধাৰাবাহিক ভাবে প্ৰকাশ হোৱা আন এখন গ্ৰন্থ হৈছে অন্য এক পৃথিৱী। ফচং আৰু মায়া শীৰ্ষক গ্ৰন্থ দুখন ক্ৰমে ২০১৭ আৰু ২০২১ বৰ্ষত সঞ্জীৱন প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত হয়। ইয়াৰে ফচং গ্ৰন্থ খনৰ বাবে তেখেতক ২০২১ বৰ্ষৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা প্ৰদান কৰা হয়। এই গ্ৰন্থ খনৰ কাহিনী ভাগ তেওঁ সামাজিক মাধ্যমৰ গোট 'সাহিত্য ডট্ অৰ্গ'ত ধাৰাবাহিক ভাৱে প্ৰকাশ কৰিছিল। ফচং হৈছে চুটিগল্প সদৃশ সাধুকথাৰ সংকলন। শিশুৰ সাহিত্যৰ মৌলিক লেখাৰ উপৰি তেখেতে অনুবাদ সাহিত্যৰ ক্ষেত্ৰটো চৰ্চা অব্যাহত ৰাখিছে। তেখেতৰ আন চাৰিখন অনুবাদ গ্ৰন্থ এনবিটিৰ দ্বাৰা প্ৰকাশৰ পথত। শিশু-সাহিত্যৰ ক্ষেত্ৰত মাধুৰীমা ঘৰফলীয়াৰ গ্ৰন্থ সমূহত জীৱ-জন্তুৰ প্ৰতি থকা মৰম-চেনেহেই মুখ্য বিষয়।

তথ্যসূত্ৰ

  1. ↑ (১২ মাৰ্চ, ২০২১). সাহিত্য অকাডেমি শিশু সাহিত্য পুৰস্কাৰ ২০২০. সাহিত্য অকাডেমি
  2. ↑ আশাদীপা শইকীয়া. 'সাহিত্য অকাডেমি'ৰ শিশু সাহিত্য বঁটা'ৰে বিভূষিত মাধুৰীমা ঘৰফলীয়া।. নন্দিনী
  3. ↑ (২৭ ফেব্ৰুৱাৰী, ২০২২). Srimati Madhurima Gharphalia I'd an eminent writer based in Delhi

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকসাহিত্য অকাডেমি শিশু সাহিত্য বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধুৰীমা ঘৰফলীয়া” প্ৰবন্ধৰ সংশোধন ৪২৩৯০৮ (২৩ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।