অসমীয়া সাহিত্যিক
২৫১ প্ৰবন্ধ
-
হেমন্ত কুমাৰ শৰ্মা
হেমন্ত কুমাৰ শৰ্মা ( hemnta kumar sharma) আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, বলিষ্ঠ গদ্য লেখক, সমালোচক আৰু গৱেষক|
-
ৰশ্মি নাৰ্জাৰী
ৰশ্মি নাৰ্জাৰী (Rashmi Narzary) অসমৰ এগৰাকী সাহিত্যিক তথা অনুবাদক। ইংৰাজী ভাষাত ৰচিত শিশু সাহিত্যৰ গ্ৰন্থ 'হিচ স্বেয়াৰ অফ স্কাই'ৰ বাবে তেওঁ পৰিচিত। এই গ্ৰন্থখনৰ বাবে তেওঁ ২০১৬ চনৰ ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা লাভ কৰে।
-
ৰাজমোহন নাথ
ৰাজমোহন নাথ (Rajmohan Nath; ৩১ অক্টোবৰ ১৮৯৯- ৩ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় লেখক আৰু পুৰাতত্ববিদ। পেচাত তেওঁ অসমৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা আছিল। অসমীয়া, বঙালী আৰু ইংৰাজী ভাষাত তেওঁ বহু কেইখন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ বহুতো প্ৰবন্ধ বিভিন্ন কাকত-আলোচনীত সিঁচৰতি হৈ আছে।
-
ৰুবুল মাউত
ৰুবুল মাউত (Rubul Mout) হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। তেখেতৰ গৱেষণাৰ বিষয় হৈছে মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেতৰে সমৃদ্ধ কৰা আৰু জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা।
-
অচিন মোমাইদেউ
অচিন মোমাইদেউ অসমৰ এগৰাকী প্ৰখ্যাত শিশু সাহিত্যিক। এখেতৰ আচল নাম অমল দত্ত।
-
অনামিকা বৰা
অনামিকা বৰা (জন্ম: ১৯৬৮) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষক৷ ২০০৭ চনত তেখেতে ‘জলাশয়’ গল্প সংকলনৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে৷ বৰ্তমানলৈকে তেখেতৰ মুঠ ৫ খন গল্প সংকলন, ৪ খন উপন্যাস, এখন শিশু উপন্যাস আৰু এখন প্ৰৱন্ধ সংকলন প্ৰকাশ হৈছে৷
-
অনিল শইকীয়া
অনিল শইকীয়া (Anil Saikia) একাধাৰে লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক, অধ্যক্ষ আৰু সমাজ সংগঠক। তেওঁ মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ। অসমৰ লোক-সংস্কৃতিৰ বহুতো আপুৰুগীয়া সম্পদ ব্যক্তিগতভাৱে সংৰক্ষণ কৰাৰ লগতে গ্ৰাম'ফোন আৰু বিশ্বৰ বহুতো আপুৰুগীয়া গ্ৰাম'ফোন ৰেকৰ্ড সংগ্ৰহ কৰি শইকীয়াই ব্যক্তিগতভাৱে…
-
অপূৰ্ব কুমাৰ শইকীয়া
অপূৰ্ব কুমাৰ শইকীয়া হৈছে অসমীয়া ভাষাৰ এজন গল্পকাৰ। তেওঁ পেচাত এজন চিকিৎসক। তেখেতে ‘বেংছতা’ শীৰ্ষক গল্প সংকলনৰ বাবে ২০২০ বৰ্ষৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
অৰ্চনা বৰঠাকুৰ
অৰ্চনা বৰঠাকুৰ (Archana Borthakur, জন্ম:২৩ অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা সাহিত্যিক। বৰঠাকুৰে সমাজ বিকাশ আৰু সামাজিক পৰিৱৰ্তনৰ বাবে সমাজ কল্যাণ সমাজ 'প্ৰিয়বন্ধু' প্ৰতিষ্ঠা কৰিছিল। তেওঁ অব্যৱহৃত কাপোৰ, খাদ্য, কিতাপ আৰু দুখীয়া লোকসকলক ঘৰুৱা সঁজুলি দান কৰাৰ দৰে সামাজিক কামৰ বাবে জনাজাত।
-
অৰ্ণৱ জান ডেকা
অৰ্ণৱ জান ডেকা হৈছে অসমৰ এজন সাহিত্যিক, তথ্যচিত্ৰ পৰিচালক, অভিনেতা আৰু অভিযন্তা তেওঁ ইংৰাজী, অসমীয়া, হিন্দী আৰু বঙালী ভাষাত একাধিক গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে। ইয়াৰোপৰি তেওঁ এখন আলোচনী আৰু এখন বাতৰি কাকতৰো সম্পাদক আছিল।
-
আনিছ উজ্ জামান
আনিজ উজ্ জামান এগৰাকী কবি, সাহিত্য সমালোচক, অনুবাদক৷ তেখেতৰ এতিয়ালৈকে দহখনতকৈয়ো অধিক কবিতা পুথি প্ৰকাশ হোৱাৰ লগতে সম্পাদনা গ্ৰন্থও প্ৰকাশ হৈছে৷
-
উপেন্দ্ৰনাথ শৰ্মা
উপেন্দ্ৰনাথ শৰ্মা (জন্ম:১৯২৯-২০২৪) তেখেত আছিল সাহিত্য সমালোচক আৰু কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক। তেওঁ কমদিনৰ বাবে ডিব্ৰুগড় কানৈ কলেজতো শিক্ষকতা কৰিছিল।
-
এম. কামালুদ্দিন আহমেদ
এম. কামালুদ্দিন আহমেদ একাধাৰে কবি, সমালোচক,অনুবাদক তথা অধ্যাপক। তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ কবি হিচাপে একবিংশ শতিকাটোৰ তেওঁ এজন উল্লেখযোগ্য কবি৷ তেখেতৰ কবিতা উত্তৰ লক্ষীমপুৰ (স্বায়ত্বশাসিত) মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ অসমীয়া বিভাগৰ…
-
কাশীনাথ বৰ্মন
কাশীনাথ বৰ্মন (Kashinath Barman) এগৰাকী শিক্ষক, জীৱনী-প্ৰণেতা আৰু সাহিত্যিক। ১৯৪৯ খ্ৰীষ্টাব্দত 'অমৰ কাহিনী' আৰু 'গল্প লহৰি' নামৰ দুখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়।
-
কুলনাথ গগৈ
কুলনাথ গগৈ (Kulanath Gogoi) অসমৰ এগৰাকী অনুবাদক আৰু সাহিত্যিক। তেওঁ মূলতঃ বাংলা সাহিত্যৰ কালজয়ী সৃষ্টিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্য জগতলৈ এক অনৱদ্য অৱদান আগবঢ়াইছে। ১৯৯৫ চনত তেওঁ সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰে।
-
গীতা হাতীকাকতি
গীতা হাতীকাকতি ( Gita Hatikakoti) এগৰাকী অসমীয়া গীতিকাৰ, কবি আৰু সাহিত্যিক আছিল। তেখেত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল।
-
গোপালচৰণ দ্বিজ
গোপালচৰণ দ্বিজ ষোড়শ শতিকাৰ কামৰূপ অঞ্চলৰ এগৰাকী বৈষ্ণৱ কবি আৰু পণ্ডিত আছিল। গোপালচৰণ দ্বিজ মহাপুৰুষ দামোদৰ দেৱৰ অনুগামী আছিল। তেওঁ দামোদৰ দেৱৰ শিষ্য বংশীগোপালৰ শিষ্য আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃত ভাষাত ৰচিত ভক্তি ৰত্নাকৰ গ্ৰন্থক গোপালচৰণ দ্বিজে অসমীয়া গদ্যলৈ ভাঙনি কৰিছিল।
-
গোবিন্দ মিশ্ৰ
গোবিন্দ মিশ্ৰ (Govinda Mishra) ভট্টদেৱৰ সমসাময়িক পণ্ডিত আছিল।
-
গোৱিন্দ প্ৰসাদ শৰ্মা
গোৱিন্দ প্ৰসাদ শৰ্মা (জন্ম: ১৯৪০ -) এগৰাকী অসমীয়া গৱেষক, সাহিত্য সমালোচক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক আৰু সম্পাদক। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনা কৰি বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে। ড॰ গোৱিন্দপ্ৰসাদ শৰ্মা অসমীয়া কথা-সাহিত্যৰ এগৰাকী উল্লেখযোগ্য সমালোচক।
-
জীৱন বৰা
জীৱন বৰা (Jiban Bora) এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, নাট্যকাৰ আৰু লেখক। ১৯৩১ চনৰ ১৪ নৱেম্বৰ তাৰিখে লখিমপুৰ জিলাত তেওঁৰ জন্ম হয়। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ওপজা মাটিৰ সোণ তেওঁ প্ৰযোজনা কৰিছিল। পলাশৰ ৰং তেওঁ পৰিচালনা কৰা একমাত্ৰ ছবি। তেওঁ বহুকেইখন নাটক আৰু অন্যান্য গ্ৰন্থ লিখিছে।
-
জ্ঞানানন্দ শৰ্মা পাঠক
জ্ঞানানন্দ শৰ্মা পাঠক (জন্ম: ১০ ডিচেম্বৰ ১৯২৮) এগৰাকী প্ৰখ্যাত অসমীয়া কবি, সাহিত্যিক আৰু সমালোচক। পঞ্চাশৰ দশকৰ ৰামধেনু পত্ৰিকাৰ পাতত তেওঁৰ কবিতা, গল্প আৰু ৰম্যৰচনাৰে সাহিত্যজীৱনৰ পাতনি মেলিছিল। যদিও এই সময়ৰ পৰা সাহিত্যত সক্ৰিয়, তেওঁ নব্বৈৰ দশকত প্ৰধানকৈ কবি ৰূপে আত্মপ্ৰকাশ কৰে।
-
টুনুজ্যোতি গগৈ
টুনুজ্যোতি গগৈ ( Tunujyoti Gogoi; জন্ম: ১৯৮০) একাধাৰে লেখক, সম্পাদক, গল্পকাৰ। তেখেত মুক্ত চিন্তা আলোচনীখনৰ কাৰ্যবাহী সম্পাদক (যুতীয়াভাৱে)। অসমৰ বহুকেইখন বাতৰি কাকতৰ সম্পাদনাৰ সৈতে তেখেত এসময়ত জড়িত আছিল৷ সমান্তৰালভাৱে ‘নতুন সাহিত্য পৰিষদ’, ‘ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচন’ (DYFI) আদি সংগঠনৰ লগতো…
-
টেঙাই মহন
টেঙাই মহন (Tenggai Mohan, টেঙ-ঙাই ম'হুং, জন্ম:১৭১৫ খ্ৰীষ্টাব্দ) অসমৰ প্ৰথম অভিধান প্ৰণেতা, তাঈ আহোম লেখক, সাহিত্যিক,বুদ্ধিজীৱী আছিল।তেওঁ ১৭৯৫ চনত লিখা হ '-মু'ঙ নামৰ টাই আহোম—অসমীয়া দ্বিভাষিক অভিধানখন অসমৰ প্ৰথম অভিধান আছিল। তেখেতে প্ৰায় ৫০ খন পুথি ৰচনা কৰিছিল। তেওঁৰ জনপ্ৰিয় নাম টেঙাই মহন।
-
দিলীপ ফুকন
দিলীপ ফুকন (ইংৰাজী: Dilip Phookan) (জন্ম: ১ আগষ্ট ১৯৫৫) অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট কবি, ঔপন্যাসিক আৰু সাহিত্য সমালোচক। তেখেতৰ জন্ম হয় বোকাখাতৰ কুৰুৱাবাহীত। বৰ্তমান তেখেত তেজপুৰৰ বাসিন্দা।
-
দীপ্তি ফুকন পাটগিৰি
দিপ্তী ফুকন পাটগিৰি (DIPTI PHUKAN PATGIRI) একাধাৰে এগৰাকী অসমীয়া ভাষাবিদ, সাহিত্যিক, অধ্যাপক, সম্পাদক। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷
-
দেৱকান্ত সন্দিকৈ
দেৱকান্ত সন্দিকৈ (জন্ম:১৯৫০- ) ( Devakanta Handique) এগৰাকী গদ্য লেখক। আশীৰ দশকৰ পৰা অসমীয়া গদ্য সাহিত্যক সমৃদ্ধ কৰি ৰখা দেৱকান্ত সন্দিকৈয়ে সৰ্বমুঠ ১৩খন গ্ৰন্থ লিখি উলিয়াইছে।
-
দেৱেন দত্ত
দেৱেন দত্ত (Deven Dutta) অসমৰ এগৰাকী লেখক, শিক্ষাবিদ আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী আছিল। কটন কলেজৰ উপাধ্যক্ষ ৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত আছিল আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ভাষাৰ শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত তেওঁ জোৰ দিছিল।
-
ধনাই বৰা
ধনাই বৰা(Dhanai Borah; জন্ম: ১৮৭২ – মৃত্যু: ১৯৫৬) এগৰাকী অসমীয়া কবি আৰু লেখক। ১৮৭২ চনত ছিপাঝাৰত তেওঁৰ জন্ম হয়। ধনাই বৰা এজন কৃতী শিক্ষক, পাঠ্যপুথি প্ৰণেতা, প্ৰবন্ধকাৰ আৰু নাট্যকাৰ আছিল। 'কবিতা চন্দ্ৰিকা' হৈছে তেওঁৰ জীৱিত কালত প্ৰকাশিত একমাত্ৰ কবিতা পুথি।
-
নন্দ কিশোৰ মহেশ্বৰী
নন্দ কিশোৰ মহেশ্বৰী অসমৰ এগৰাকী বিশিষ্ট শিল্পী, সাংবাদিক, স্থপতিবিদ, নাট্যকাৰ আৰু সমাজকৰ্মী৷ নাটক, বোলছবি, সাহিত্য, সাংবাদিকতা আৰু সামাজিক কামত তেওঁৰ অৱদান উল্লেখযোগ্য৷ নন্দ কিশোৰ মহেশ্বৰীয়ে ভালেসংখ্যক নাটক, অনাতাঁৰ ধাৰাবাহিক আৰু বোলছবিত অভিনয় কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ ইংৰাজী,…
-
নবীন চন্দ্ৰ শৰ্মা
নবীন চন্দ্ৰ শৰ্মা (Nabin Chandra Sarmah) অসমৰ এজন লোক - সাহিত্য আৰু সংস্কৃতিৰ গৱেষক আৰু গদ্য লেখক।