অসমীয়া সাহিত্যিক
২৫১ প্ৰবন্ধ
-
সত্যকাম বৰঠাকুৰ
সত্যকাম বৰঠাকুৰ (Satyakam Borthaur; একাধাৰে কবি, প্ৰবন্ধকাৰ, সম্পাদক, অধ্যাপক ৷ তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক৷ তেখেতে ইতিমধ্যেই চাৰিখনকৈ কবিতা পুথি প্ৰকাশ কৰিছে আৰু বহুকেইখন প্ৰবন্ধ পুথি লিখি উলিয়াইছে৷ সেইদৰে তেওঁ এঘাৰখনতকৈয়ো অধিক পুথি সম্পাদনা কৰিছে৷ সাহিত্য…
-
সুপ্ৰকাশ ভূঞা
সুপ্ৰকাশ ভূঞা (Suprakash Bhuyan, জন্ম: ১৯৯০) হৈছে অসমৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ গল্পকাৰ আৰু সাহিত্যিক। ২০২৩ চনত প্ৰকাশিত তেওঁৰ দ্বিতীয়খন গল্প সংকলন কুঁচিয়ানামাৰ বাবে তেওঁ ২০২৫ বৰ্ষৰ অসমীয়া ভাষাৰ প্ৰতিষ্ঠিত সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
-
সোণাৰাম পাঞাং কটকী
সোণাৰাম পাঞাং কটকী (১৮৮৫ – ২০ অক্টোবৰ ১৯৫২) এগৰাকী মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি।
-
হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য
হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য (Hiranya Kumar Bhattacharyya) অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু সাহিত্যিক আছিল। ১৯৫৮ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিৰ্বাচিত হোৱা হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যৰ ঐতিহাসিক অসম আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল।
-
ৰাজেন ৰাভা
ৰাজেন ৰাভা (Rajen Rabha) আছিল গোৱালপাৰা জিলাৰ দুধনৈৰ এগৰাকী শিক্ষক, সাহিত্যিক, সমাজ সেৱক। তেওঁৰ 'ৰাভা জনজাতি' এখনি উচ্চস্তৰৰ সাংস্কৃতিক গৱেষণা গ্ৰন্থ।
-
অনন্ত কায়স্থ
অনন্ত কায়স্থ বা হৃদয়ানন্দ সপ্তদশ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি। সপ্তদশ শতিকাৰ ৰামায়ণ ৰচকসকলৰ ভিতৰত অনন্তদাস বা হৃদয়ানন্দ কায়স্থৰ 'শ্ৰীৰাম-কীৰ্তন' বিশেষভাবে উল্লেখযোগ্য। মায়ঙৰ কালশিৰা গোসাঁইৰ বংশাৱলীৰপৰা জনা যায় যে অনন্ত বা হৃদয়ানন্দৰ পিতৃৰ নাম যদুগিৰি।
-
অনুজ বৰুৱা
অনুজ বৰুৱা (Anuj Baruah; ১৯৬৪ – ২০২১) অসমৰ এগৰাকী লেখক, আদৰ্শ জৈৱিক কৃষক, কৃষি গৱেষক। 'মহা অৰণ্য' উপন্যাসখনৰ বাবে তেওঁ সকলোৰে পৰিচিত। এই উপন্যাসখনখন প্ৰান্তিকত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। নিজা গৱেষণাগাৰত ভোট জলকীয়াৰ স্প্ৰে’ উদ্ভাৱন কৰিছিল।
-
অনুপমা দত্ত শইকীয়া
অনুপমা দত্ত শইকীয়া (Anupama Dutta Saikia) অসমৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক আৰু অনুবাদক। তেওঁ মূলতঃ কন্নড় ভাষাৰ গুৰুত্বপূৰ্ণ সাহিত্যকৰ্মসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ বাবে পৰিচিত।
-
অনুপমা দেৱী
অনুপমা দেৱী ( Anupama Devi) অসমৰ এগৰাকী অনুবাদক তথা সাহিত্যিক আৰু সমাজকৰ্মী৷ অসমীয়া, বাংলা, ইৰাজী আৰু সংস্কৃত ভাষাত ব্যুৎপত্তি থকা অনুপমা দেৱীয়ে বিভিন্ন ভাষাৰ সাহিত্য অসমীয়া ভাষালৈ অনুবাদ কৰিছে৷ আৰু বৰ্তমান তেওঁ নলবাৰীৰ “ক’লেজ পথ’’ত বাস কৰে৷
-
অম্বিকানাথ বৰা
অম্বিকানাথ বৰা (Ambikanath Bora; ১৮৯১ - ১৯৬৮) এগৰাকী লেখক আৰু শিক্ষাবিদ আছিল।
-
অমৰেশ দত্ত
অমৰেশ দত্ত (Amaresh Datta) হ'ল ইংৰাজী সাহিত্যৰ এজন ভাৰতীয় পণ্ডিত। সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰকাশিত ভাৰতীয় সাহিত্যৰ বিশ্বকোষ খনৰ তেখেত আছিল মুখ্য সম্পাদক।
-
ইলা বৰগোহাঁই
ইলা বৰগোহাঁই (Ila Borgohain) অসমৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ। ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সাহিত্যিকগৰাকীক ২০২১ চনৰ অমল প্ৰভা দাস বঁটাৰে সন্মানিত কৰে।
-
ইলু দেৱী বৰুৱা
ইলু দেৱী বৰুৱা (ইংৰাজী: Elu Devi Baruah) এগৰাকী অসমীয়া সাহিত্যিক আৰু চিত্ৰশিল্পী | অসমৰ সকলো আগশাৰীৰ কাকত আলোচনীৰ তেখেত এজন নিয়মীয়া প্ৰবন্ধকাৰ | তেখেত বৃহত্তৰ অসমৰ (মেঘালয় সহ ) প্ৰথম গৰাকী মহিলা সহকাৰী কাৰাগাৰ অধীক্ষক আছিল।
-
কনক চন্দ্ৰ চহৰীয়া
কনক চন্দ্ৰ চহৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আৰু ভাষা সাহিত্যৰ এগৰাকী আলোচক।
-
কমলা বৰগোহাঁই
কমলা বৰগোহাঁই (Kamala Borgohain) হৈছে এগৰাকী গল্পকাৰ, ঔপন্যাসিক।
-
কুতুবুদ্দিন আহমেদ
কুতুবুদ্দিন আহমেদ (Kutubuddin Ahmed; ৩ জানুৱাৰী ১৯৪৮- ৪ এপ্ৰিল ২০২১) হ'ল এজন অসমীয়া লেখক, সমালোচক আৰু অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা। আহমেদৰ জন্ম হৈছিল যোৰহাটৰ পুলিবৰত ১৯৪৮ চনৰ ৩ জানুৱাৰীত মাহত |
-
কুমুদ গোস্বামী
কুমুদ গোস্বামী এগৰাকী অসমীয়া গল্পকাৰ, সম্পাদক আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব। ষাঠিৰ দশকত গল্প, কবিতা আৰু উপন্যাসেৰে সাহিত্য চৰ্চা আৰম্ভ কৰা কুমুদ গোস্বামী শেষৰ ফালে গল্পকাৰ ৰূপে বিশেষ পৰিচিতি লাভ কৰে। ১৯৪৮ চনত কামৰূপ জিলাৰ পলাশবাৰীত কুমুদ গোস্বামীৰ জন্ম হৈছিল।
-
গোপাল মিশ্ৰ
গোপাল মিশ্ৰ (Gopal Mishra) গোপাল মিশ্ৰ দামোদৰৰ শিষ্য আৰু খুদীয়া সত্ৰৰ প্ৰতিষ্ঠাতা। এওঁ খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত জন্ম গ্ৰহণ কৰে আৰু সপ্তদশ শতিকাৰ প্ৰথম ভাগলৈকে সম্ভৱতঃ জীৱিত আছিল। গোপাল মিশ্ৰৰ উপাধিও 'কবিৰত্ন' আছিল। এওঁ ভট্টদেৱৰ পৰম সুহৃদ আছিল আৰু পৰস্পৰে 'সখি' বুলি সম্বোধন কৰিছিল।
-
গোবিন্দ্ৰচন্দ্ৰ পৈৰা
গোবিন্দ্ৰচন্দ্ৰ পৈৰা (১৯১৭-১৯৯৯) (ইংৰাজী: Govindra Chandra Poira) জন্মসূত্ৰে নেপালীভাষী এগৰাকী অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক৷ আৱাহন, জয়ন্তী আদি আলোচনীত তেওঁৰ গল্প প্ৰকাশ পাইছিল৷
-
চন্দ্ৰবালা বৰুৱা
চন্দ্ৰবালা বৰুৱা (Chandrabala Barua) এগৰাকী আৱাহন যুগৰ অসমীয়া লেখিকা।
-
জয়া সেনাপতি
জয়া সোনাপতি (Joya Senapati) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত ‘ সদৌ অসম লেখিকা সমাৰোহ সমিতি’ৰ উপ-সভানেত্ৰী হিচাপে কৰ্মৰত৷ সেইদৰে তেখেত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নাওবৈচা শাখা সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল৷ বৰ্তমান সময়ত তেখেত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী হিচাপে…
-
জিন্তু গীতাৰ্থ
জিন্তু ঠাকুৰীয়া (Jintu Thakuria) একাধাৰে গল্পকাৰ, সম্পাদক তথা অধ্যাপক। কৰ্মসূত্ৰে বৰ্তমান তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক। তেখেতে ২০২৩ বৰ্ষৰ জুন মাহত 'মন মৰা তৰা’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
জ্যোতিষ শিকদাৰ
জ্যোতিষ শিকদাৰ (জন্ম: ১০ নৱেম্বৰ ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ। আশীৰ দশকৰ পৰা প্ৰান্তিক আলোচনীৰ জৰিয়তে তেওঁ সাহিত্যক্ষেত্ৰত আত্মপ্ৰকাশ কৰে। তেওঁৰ গল্পসমূহত প্ৰেম, জীৱনৰ বিষাদ, সমাজচেতনা আদি বিষয়ৰ সুদক্ষ প্ৰতিফলন দেখা যায়।
-
ড° মালিনী
ড০ নীলিমা শইকীয়া (Dr Neelima Saikia) বা ড০ মালিনী (Dr Malinee ) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী, লেখিকা, গৱেষিকা, বক্তা আৰু ৰামায়ণী তথা মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ তেখেত যোৰহাট, অসমস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ (পূৰ্বতে আঞ্চলিক গৱেষণাগাৰ) প্ৰাক্তন বিজ্ঞানী৷ ড০ নীলিমা…
-
তালেবৰ ৰহমান
তালেবৰ ৰহমান(Talebor Rahman) এজন অসমীয়াশিক্ষক, সক্ৰিয় সমাজকৰ্মী আৰু মানৱতাবাদী সাহিত্যক। তেওঁৰ ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল।
-
তীৰ্থ ফুকন
তীৰ্থ ফুকন (ইংৰাজী: Tirth Phukan) এগৰাকী অসমীয়া অনুবাদক আৰু সাহিত্যিক। তেওঁ ২০০০ চনত ভীষ্ম সাহনীৰ বিখ্যাত হিন্দী উপন্যাস তমসৰ অসমীয়া অনুবাদৰ বাবে তেওঁ সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ উমাপ্ৰসাদ মুখোপাধ্যায়ৰ বাংলা ভ্ৰমণকাহিনী মণিমহেশ অসমীয়ালৈ অনুবাদ কৰে।
-
তোষেশ্বৰ চেতিয়া
তোষেশ্বৰ চেতিয়া (Toseswar Chetia) ‘নতুন পৃথিৱী’ আৰু 'নতুন সাহিত্য পৰিষদ'ৰ এগৰাকী নেতা সাহিত্যিক। তেওঁ একাধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক আৰু নিবন্ধকাৰ। সমাজতন্ত্ৰ-সাম্যবাদত বিশ্বাসী আৰু সংগ্ৰামী সাহিত্যিক।
-
ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানী
ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানী (১৮৭৫-১৯৫৪) চল্লিশৰ দশকৰ এগৰাকী অসমীয়া লেখিকা আছিল। দুখন শিশু গ্ৰন্থ ৰচনা কৰাৰ লগতে বৰুৱানীয়ে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী নিবাস আৰু যোৰহাট বালিগাওঁ বালিকা বিদ্যালয় প্ৰতিষ্ঠাত আগভাগ লৈছিল। তেওঁ বিখ্যাত চাহ খেতিয়ক ৰায়বাহাদুৰ জগন্নাথ বৰুৱাৰ সহধৰ্মিনী।
-
ধনদা দেৱী
ধনদা দেৱী (Dhanada Devi) হৈছে এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ। তেখেতৰ ঘৰ অসমৰ লখিমপুৰ জিলাত। দেৱীৱে অসমীয়া বিষয়ৰ বিষয় শিক্ষয়িত্ৰী হিচাপে ২০২১ বৰ্ষত হাৰমতী হায়াৰছেকেণ্ডেৰীৰপৰা অৱসৰ গ্ৰহণ কৰে।
-
নীলিম আকাশ কাশ্যপ
নীলিম আকাশ কাশ্যপ (Neelim Akash Kashyap) অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ। তেখেতে বহুকেইখন উপন্যাস লিখাৰ লগতে জুবিন গাৰ্গৰ গীতক বিষয়বস্তু হিচাপে লৈ গল্প ৰচনা কৰিছে। তেখেত পেচাত এজন শিক্ষা বিভাগৰ কৰ্মচাৰী।