বিপুল খাটনিয়াৰ (জন্ম: ১৯৫৩-২০২১ ) (Bipul Khataniyar) আছিল অসমৰ এগৰাকী গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অনুবাদক। তিনিমহীয়া অসমীয়া আলোচনী নতুন পৃথিৱীত গল্প লিখিবলৈ আৰম্ভ কৰা বিপুল খাটনিয়াৰ পৰৱৰ্তী পৰ্যায়ত অসমীয়া গল্প-সাহিত্যৰ এখন পৰিচিত মুখ হৈ উঠে৷ তেখেতৰ প্ৰথমখন গল্প-সংকলন খোজৰ শব্দ প্ৰকাশিত হৈছিল ১৯৮০ চনত৷ তেখেতৰ গল্পত সৰ্বসাধাৰণৰ সুখ-দুখৰ প্ৰতিবিম্ব ফুটি উঠে বুলি কোৱা হয়৷ খাটনিয়াৰৰ সাহিত্য-দৰ্শনত সমাজতান্ত্ৰিক বাস্তৱতা পৰিলক্ষিত হয়৷ ১ তেখেত সত্তৰ দশকৰ শেষৰফালে আৰম্ভ হোৱা ‘নতুন সাহিত্য পৰিষদ’ৰ অন্যতম প্ৰতিষ্ঠাপক সংগঠক আছিল৷২
সংক্ষিপ্ত জীৱনী
বিপুল খাটনিয়াৰৰ জন্ম হৈছিল ১৯৫৩ চনৰ ২৭ আগষ্টত ৷ পিতৃৰ নাম সিংহেশ্বৰ খাটনিয়াৰ আৰু মাতৃৰ নাম হেমলতা খাটনিয়াৰ৷ জন্মস্থান আছিল শিৱসাগৰ জিলাৰ শ'লগুৰি ৷ তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে তিনিচুকীয়া জিলাৰ দেওশাল অঞ্চলত৷ ১৯৬৯ চনত শিৱসাগৰৰ বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰা খাটনিয়াৰে ১৯৭৩ চনত কলেজীয়া শিক্ষা লয় শিৱসাগৰ কলেজৰ পৰা৷ পাছলৈ তেখেতে ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব আৰু ভূত্ত্বক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে ৷ ১
কৰ্মজীৱন
১৯৭৭ চনত সহকাৰী ভূতত্ববিদ হিচাপে ভূতত্ব আৰু খনি সঞ্চালকায়লয়ত চাকৰি জীৱন আৰম্ভ কৰা খাটনিয়াৰে ২০১৩ চনৰ ৩১ আগষ্টত সেই কৰ্মৰ পৰা অৱসৰ গ্ৰহণ কৰে৷
সাহিত্য অনুষ্ঠান নতুন সাহিত্য পৰিষদৰ লগত তেখেত জন্মলগ্নৰে পৰা জড়িত হৈ আছিল৷ দুটা কাৰ্যকাল তেখেতে ৰাজ্যিক সম্পাদকৰো দায়িত্ব পালন কৰিছে৷ পৰিষদৰ মুখপত্ৰ নতুন সাহিত্য খাটনিয়াৰে সম্পাদনা কৰিছিল৷ ১
বিপুল খাটনিয়াৰে লিখা গল্পৰ সংখ্যা একাধিক৷ তদুপৰি তেখেতে কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছে ৷ অসমৰ সাহিত্য-সমালোচক অৰিন্দম বৰকটকীয়ে তেখেতৰ সাহিত্য-ৰচনাৰ কথা সুঁৱৰি কয় যে,- "তেখেতৰ শক্তিশালী, প্ৰত্যয়ী আৰু দায়বদ্ধ খোজৰ শব্দ অসমীয়া সাহিত্যত সদায় থাকি যাব৷"
সাহিত্যৰাজি
গল্পৰ পুথি
- খোজৰ শব্দ, ১৯৮০
- চিনাকি মুখৰ ছবি, ১৯৯৫
- দখাৰ, ১৯৯৯
- তাই কাপোৰ নিপিন্ধে, ২০০২
- ভিন্ন জীৱন ভিন্ন কথকতা, ২০০৯
- চিনাকি মুখ অচিনাকি ছবি, ২০১০
- ঘঁৰিয়ালডাঙাৰ কথা, ২০১৬
- হাৱা ভাল চলা নাই, ২০২০
সম্পাদিত পুথি
- মোৰ সপোনৰ সূৰ্যৰ মানুহ, হেমাংগ বিশ্বাস (পৰমানন্দ মজুমদাৰৰ সৈতে যুতীয়াভাৱে)
- সূৰ্য ঢকা মেঘ (২০০১)
- নিলিখা গল্প (২০০৯)
- সাহিত্য নিৰ্মাণ প্ৰসংগ (২০০৯)
- হেমাংগ বিশ্বাস (২০১২, পৰমানন্দ মজুমদাৰৰ সৈতে)
- ফুলকুমাৰী কলিতাৰ ‘লোক-সাহিত্যৰ ৰহঘৰা ফকৰা যোজনা’ (দ্বিতীয় সংস্কৰণ, ২০১২)
- শমিক গিৰীশ চন্দ্ৰ (মদন মোহন চৌধুৰীৰ সৈতে, ২০১৪)
- স্মৃতিলেখা: অনিল ৰায়চৌধুৰী স্মাৰক গ্ৰন্থ (২০২১)
- অনিল ৰায়চৌধুৰী ৰচনাৱলী (২০২২) ১
মৃত্যু
২০২১ চনৰ ৪ জুলাই তাৰিখে বিয়লি ৪ বাজি ৫৫ মিনিটত দিছপুৰ পলিক্লিনিকত সাহিত্যিক বিপুল খাটনিয়াৰৰ দেহাৱসান ঘটে৷ তেখেত দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল৷ ১
তথ্যসূত্ৰ
- ↑ (৫ জুলাই ২০২১). বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰৰ জীৱনাসন. দৈনিক অসম. পৃ. ১, ২
- ↑ সঞ্জীৱ পল ডেকা. (২০২২). খোজৰ শব্দ. নতুন সাহিত্য পৰিষদ. পৃ. আগকথা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপুল খাটনিয়াৰ” প্ৰবন্ধৰ সংশোধন ৫৪৬৪৭৫ (৩১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।