প্ৰহ্লাদ চন্দ্ৰ তাছা (জন্ম: ২৬ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় লিখক আৰু শিক্ষাবিদ।১ শিক্ষা বিষয়ক ৰচনাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ ২০১৭ চনলৈ অসম সাহিত্য সভাৰ উপসভাপতি আছিল। ইয়াৰ আগতে তেওঁ অসম সাহিত্য সভাৰ সম্পাদক হিচাপে নিয়োজিত আছিল।২ তেওঁৰ শিক্ষা আৰু সামাজিক সমস্যাৰ ওপৰত কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে।৩ তাৰে ভিতৰত অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱনৰ ওপৰত ৰচনা কৰা "অসমৰ চাহ জনগোষ্ঠী" বিশেষ ভাবে উল্লেখযোগ্য।৪ ২০১৬ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৫
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫০ চনৰ ২৬ আগষ্ট তাৰিখে গাছেমৰাৰ এক দুখীয়া পৰিয়ালত প্ৰহ্লাদ চন্দ্ৰ তাছাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ লখন তাছা আৰু মাতৃ মুক্তি তাছা।৬ তেওঁ প্ৰাথমিক শিক্ষা গাছেমৰাতে গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ গাছেমৰা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
শিক্ষা সমাপ্ত কৰি তেওঁ ১৯৭৩ চনত ডিব্ৰুগড়ৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অস্থায়ী শিক্ষক হিচাপে যোগদান কৰিছিল। ইয়াত শিক্ষকতা কৰি থাকোঁতে তেওঁ "জমিৰা সাহিত্য সভা" গঠন কৰিছিল আৰু তেওঁ ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। অস্থায়ী পদৰ ম্যাদ শেষ হোৱাৰ পিছত তেওঁ জমিৰা চাহ বাগিচা নিম্ন প্ৰাথমিক বিদ্যালয়ত পাঁচ বছৰ কাল চাকৰি কৰে। তাৰপিছত তেওঁ ১৯৮৫ চনলৈ ৰামেশ্বৰ হাইস্কুলত শিক্ষকতা কৰিছিল। সেইসময়ত তেওঁ তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ উপপৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰে। সুদীৰ্ঘ ২৭ বছৰ কাল শিক্ষা বিভাগত চাকৰি কৰাৰ পিছত তেওঁ ২০১২ চনত ব্লক প্ৰাথমিক শিক্ষা বিষয়া পদত থাকি অৱসৰ গ্ৰহণ কৰে।৩
১৯৯৫ চনত তেওঁ ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি আৰু ২০০০ চনত জিলা সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল।৩ ২০১৩ চনত তেওঁ দুবছৰৰ বাবে অসম সাহিত্য সভাৰ সম্পাদক হিচাপে নিযুক্তি লাভ কৰিছিল। তাৰপিছত তেওঁ সাহিত্য সভাৰ উপসভাপতিৰ পদত অধিষ্ঠিত হৈছিল।২
সাহিত্যিক কীৰ্তি
প্ৰহ্লাদ চন্দ্ৰ তাছাৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। তেওঁৰ গ্ৰন্থসমূহ ঘাইকৈ শিক্ষা আৰু অসমৰ আৰ্থ-সামাজিক জীৱনৰ ওপৰত আধাৰিত। তেওঁৰ উল্লেখযোগ্য কেইখনমান মান গ্ৰন্থ হ'ল,
- অসমৰ চাহ জনগোষ্ঠী৭৮
- শতাব্দী
- ব্যক্তিত্বৰ সন্ধানত
- শিক্ষা সমীক্ষা
- শিক্ষা অন্বেষা
- চাহ বাগিচাৰত গণ সাক্ষৰতা
- চাহ বাগিচাত শিক্ষাৰ প্ৰচাৰ
- চাহ শ্ৰমিকৰ সংস্কৃতিৰ ৰূপৰেখা
- ঝুমুৰ নৃত্য গীত
- চাহ শ্ৰমিকৰ স্বাস্থ্য চিন্তা৩
২০১৬ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৯
ব্যক্তিগত জীৱন
তেওঁ হেম প্ৰভা গগৈৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুজন পুত্ৰ অনাদি স্বামী আৰু অনন্ত স্বামী দুয়োগৰাকী চিকিৎসক। তেওঁলোক পৰিয়ালসহ ডিব্ৰুগড়ত বসবাস কৰে।৩
তথ্যসূত্ৰ
- ↑ (25 January 2016). Prahlad Chandra Tasa and Ajoy Kumar Dutta from Assam wins the Padma Shri awards. Go Assam
- ↑ (2016). Executive list of Asam Sahitya Sabha. Asam Sahitya Sabha
- ↑ (2016). Penning a Success Story 1. The Sentinel
- ↑ Chandra Nath Boruah. (2009). Assamese response to regionalism. Mittal Publications. পৃ. 102–. ISBN 978-81-8324-281-3
- ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (2013). Penning a Success Story 2. The Sentinel
- ↑ Tasa, Prahlad Chandra (Ed.). (2001). Asomor chah janagosthi. Asom Sahitya Sabha
- ↑ (2016). Expatriate Bookshop of Denmark. Antiq Book
- ↑ (26 January 2016). Six from Northeast to receive Padma Shri, one Padma Bhushan. The Northeast Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰহ্লাদ চন্দ্ৰ তাছা” প্ৰবন্ধৰ সংশোধন ৫৩০৩৫৬ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।