অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মণিকা দেৱী

মণিকা দেৱী (Manika Devee; জন্ম:১৯৭৯) এগৰাকী অসমীয়া গল্পকাৰ, গীতিকাৰ আৰু শিক্ষক। তেওঁৰ পিতৃ কামিনী কুমাৰ শৰ্মা আৰু মাতৃ তৰুলতা দেৱী। দৰং জিলাৰ মঙলদৈত তেখেতৰ জন্ম হয়। তেওঁলোকৰ মূল বাসস্থান নলবাৰীৰ নামখলাত।

হালনাগাদ: ১৯ জানুৱাৰী ২০২৪ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মণিকা দেৱী (Manika Devee; জন্ম:১৯৭৯) এগৰাকী অসমীয়া গল্পকাৰ, গীতিকাৰ আৰু শিক্ষক। তেওঁৰ পিতৃ কামিনী কুমাৰ শৰ্মা আৰু মাতৃ তৰুলতা দেৱী। দৰং জিলাৰ মঙলদৈত তেখেতৰ জন্ম হয়। তেওঁলোকৰ মূল বাসস্থান নলবাৰীৰ নামখলাত।১ ২০০৫ চনত তেখেতে ‘প্ৰিয় আলাপ’ গল্প সংকলনৰ বাবে মুনীন বৰকটকী বঁটা আৰু ২০১৪ চনত ‘জহৰ-মহৰ’ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰে৷ তেখেতে ২০১৭ চনত গীতিকাৰ হিচাপেও আত্মপ্ৰকাশ কৰে। বৰ্তমানলৈকে তেখেতৰ সৰ্বমুঠ ৯খন গল্প গ্ৰন্থ প্ৰকাশ পাইছে৷ মণিকা দেৱীৰ গীতত সুৰকাৰ সুনীল দেৱে সুৰ সংযোজনা কৰিছে আৰু পুলক বেনাৰ্জী, মিতালী দে আদি শিল্পীয়ে কণ্ঠ দান কৰিছে।১

শিক্ষা

  • প্ৰাথমিক শিক্ষাঃ বৰখলা প্ৰাথমিক বিদ্যালয় আৰু নামখলা নিম্ন বুনিয়াদী বিদ্যালয়।
  • হাইস্কুলীয়া শিক্ষাঃ বৰখলাৰ পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীলৈ, তাৰপিছত মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণী পঢ়ি তাৰপৰাই ১৯৯৫ চনত প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ।
  • ১৯৯৭ চনত সন্দিকৈ মহাবিদ্যালয়ৰ পৰা কলা শাখাত প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ।
  • সন্দিকৈ মহাবিদ্যালয়ৰ পৰা ২০০০ চনত ইংৰাজী বিভাগত স্নাতক ডিগ্ৰী লাভ।
  • কটন মহাবিদ্যালয়ৰ পৰা ২০০৩ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ।
  • ২০০৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণী লাভ কৰি বি.এড ডিগ্ৰী লাভ।

সাহিত্য কৰ্ম

  • প্ৰিয় আলাপ, বাণী মন্দিৰ, ২০০৫
  • সখীয়তী, অৰ্থাৎ প্ৰেছ, ২০০৭
  • মৈদামৰ জোনাকী, আঁক-বাক, ২০০৯
  • জহৰ মহৰ, পি.জি ইণ্ডিয়া, ২০১১
  • The Igloo (trans), পি জি ইণ্ডিয়া, ২০১৩
  • বানপানী আহিছি চমাকে ভমাকে, ভবানী বুক্চ, ২০১৪
  • বুঢ়াটোৱে ক'লে, বনফুল প্ৰকাশন, ২০১৭
  • বৈতৰণী, পূৰ্বায়ণ প্ৰকাশন, ২০২০
  • মণিকা দেৱীৰ নিৰ্বাচিত গল্প, সম্প্ৰীতি প্ৰকাশন, ২০২৩
  • ভালপোৱা: (গীতালি বৰাৰ সৈতে যুটিয়াভাবে) প্ৰকাশক পাঞ্চজন্য, ২০২৩

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ দেৱী, মণিকা. (2022). বৈতৰণী. পূৰ্বায়ণ. পৃ. লেখকৰ পৰিচয় বেটুপাৰ শেষপৃষ্ঠা. ISBN 978-81-949671-9-4
  2. ↑ YUVA PURASKAR (2011-2022). Sahitya Akademi Official Website

সম্পৰ্কিত শ্ৰেণী

সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বিজয়ীঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিকা দেৱী” প্ৰবন্ধৰ সংশোধন ৪০২৯০৪ (১৯ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।