অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

শুভনাথ দ্বিজ সৰস্বতী

শুভনাথ দ্বিজ সৰস্বতী অষ্টাদশ শতিকাৰ কবি। ডিম্বেশ্বৰ নেওগৰ মতে, মহাৰাজ শিৱসিংহৰ আদেশ অনুসৰি এওঁ ধৰ্ম সংবাদ নামে এখন সৰু পুথি ৰচনা কৰে। এই পুথিৰ বিষয়বস্তু গ্ৰহণ কৰিছে মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা।

হালনাগাদ: ৩ মে’ ২০২৫ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

শুভনাথ দ্বিজ সৰস্বতী অষ্টাদশ শতিকাৰ কবি। ডিম্বেশ্বৰ নেওগৰ মতে, মহাৰাজ চুতণফাৰ আদেশ অনুসৰি এওঁ ধৰ্ম সংবাদ নামে এখন সৰু পুথি ৰচনা কৰে। এই পুথিৰ বিষয়বস্তু গ্ৰহণ কৰিছে মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা। ধৰ্ম সংবাদ পুথি খনত ধৰ্ম ৰজাই চণ্ডাল বেশত যুধিষ্ঠিৰক অশ্বমেধ যজ্ঞ প্ৰসংগত ধৰ্ম সম্পৰ্কে প্ৰশ্ন কৰাৰ কথা বৰ্ণোৱা আছে।১

স্বৰ্গীয় সোণাৰাম চৌধাৰীয়ে শুভনাথ দ্বিজৰ পৃষ্ঠপোষকতা আহোম ৰজা শিৱসিংহ নহয় বুলি ধাৰণা কৰা হয়। শুভনাথৰ ভণিতা "শিৱ সিংহ ধৰ্মৰাজা শুণে নাৰায়ণ। কৰন্ত ভকতি সদায় কৃষ্ণৰ চৰণ"- এই দুটা চৰণ ভুলকৈ উদ্ধৃত হৈছে। তেওঁৰ মতে আচলতে হ'ব লাগে এনে --"শিৱবংশে ধৰ্ম ৰাজা হৱে নাৰায়ণ। কৰন্ত ভকতি সদা কৃষ্ণৰ চৰণ॥ নৰনাৰায়ণ হ'লে শুভনাথ দ্বিজক ষোড়শ শতাব্দীৰ কবি বুলিহে ধৰা হয়। অৱশ্যে 'ধৰ্মৰাজা হ'ৱে নাৰায়ণ' এই দুটা শব্দই ধৰ্ম নাৰায়ণকে বুজাব পাৰে,তেতিয়া পুথিখন সপ্তদশ শতিকাৰ হ'ব। কিন্তু,'ধৰ্মৰাজা হ'বে নাৰায়ণ'ৰ ঠাইত যদি 'ধৰ্মৰাজা হয় নাৰায়ণ'বুলি ধৰা হয় তেন্তে পুথিখন হয় নাৰায়ণৰ ৰাজত্ব কালৰ হ'ব। দৰাচলতে বিশ্ববিদ্যালয়ৰ সংগৃহীত পুথিত 'হয় নাৰায়ণ' আছে। শুভনাথৰ প্ৰকাশভংগী আৰু হয় নাৰায়ণৰ পৰিচয়ৰ পৰা জানিব পাৰি যে কৃষ্ণ নাৰায়ণ মায়ামৰীয়া বিদ্ৰোহৰ সময়ত দৰঙত ৰজা আছিল আৰু হয়নাৰায়ণ বেলতলা ফৈদৰ প্ৰতিষ্ঠাতা আছিল। গতিকে তেওঁৰ সময় অষ্টাদশ শতিকাৰ শেষ ভাগত হ'ব।২৩

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ড° সত্যেন্দ্ৰনাথ শৰ্মা, প্ৰকাশক -সৌমাৰ। ২০২০,গুৱাহাটী, পৃষ্ঠা ২০৪-২০৫
  2. ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা, লেখক-মহেশ্বৰ নেওগ, প্ৰকাশক-চন্দ্ৰ প্ৰকাশ। ১৯৬২,গুৱাহাটী, পৃষ্ঠা ১৯৬-১৯৭
  3. ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰথম খণ্ড, সম্পাদক - বিশ্বেশ্বৰ হাজৰিকা,প্ৰকাশক - আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা। ২০২২ - গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুভনাথ দ্বিজ সৰস্বতী” প্ৰবন্ধৰ সংশোধন ৫০৫৩৮১ (৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।