নাহেন্দ্ৰ পাদুন (ইংৰাজী: Nahendra Padun): অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, ভাষাতত্ত্ববিদ আৰু সমালোচক। তেখেতে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ লগতে মিচিং ভাষা, সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰত অৰিহণা যোগাইছে।১
জন্ম
১৯৪১ চনত তিনিচুকীয়া জিলাত নাহেন্দ্ৰ পাদুনে জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম বেলুৰাম পাদুন আৰু মাতৃৰ নাম আৰুতি পাদুন।২
শিক্ষা
ডিব্ৰুগড়ৰ ৰবৰগুৰি, ফিল'বাৰী, ডুমডুমাত স্কুলীয়া শিক্ষাগ্ৰহণ কৰা পাদুনে পাছত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৬৫ চনত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত মাদুৰাই বিশ্ববিদ্যালয়ৰপৰা ভাষাবিজ্ঞানৰ প্ৰশিক্ষণ লয়।২
কৰ্ম জীৱন
১৯৭১ চনত শিৱসাগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰা নাহেন্দ্ৰ পাদুনে পিছত বিভাগটোৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে।২
অৱদান
মিচিং ভাষাৰ বিকাশ:
তেখেত মিচিং ভাষা-সাহিত্যৰ প্ৰধান সাহিত্য সংগঠন 'মিচিং আগম কেবাং' (Mising Agom Kébang)-ৰ প্ৰতিষ্ঠাপক আৰু সাধাৰণ সম্পাদক আছিল (১৯৭২-১৯৮০)। পৰৱৰ্তী সময়ত তেওঁ দুটা কাৰ্যকালৰ বাবে ইয়াৰ সভাপতিৰ দায়িত্বও পালন কৰে।
সদৌ গুৱাহাটী মিচিং কেবাং:
১৯৬৮ চনত প্ৰতিষ্ঠা হোৱা 'সদৌ গুৱাহাটী মিচিং কেবাং' সংগঠনটোৰ তেখেত প্ৰতিষ্ঠাপক সম্পাদকো আছিল।
গ্ৰন্থ ৰচনা:
মিচিং জনগোষ্ঠীৰ ভাষা, সংস্কৃতি আৰু সমাজক লৈ তেখেতে বহুকেইখন মৌলিক গ্ৰন্থ আৰু অসংখ্য সম্পাদিত গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া সাহিত্য জগতলৈ অৰিহণা আগবঢ়াইছে।
অসম সাহিত্য সভা:
তেখেতে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আৰু পত্ৰিকা সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি অসমীয়া সাহিত্যৰ প্ৰসাৰত উল্লেখযোগ অৰিহণা যোগাইছে।৩
কৃতিত্ব
সাহিত্যাচাৰ্য উপাধি:
অসমীয়া তথা মিচিং ভাষা-সাহিত্যলৈ তেখেতৰ অনৱদ্য অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁক ২০১৯ চনত সন্মানীয় সাহিত্যাচাৰ্য উপাধিৰে বিভূষিত কৰে।৪
জীৱনজোৰা সাধনা বঁটা:
২০২৫ চনত সাহিত্য আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ 'এচিভাৰ এৱাৰ্ডছ-২০২৫' অনুষ্ঠানত 'জীৱনজোৰা সাধনা' (Lifetime Achievement) বঁটা প্ৰদান কৰা হয়।৫
প্ৰজ্ঞাৰ সাধক সন্মান:
তেওঁৰ সাহিত্যিক কৃতিৰ বাবে তেওঁক 'প্ৰজ্ঞাৰ সাধক' সন্মানো প্ৰদান কৰা হৈছে।৬
তথ্যসূত্ৰ
- ↑ assam.news18.com/news/assam/assamese-litterateur
- ↑ web.gauhati.ac.in/convocation-29/honoris/nahendr গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবচাইট
- ↑ web-gauhati-ac-in.translate.goog/convocation-29/
- ↑ niyomiyabarta.com/assam/%e0%a6%ac%e0%a6%bf%e0%a6
- ↑ www.asomiyapratidin.in/homepage/achiever-awards-
- ↑ niyomiyabarta.com/assam/sahityacharya-nahendra-p
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাহেন্দ্ৰ পাদুন” প্ৰবন্ধৰ সংশোধন ৬৩৭০৮০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।