অসমীয়া সাহিত্যিক
২৫১ প্ৰবন্ধ
-
ললিত কুমাৰ বৰুৱা
ললিত কুমাৰ বৰুৱা অসমৰ এগৰাকী চিকিৎসক, সাহিত্যিক আৰু সমাজহিতৈষী ব্যক্তি আছিল। তেখেতৰ নিজৰ গ্ৰন্থ প্ৰকাশন আৰু ফাৰ্মাচী আছিল। বৰুৱাৰ প্ৰকাশনটোৰ নাম- ‘বিজয় প্ৰকাশ ভৱন’ আৰু ফাৰ্মাচীখনৰ নাম আছিল- ‘মাধৱদেৱ মেডিকেল হ’ল’। তেখেতেই নেতৃত্ব বহন কৰি নগাঁৱত হলধৰ ভূঞা সমন্বিতে শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ জন্ম দিয়ে।
-
লোহিত দত্ত বৰুৱা
লোহিত দত্ত বৰুৱা ( Lohit Dutta Baruah) আমেৰিকাৰ হিউষ্টন চহৰত বাস কৰা এগৰাকী প্ৰবাসী অসমীয়া। ইংৰাজী আৰু অসমীয়া ভাষাত ৰচনা কৰা কেইবাখনো গ্ৰন্থৰ উপৰি তেওঁ অসমৰ অধুনা প্ৰচলিত একাধিক আগশাৰীৰ আলোচনীত সমসাময়িক আৰু সামাজিক-সাংস্কৃতিক বিষয়ক প্ৰবন্ধ লিখিছিল।
-
সংগীতা বৰুৱা পিছাৰ'তি
সংগীতা বৰুৱা পিছাৰ'তি (Sangeeta Barooah Pisharoty) হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাংবাদিক তথা লেখক। তেওঁ 'ইউনাইটেড নিউজ অৱ ইণ্ডিয়া'ৰ নতুন দিল্লী শাখা কাৰ্যালয়ত যোগদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিক।
-
সদা বেজবৰুৱা
সদা বেজবৰুৱা (Soda Bezboruah) হৈছে এগৰাকী অসমীয়া সাহিত্যৰ লেখক।
-
সুখ বৰুৱা
ড° সুখ বৰুৱা (Sukha Baruah, ৩১ ডিচেম্বৰ ১৯৪৬ - ৩ ছেপ্টেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় নাৰীবাদী, শিক্ষাবিদ, সাহিত্যিক তথা নাৰী শিক্ষাৰ বাটকটীয়া আছিল। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° সুখ বৰুৱা বৃহত্তৰ মৰাণ অঞ্চলৰ স্ত্ৰী শিক্ষাৰ বাটকটীয়া ১৯৯২ চনত স্থাপিত মৰাণ মহিলা মহাবিদ্যালয়ৰ…
-
স্বাতী কিৰণ
স্বাতী কিৰণ (Swati Kiran) হৈছে এগৰাকী প্ৰবন্ধকাৰ, সাহিত্য সমালোচক, অনুবাদক। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী প্ৰাধ্যাপক। গৰীয়সী, সাতসৰী, প্ৰকাশ আদিকে ধৰি সাম্প্ৰতিক সময়ৰ অসমৰ প্ৰায়বোৰ কাকত আলোচনীত স্বাতী কিৰণৰ প্ৰবন্ধ, সমালোচনা আৰু অনুবাদ গল্প আদি প্ৰকাশ পাইছে।
-
হিমলা বৰুৱানী
হিমলা বৰুৱানী (Himala Baruani; ১৮৭৭-১৯৪৮) এগৰাকী অসমীয়া লেখিকা। তেওঁ ভগৱতীপ্ৰসাদ বৰুৱা আৰু পাৰ্বতিপ্ৰসাদ বৰুৱাৰ মাতৃ আছিল।
-
হিৰণ্ময়ী দেৱী
হিৰণ্ময়ী দেৱী (Hiranmayee Devi)(জন্ম,১৯৩৩- মৃত্যু ২০২৪, ৩ ডিচেম্বৰ) এগৰাকী অসমীয়া শিক্ষয়িত্ৰী, লেখিকা। তেওঁ ‘’মাটিৰ চাকিৰ শিখা’’, ‘’হৃদয়ৰ অৰণ্যত’’ আদি কবিতাপুথিৰ লগতে কেইবাখনো শিশু সাহিত্য, জীৱনী সাহিত্য়, প্ৰবন্ধ পুথি, অনুবাদ পুথি ৰচনা কৰি গৈছে।
-
ৰঞ্জিত বৰঠাকুৰ
ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ(Brigadier Ranjit Barthakur) এগৰাকী সেনা বিষয়া, অসম লোকসেৱা আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু অসমীয়া লেখক।
-
ৰথীন্দ্ৰ নাথ গোস্বামী
ৰথীন্দ্ৰ নাথ গোস্বামী (Rothindra Nath Goswami) এগৰাকী অসমীয়া ভূতত্ত্ববিদ, শিশু সাহিত্যিক, বিজ্ঞান, কল্পবিজ্ঞান আৰু ভ্ৰমণ কাহিনীৰ লেখক। শান্তনু তামূলীৰ দ্বাৰা সম্পাদিত অসমীয়া শিশু আলোচনী মৌচাকৰ জৰিয়তে শিশু-সাহিত্যৰ জগতখনত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত সেইখন আলোচনীতে চিচিং নামৰ এটি কাল্পনিক…
-
ৰামমিশ্ৰ
কবি ৰামমিশ্ৰ (ইংৰাজী: Ram Mishra) আহোম ৰজা জয়ধ্বজসিংহৰ (১৬৫০-৬৩খ্ৰী.) ৰাজত্বকালত উদ্ধৱ হয়।