অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিশ্বজ্যোতি শৰ্মা

বিশ্বজ্যোতি শৰ্মা ( Bishwajyoti Sharma; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপক৷ তেখেত বৰ্তমান প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ৰয়াসন বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেখেত অসম সাহিত্য সভাৰ প্ৰাগজ্যোতিকা শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেখেত তিতাবৰ অঞ্চলৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ লগতো জড়িত হৈ আছে৷ গৰীয়সী, প্ৰকাশ,…

হালনাগাদ: ৪ মে’ ২০২৬ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

বিশ্বজ্যোতি শৰ্মা ( Bishwajyoti Sharma; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপক৷ তেখেত বৰ্তমান প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ৰয়াসন বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেখেত অসম সাহিত্য সভাৰ প্ৰাগজ্যোতিকা শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেখেত তিতাবৰ অঞ্চলৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ লগতো জড়িত হৈ আছে৷ ১ গৰীয়সী, প্ৰকাশ (আলোচনী), অন্যযুগ, বসুন্ধৰা আদিত তেখেতৰ কুৰিটাতকৈয়ো অধিক গল্প প্ৰকাশ হোৱাৰ লগতে শতাধিক প্ৰবন্ধ অসমৰ বিভিন্ন আলোচনী, বাতৰি কাকতত প্ৰকাশ পাইছে৷

জন্ম আৰু বংশ পৰিচয়

১৯৭৭ চনৰ ১ ডিচেম্বৰ৷ যোৰহাট জিলাৰ বিবিজান গাঁৱত৷ পিতৃৰ নাম ব্ৰহ্মদেউ পাণ্ডে আৰু মাতৃৰ নাম বিনয় দেৱী পাঠক৷

শিক্ষা

  • হাইস্কুল শিক্ষান্ত পৰীক্ষা- তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৯৯৩
  • হায়াৰচেকেণ্ডেৰী- নন্দনাথ শইকীয়া মহাবিদ্যালয়, ১৯৯৫
  • স্নাতক ডিগ্ৰী-নন্দনাথ শইকীয়া মহাবিদ্যালয়, ১৯৯৮
  • স্নাতকোত্তৰ ডিগ্ৰী- ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০০১
  • এম.ফিল- বিনায়ক মিছন ইউনিভাৰ্চিটি, চালেম, ২০০৯
  • বি.এড- গুৱাহাটী বিশ্ববিদ্যালয়, ২০১০

সাহিত্যৰাজি

  • উলটি আহ ল’ৰালিৰ ধেমালি, অসম সাহিত্য সভা, তিতাবৰ শাখা, ২০১৫
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৃষ্ণচূড়াৰ ৰং, বনফুল প্ৰকাশন, ২০১৫
  • তেজপিয়া, বনলতা,২০১৭২
  • আংৰা, এম.আৰ. প্ৰকাশন, ২০১৮
  • নীলকণ্ঠী, বনলতা, ২০১৯
  • আড়াল, আঁক-বাক, ২০২১ ৩
  • শিপা,(সম্পা.), নিজা প্ৰকাশ, প্ৰাগজ্যোতিকা সাহিত্য শাখা, গল্প সংকলন

বঁটা আৰু সন্মান

  • অসম সাহিত্য সভাৰ ‘সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা বঁটা’, ২০১৯১
  • বিন্দু সাহিত্য সন্মান, শ্ৰেষ্ঠ উপন্যাস বঁটা- ২০১৭
  • Teacher of Excellence in Chemistry in 2015, Govt. of Assam

তথ্যসূত্ৰ

  1. ↑ নীলকণ্ঠী উপন্যাসৰ বাবে বিশ্বজ্যোতি শৰ্মালৈ অসম সাহিত্য সভাৰ বিশেষ যুৱ সাহিত্য বঁটা, অইল ইণ্ডিয়ালৈও সন্মান…
  2. ↑ তেজপীয়া
  3. ↑ আংৰা

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বজ্যোতি শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬০৪৩৫৬ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।