অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মানিক বড়া

মাণিক বড়া আছিল অসমৰ এগৰাকী সাহিত্যিক আৰু তথ্যচিত্ৰ নিৰ্মাতা আৰু পৰিচালক। ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগ নামৰ চলচ্চিত্ৰতো তেওঁ মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। বড়াৰ উপন্যাসমূহৰ ভিতৰত 'বৈৰাগী বিহংগ' প্ৰধান। অসমৰ বিভিন্ন ঠাইৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰসমূহৰ বাবে তেওঁ‌ বিশেষভাৱে পৰিচিত।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৪ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মাণিক বড়া আছিল অসমৰ এগৰাকী সাহিত্যিক আৰু তথ্যচিত্ৰ নিৰ্মাতা আৰু পৰিচালক। ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগ নামৰ চলচ্চিত্ৰতো তেওঁ মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। বড়াৰ উপন্যাসমূহৰ ভিতৰত 'বৈৰাগী বিহংগ' প্ৰধান। অসমৰ বিভিন্ন ঠাইৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰসমূহৰ বাবে তেওঁ‌ বিশেষভাৱে পৰিচিত। বড়াই বিস্ময় আলোচনীৰ সহকাৰী সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।১

কৰ্মজীৱন

মাণিক বড়া মূলতঃ সাহিত্য ৰচনা আৰু তথ্যচিত্ৰ নিৰ্মাণৰ বাবে জনাজাত আছিল। তেওঁ‌ বিস্ময় আলোচনীত ধাৰাবাহিকভাৱে "গল্পৰ চলেৰে বুৰঞ্জী কোৱা" বৈৰাগী বিহংগ নামৰ এক উপন্যাস ৰচনা কৰিছিল। ১৯৮৩ চনত এই উপন্যাসখনক গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হয়। অসম আন্দোলনক প্ৰধান উপজীৱ্য হিচাপে লৈ বড়াই 'আকৌ শৰাইঘাট' নামেৰে আন এখন উপন্যাস ৰচনা কৰিছিল। ৭০-ৰ দশকত তেওঁ‌ বিস্ময়ৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ 'ৰংঘৰ' নামৰ চলচ্চিত্ৰ বিষয়ক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ চিত্ৰনাট্য আৰু নাটক ৰচনা কৰাৰ লগতে বহুসংখ্যক চুটিগল্পও ৰচনা কৰিছিল।

বড়াই ১৯৭৭ চনত মুক্তিপ্ৰাপ্ত ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগ চলচ্চিত্ৰৰ মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ যোগেদিয়েই তেওঁ‌ চিত্ৰনাট্যকাৰ হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল।২

বড়াই নিৰ্মাণ কৰা 'অপৰূপ ৰংপুৰ' শীৰ্ষক তথ্যচিত্ৰখন অসমৰ প্ৰথমখন বিহংগম দৃষ্টিৰ তথ্যচিত্ৰ। হেলিকপ্টাৰৰ সহায়ত নলিন দুৱৰাই দৃশ্যগ্ৰহণ কৰা এই তথ্যচিত্ৰখনৰ বিষয়বস্তু হৈছে শিৱসাগৰ জিলাৰ মধ্যযুগীয় কীৰ্তিচিহ্নসমূহ। 'শিলেও কথা কয়' শীৰ্ষক আন এখন ছবিৰ বিষয়বস্তু আছিল অসমৰ পুৰাতাত্বিক স্থলসমূহ। 'মদন-কামদেৱ' আৰু 'ভয়চ্ অব চাইলেন্স' নামৰ তথ্যচিত্ৰ দুখন মদন কামদেৱ দেৱালয়ৰ ভাস্কৰ্যসমূহক লৈ নিৰ্মিত।১ তেওঁৰ অন্তিমখন তথ্যচিত্ৰ আছিল গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য পাহাৰৰ ভগ্নাৱশেষসমূহৰ বিষয়ে। তেওঁ অসমৰ পুৰাতাত্বিক গৱেষণাৰ লগতো জড়িত আছিল।২

সত্ৰীয়া সংগীতৰ ওপৰতো বড়াৰ জ্ঞান আছিল আৰু তেওঁকেই গড়মূৰ সত্ৰৰ ৰাসলীলাৰ নৃত্য-নাটিকাক সত্ৰৰ আওঁ‌তাৰ বাহিৰলৈ আনি উন্মোচিত কৰাৰ কৃতিত্ব দিয়া হয়।২

দেহাৱসান

২০১৮ চনৰ ৬ নৱেম্বৰত শ্বাস-প্ৰশ্বাসজনিত কাৰণত গুৱাহাটীত বড়াই শেষ নিশ্বাস ত্যাগ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ (৬ নৱেম্বৰ ২০১৮). চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, লেখক মাণিক বৰাৰ দেহাৱসান. এন ই নাও নিউজ
  2. ↑ (6 November 2018). Writer, filmmaker Manik Bora passes away. The Assam Tribune
  3. ↑ (৬ নৱেম্বৰ ২০১৮). Renowned Writer Manik Bora Passes Away. প্ৰতিদিন টাইম

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানিক বড়া” প্ৰবন্ধৰ সংশোধন ৪৪৮১৮৩ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।