নীলিমা দত্ত (১৯২৫–২০০২) এগৰাকী প্ৰখ্যাত অসমীয়া কবি, ঔপন্যাসিক, অনুবাদক, নিবন্ধকাৰ আৰু শিশু সাহিত্যিক আছিল। তেওঁ সন্দিকৈ মহাবিদ্যালয় আৰু গুৱাহাটী মহাবিদ্যালয়ত দৰ্শন বিষয়ৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।
জন্ম আৰু শিক্ষাজীৱন
নীলিমা দত্তৰ জন্ম ১৯২৫ চনত নগাঁৱৰ শিলঘাটৰ এক সম্ভ্ৰান্ত পৰিয়ালত হৈছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিষয়ত এম.এ. ডিগ্ৰী লাভ কৰিছিল।
ব্যক্তিগত জীৱন
তেওঁ প্ৰখ্যাত কবি, দাৰ্শনিক আৰু মাৰ্ক্সবাদী চিন্তাবিদ ভবানন্দ দত্তৰ সৈতে বিবাহিত হৈছিল। স্বামীৰ অকাল মৃত্যু হওয়াত তেওঁ বৈধৱ্যজীৱন যাপন কৰে।
কৰ্মজীৱন
নীলিমা দত্তই এম.এ. ডিগ্ৰী লাভ কৰাৰ পাছত সন্দিকৈ কলেজত আৰু পাছত গুৱাহাটী কলেজত দৰ্শন বিষয়ৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।
সাহিত্য জীৱন
কাব্যসংকলন
- শেষ নাই (১৯৬৫)
- অন্ধকূপ (১৯৭১)
- প্ৰভাকৰ (১৯৭৭)
- সুৰৰ ছবি আৰু প্ৰাণৰ সুৰ (১৯৮৮)
- জোকাৰ (১৯৮৭)
উপন্যাস
- আকাশবন্তি (১৯৬৭)
- শৈল শিখৰ (১৯৬৯)
- মই আৰু আমি (১৯৮৭)
- প্ৰাণশিখা (১৯৮৭)
- ধুমুহাৰ পিছত (১৯৯২)
- সেউজীয়া সময় (১৯৯৪)
- সম্পাদক (১৯৯৮)
জীৱনী আৰু অনুবাদ সাহিত্য
- ৰতনপুৰৰ ৰত্ন ভবানন্দ দত্ত
- উইল ডুৰাণ্টৰ The Story of Philosophy গ্ৰন্থৰ অনুবাদ – দৰ্শনৰ কাহিনী (১৯৯৫)
বঁটা
- প্ৰবীণা শইকীয়া সাহিত্য বঁটা – ১৯৯৯ চন
মৃত্যু
২০০২ চনত নীলিমা দত্তৰ মৃত্যু হয়।
তথ্য উৎস
- কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলিমা দত্ত” প্ৰবন্ধৰ সংশোধন ৫২৬৯৫৮ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।