অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিধি লেভি ফাৰৱেল

নিধি লেভি ফাৰৱেল বা নিধি লিবাই ফাৰৱেল (১৮২৭-১৮৭৩) এজন অৰুণোদই যুগৰ লেখক। তেওঁৰ প্ৰকৃত নাম নিধিৰাম কেওট। তেওঁ ১৮২৭ চনত গহপুৰত জন্মগ্ৰহণ কৰিছিল। ১৮৪১ চনত খ্ৰীষ্টান ধৰ্মত দীক্ষা লোৱাৰ পাছত তেওঁ নামটো সলাই নিধি লেভি ফাৰৱেল কৰে। নিধি লেভি ফাৰৱেলেই প্ৰথম অসমীয়া খ্ৰীষ্টান।

হালনাগাদ: ২১ মে’ ২০২৬ ৫৬৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

নিধি লেভি ফাৰৱেল বা নিধি লিবাই ফাৰৱেল (১৮২৭-১৮৭৩) এজন অৰুণোদই যুগৰ লেখক। তেওঁৰ প্ৰকৃত নাম নিধিৰাম কেওট। তেওঁ ১৮২৭ চনত গহপুৰত জন্মগ্ৰহণ কৰিছিল। ১৮৪১ চনত খ্ৰীষ্টান ধৰ্মত দীক্ষা লোৱাৰ পাছত তেওঁ নামটো সলাই নিধি লেভি ফাৰৱেল কৰে। নিধি লেভি ফাৰৱেলেই প্ৰথম অসমীয়া খ্ৰীষ্টান।১ ইয়াৰ পাছত ফাৰৱেলে অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ আৰু অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ অৰ্থে নিজকে আত্ম-নিয়োগ কৰে। অৰুণোদই কাকতত তেৱেঁই সবাতোকৈ বেছি গদ্য আৰু পদ্য ৰচনা কৰিছিল। ১৮৭৩ চনৰ ২৮ জানুৱাৰীত তেওঁৰ মৃত্যু হয়। ২

জন্ম আৰু ধৰ্মান্তৰণ

নিধি লেভি ফাৰৱেলে ১৮২৭ চনত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃদত্ত নাম আছিল নিধিৰাম কেওঁট। তেওঁ তেতিয়াৰ সমাজৰ নিম্নশ্ৰেণীৰ বুলি গণ্য কৰা কেওট সম্প্ৰদায়ৰ লোক আছিল। কোনোৱে নিধিৰ জন্ম তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ সূতা গাঁৱত বুলি কয়। কিন্তু তেওঁ নিজে অৰুণোদই কাকতৰ ৭ম বছৰৰ ২য় সংখ্যাত জন্মস্থান গহপুৰ বুলি উল্লেখ কৰিছে।৩ সৰুতেই তেওঁ পিতৃ-মাতৃক হেৰুৱাই মাউৰা হৈছিল।

১৮৩৬ চনত অসমত খৃষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ড° নাথান ব্ৰাউনৰ নেতৃত্বত এটি খৃষ্টান মিছনেৰী দল অসমলৈ আহে। তেওঁলোকে অসমৰ বিভিন্ন ঠাই ঘূৰি-ফুৰি ছয় বছৰৰ মূৰত মাত্ৰ নিধিৰাম কেওটক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰিবলৈ সমৰ্থ হয়। খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা তেওঁ প্ৰথম স্থানীয় বা অসমীয়া লোক। ১৮৪১ৰ চনৰ ১৩ জুনৰ দিনা জয়পুৰত মাইলছ ব্ৰনছনে নিধিৰাম কেওঁটক খ্ৰীষ্টান ধৰ্মত দীক্ষা দিয়ে। ধৰ্ম গ্ৰহণ অনুষ্ঠানত ফাৰৱেল নামেৰে এজন ধনী আমেৰিকান চাহাবে খৰচৰ ধন দিবলৈ গাত লোৱাত নিধিৰামক চাহাবজনৰ নাম অনুসৰি 'ফাৰৱেল' উপাধি প্ৰদান কৰা হয়। তেতিয়াৰ পৰা নিধিৰাম কেওট 'নিধি লেভি ফাৰৱেল' হয়।৪

সাহিত্য কৰ্ম

খ্ৰীষ্টান মিচনেৰীসকলে অসমত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমীয়া ভাষা শিকি, অসমীয়া ভাষাত ধৰ্মমূলক পুথি প্ৰণয়নত মনোযোগ দিয়ে। নিধি লেভি ফাৰৱেলে তেওঁলোকক এই কাৰ্যত সহায়-সহযোগ আগবঢ়ায়। নিধি ফাৰৱেল নিজৰ গুণৰ বলত ড° নাথান ব্ৰাউন আৰু মালছ ব্ৰনছন চাহাবৰ অতি প্ৰিয়পাত্ৰ হ'বলৈ সমৰ্থ হৈছিল।৪ তেওঁ ইংৰাজী আৰু অসমীয়া দুয়ো ভাষাতেই পাৰ্গত হৈ উঠিছিল। মিছনেৰী ছপাশালত কাম কৰাৰ লগতে তেওঁ অৰুণোদয়ৰ প্ৰায় প্ৰতিটো সংখ্যাতে গদ্য বা পদ্য লিখিছিল।৫ তেওঁৰ সাহিত্য কৰ্মৰাজিক দুটা ভাগ কৰিব পাৰি, ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে লিখা ধৰ্মমূলক লেখা আৰু অসমীয়া ভাষা সাহিত্য বিকাশৰ বাবে লেখা। অৰুণোদইত তেওঁ 'বিনয় বচন', 'তীৰ্থৰ বিৱৰণ', 'সৰগৰ বিৱৰণ', 'নৰকৰ বিৱৰণ', 'হিন্দুস্থানী বুৰঞ্জী' আদি ভালেমান প্ৰবন্ধ আৰু কবিতা প্ৰকাশ কৰিছিল। এইবোৰত তেওঁ ন:ল: বা ন:ল:ফ: সংক্ষিপ্ত ছদ্মনাম ব্যৱহাৰ কৰিছিল। ফাৰৱেলৰ অৰুণোদইত প্ৰকাশ পোৱা "তিনিজন ভাইৰ মিস্যনেৰী জাত্ৰা" নামৰ ভ্ৰমণমূলক ৰচনাটোৱেই প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী।৬

অৰুণোদয়ত প্ৰকাশ কৰাৰ উপৰিও নিজাববীয়াকৈ কেইবাখনো সৰু সৰু পুথি খ্ৰীষ্টান মিছন প্ৰেছৰ পৰা ছপা কৰি উলিয়াইছিল। সেইবোৰৰ ভিতৰত 'কানি বেহেৰুৱাৰ সাধু', 'সত্য গুৰুৰ পৰিচয়', 'এজন দেশীয় লোকে লিখা', 'নিস্তাৰৰ উপায়', 'Hints for Children on Good Manners', 'Female Education', 'Remarriage by widows' আদি পুস্তিকা উল্লেখযোগ্য। ইয়াৰ লগতে তেওঁ ১৮৬৫ চনত 'ভাৰতীয় দণ্ডবিধি আইন' আৰু 'পদাৰ্থবিদ্যাসাৰ' (National Science in Familiar Dialogue নামৰ গ্ৰন্থৰ অসমীয়া ভাঙনি) নামৰ দুখন ইংৰাজী পুথি অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল। নাথান ব্ৰাউনে কৰা বাইবেলৰ অসমীয়া অনুবাদৰ ফাৰৱেলে যথেষ্ট সহায় কৰিছিল।

ভাষা আৰু ৰচনা শৈলী

তেওঁৰ গদ্যৰীতিৰ মিছনেৰী পৰম্পৰাৰ ছবি স্পষ্ট ৰূপত দেখা পোৱা যায়। তেওঁ মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউনৰ গদ্য ৰচনাৰ আৰ্হিকে আখৰে আখৰে অনুসৰণ কৰিছিল। এই শৈলী কথিত অসমীয়াৰ ওচৰ চপা আছিল। এই ক্ষেত্ৰত নিধি ফাৰৱেল আৰু মিছনেৰীসকল হেমচন্দ্ৰ বৰুৱাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। বৰুৱাকে ধৰি আন একাংশ পণ্ডিতে সংস্কৃতক ভিত্তি কৰি আধুনিক অসমীয়া গদ্য ৰীতি প্ৰতিষ্ঠা কৰাৰ পক্ষপাতী আছিল। অৰুণোদইৰ শেষ কালছোৱাত এই আধুনিক অসমীয়া শৈলীৱেই লেখাবোৰ ছপা কৰা হৈছিল। এই কাৰ্যত নিধি লেভি ফাৰৱেল অসন্তুষ্ট হৈছিল।৫

ব্যক্তিগত জীৱন

১৮৪৭ চনত নগাঁৱৰ টোকোৰ লগত নিধি লেভি ফাৰৱেলৰ বিবাহ হয়। নিধি আৰু টোকোৰ বিয়াখনেই সম্ভৱতঃ অসমৰ প্ৰথম খ্ৰীষ্টিয়ান বিয়া।১ আন কোনো সূত্ৰ অনুসৰি এই মহিলাগৰাকীৰ নাম আছিল 'ইলাইজা'।৩৪ আদিতে ইলাইজা শিৱসাগৰৰ কোনোবা হিন্দু পৰিয়ালৰ ছোৱালী আছিল আৰু ১৮৪৪ চনত ড° নাথান ব্ৰাউনে ইলাইজাক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰিছিল। নিধি লেভি ফাৰৱেল আৰু ইলাইজাৰ চাৰিজনী ছোৱালী সন্তানৰ জন্ম হৈছিল। শিৱসাগৰ নগৰৰ পশ্চিমে দিখৌৰ পাৰতে ফাৰৱেলৰ ঘৰ আছিল। চুকৰ গাঁও খ্ৰীষ্টান সমাধি স্থলত তেওঁৰ সমাধিটো অৱস্থিত।

দীৰ্ঘদিন কফ্‌ৰোগত ভুগি ফাৰৱেলে ১৮৭৩ চনত শিৱসাগৰত শেষ নিশ্বাস ত্যাগ কৰে।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ কৌশিক বৰুৱা, শান্তনু. (২০১৫). অসম ইয়েৰ বুক ২০১৬. জ্যোতি প্ৰকাশন. পৃ. ৮৬৮
  2. ↑ মহেশ্বৰ নেওগ. (২০১৩). অসমীয়া সাহিত্যৰ ৰূপৰেখা. চন্দ্ৰ প্ৰকাশ. পৃ. ২৩০
  3. ↑ গগৈ, লীলা. (১৯৬৯). জীৱনী-সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা সম্পাদিত. অসম প্ৰকাশন পৰিষদ. পৃ. ১৪৫-১৫২
  4. ↑ মছৰুৰ, ৰাব্বি. (ফেব্ৰুৱাৰী, ২০১৯). এক গুচ্ছ জীৱনী
  5. ↑ Sharma, Jayeeta. (2011). Empire's Garden: Assam and the Making of India. Duke University press. পৃ. 192-193
  6. ↑ অসমীয়া গদ্য সাহিত্য, দ্বিতীয় ষাণ্মা‌সিক, বি এ পাঠ্যক্ৰম. কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়. পৃ. ১০৬

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিধি লেভি ফাৰৱেল” প্ৰবন্ধৰ সংশোধন ৬০৭৫৬২ (২১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।