অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাৰ্থবিজয় দত্ত

পাৰ্থবিজয় দত্ত (Parthabijay Dutta, ১০ অক্টোবৰ, ১৯৮৩-৭ ফেব্ৰুৱাৰী, ২০১৯) অসমৰ এগৰাকী যুক্তিবাদী লেখক, গল্পকাৰ, কবি, প্ৰবন্ধকাৰ, শিশু সাহিত্যিক, আৰু আৰক্ষী বিষয়া। তেখেতে 'মৌচাক' আলোচনীৰ যোগেদি শিশুসকলৰ মাজত পৰিচিতি লাভ কৰিছিল।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৪ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

পাৰ্থবিজয় দত্ত (Parthabijay Dutta, ১০ অক্টোবৰ, ১৯৮৩-৭ ফেব্ৰুৱাৰী, ২০১৯) অসমৰ এগৰাকী যুক্তিবাদী লেখক, গল্পকাৰ, কবি, প্ৰবন্ধকাৰ, শিশু সাহিত্যিক, আৰু আৰক্ষী বিষয়া। তেখেতে 'মৌচাক' আলোচনীৰ যোগেদি শিশুসকলৰ মাজত পৰিচিতি লাভ কৰিছিল। পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ জীৱনৰ প্ৰথম গ্ৰন্থ "পোহৰৰ সন্ধানত" প্ৰকাশ পায়।১ মাত্ৰ ৩৬ বছৰীয়া জীৱনকালতে নিজৰ সুকীয়া লিখনশৈলীৰে অসমীয়া সাহিত্য জগতত এক বিশেষ স্থান অধিকাৰ কৰিছিল।২

জন্ম আৰু শিক্ষা

পাৰ্থবিজয় দত্তৰ জন্ম হয় ১৯৮৩ চনৰ ১০ অক্টোবৰ তাৰিখে যোৰহাটত। পিতৃৰ নাম উপেন দত্ত আৰু মাতৃ অষ্টমী দত্ত।

পাৰ্থবিজয় দত্তই যোৰহাটৰ জোনাকী সংঘ বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৯৯ চনত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হয়।২ ২০০১ চনত যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা ষ্টাৰ মাৰ্কসহ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ। ২০০৪ চনত দিল্লীৰ কিৰোৰীমল মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীসহ স্নাতক ডিগ্ৰী লাভ কৰে। ২০০৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০০৮ চনত ৱাই. এম. চি. এৰ পৰা সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্ম জীৱন

পাৰ্থবিজয় দত্তই এন. ই টিভিৰ দিল্লীস্থ কাৰ্যালয়ত কৰ্মজীৱনৰ আৰম্ভণি কৰে। এন. ই টিভিত কৰ্মৰত অৱস্থাতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰস্তুতিৰ বাবে জনমভূমি জনকল্যাণ ন্যাসে আগবঢ়োৱা জলপানি লাভ। ২০১০ চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ অসম আৰক্ষী সেৱাত যোগদান কৰে। ২০১০ চনৰপৰা ২০১২ চনলৈ উপ আৰক্ষী অধীক্ষক ৰূপে ডিব্ৰুগড়ত, ২০১২ চনৰ অক্টোবৰ মাহৰপৰা ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহলৈ মহকুমা আৰক্ষী বিষয়াৰূপে জোনাইত, ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈ উপ আৰক্ষী অধীক্ষক ৰূপে নামৰূপত, ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা ২০১৮ চনৰ নৱেম্বৰ মাহলৈ তিনিচুকীয়াত উপ আৰক্ষী অধীক্ষক (সীমান্ত) ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনৰ ডিচেম্বৰ মাহত তিতাবৰৰ অসম পুলিচ বেটেলিয়নৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে পদোন্নতি লাভ কৰে।১

মৃত্যু

২০১৯ চনৰ ৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ এখন চিকিৎসালয়ত পাৰ্থ বিজয় দত্তৰ মৃত্যু হয়।৩

সাহিত্যিক জীৱন

শিশু সাহিত্যৰ সংকলন

  • পোহৰৰ সন্ধানত (১৯৯৩, শিশু কবিতাৰ সংকলন)
  • গীত আৰু তাৰ অচিন পৃথিৱী (২০১৫)

প্ৰবন্ধ সংকলন

  • যুক্তি বাস্তৱৰ ছাঁ পোহৰত (২০১৪)
  • চেৰীফুলৰ বতৰ আৰু এটা জীৱনৰ সাধু (২০১৬)
  • প্ৰিয় চহৰৰ আত্মা (২০১৯)
  • ৰূপকথাৰ ঈশ্বৰ (২০১৯)

গল্প সংকলন

  • খণ্ডহৰ (২০১৫)
  • দূৰৈৰ ঘণ্টাধ্বনি (২০১৯)

কবিতা সংকলন

  • তোমাক কি দিলোঁ মই (যন্ত্ৰস্থ)

বঁটা আৰু সন্মান

  1. স্বৰ্ণলিপি সাহিত্য বটাঁ ২০১৯
  2. 'শব্দশিল্প'ৰ পৰা সাহিত্যজ্যোতি সন্মান
  3. শিক্ষা সৌৰভ বঁটা
  4. সাহিত্য নক্ষত্ৰ সন্মান
  5. JOHN BEATS OF ASSAM উপাধি
  6. সাহিত্য প্ৰদীপ সন্মান

সাহিত্যক্ষেত্ৰত

  1. শিক্ষা সৌৰভ বঁটা (২০১৬), গতি অসম, যোৰহাট।
  2. A.T.C Literary Award, 2017, A.T.C, Mumbai.
  3. নামফাকে সাহিত্য সন্মান ( ২০১৮), প্ৰশান্তি বন্ধন, নাহৰকটীয়া।
  4. সাহিত্য নক্ষত্ৰ সন্মান (২০১৯), কিশলয় সাহিত্য গোষ্ঠী, ডিগবৈ।
  5. সাহিত্য প্ৰদীপ সন্মান ( ২০১৯), ধ্ৰুপদী ৰূপান্তৰ, গোলাঘাট, অসম।
  6. সাহিত্য শিৰোমণি সন্মান (২০১৯), নৱ পল্লৱ, গুৱাহাটী, অসম।
  7. সাহিত্যজ্যোতি সন্মান (২০১৯), শব্দশিল্প‌, গুৱাহাটী, অসম।
  8. John Keats of Assam উপাধি প্ৰদান (২০১৯),শাশ্বত সাহিত্য গোষ্ঠী, শিৱসাগৰ।
  9. বৰেণ্য সাহিত্যিক সন্মান (২০১৯), অসম সাহিত্য গোষ্ঠী, নলবাৰী, অসম।
  10. স্বৰ্ণলিপি সাহিত্য বঁটা (২০১৯), গুৱাহাটী, অসম।

কৰ্মক্ষেত্ৰত

পাৰ্থবিজয় দত্তই অসম আৰক্ষীৰপৰা লাভ কৰা সন্মান

  1. গাৰ্ড অৱ অনাৰ আৰু চালাম এ চৌচ

বিশেষ সন্মান

অসম আৰক্ষীয়ে প্ৰতি বছৰে অসম আৰক্ষী সেৱাৰ 'বেষ্ট কেডেট'জনক 'পাৰ্থবিজয় দত্ত বেষ্ট কেডেট এৱাৰ্ড' দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছে।

তথ্যসূত্ৰ

  1. ↑ (Feb 7 2019). Partha Bijoy – A multifaceted police officer passes away. Pratidin Time
  2. ↑ স্বৰ্ণলিপি সাহিত্য বঁটা প্ৰদানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা পুস্তিকা।
  3. ↑ Demise of noted author Partha Bijoy Dutta. The Sentinel

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্থবিজয় দত্ত” প্ৰবন্ধৰ সংশোধন ৪৪৮০১৩ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।