অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিৰুপমা মহন্ত

নিৰুপমা মহন্ত এগৰাকী সত্ৰীয়া সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক, শিশু সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ সত্ৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিচিত আৰু শিৱসাগৰৰ বৰ খাটপাৰ সত্ৰৰ সৈতে তেওঁ বিশেষভাৱে জড়িত।

হালনাগাদ: ৩ মে’ ২০২৬ ৩৪০ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নিৰুপমা মহন্ত এগৰাকী সত্ৰীয়া সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক, শিশু সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ সত্ৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিচিত আৰু শিৱসাগৰৰ বৰ খাটপাৰ সত্ৰৰ সৈতে তেওঁ বিশেষভাৱে জড়িত।১ তেওঁ সত্ৰীয়া সংস্কৃতি, গৱেষণামূলক প্ৰবন্ধ, উপন্যাস আদি সৃষ্টিৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে। তেওঁ সত্ৰীয়া নৃত্য-গীত আৰু সংস্কৃতি বিষয়ক গৱেষণা কাৰ্যৰ সৈতেও জড়িত। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক শিৱসাগৰৰ বৰ খাটপাৰ সত্ৰ পৰিচালনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা হয়।২ সত্ৰ পৰিচালনাৰ দায়িত্ব লাভ কৰা বিষয়টো অসমৰ সত্ৰীয়া ইতিহাসত এক উল্লেখযোগ্য পদক্ষেপ। তেওঁৰ জীৱনক লৈ ৰচিত "জীৱন জলধিৰ ঢৌ নিৰুপম" নামৰ দুখন গ্ৰন্থ প্ৰকাশ পাইছে।৩ উল্লেখ্য যে তেওঁৰ উচ্চ শিক্ষা বিবাহৰ পাছতহে আৰম্ভ হৈছিল। তেওঁ আঠটা নাতি-পুতিৰ আইতাক হোৱাৰ পাছতহে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

জন্ম আৰু পৰিচয়

নিৰুপমা মহন্তৰ জন্ম যোৰহাট কৰঙা কাথবাপু সত্ৰত। শিৱসাগৰৰ বৰখাতপাৰ সত্ৰৰ বোৱাৰী হৈ স্বামীগৃহৰপৰা প্ৰাইভেটকে আই এ আৰু বি এ মহলাত উত্তীৰ্ণ হোৱাৰ উপৰি পঞ্চম সন্তানটি জন্ম হোৱাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তাৰূপে কাৰ্যনিৰ্বাহ কৰি থকা কালত, আঠোঁটা নাতিৰ জন্ম হোৱাৰ পিছত ২০০০ চনত মহন্তই সত্ৰীয়া-সংস্কৃতিৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।

সামাজিক স্বীকৃতি

শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱনভিত্তিক উপন্যাস 'ৰসিক সুজান'ৰ বাবে ড° মহন্ত অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত হয়। তেওঁ অসম লেখিকা সংস্থাৰ 'লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা'ৰে বিভূষিতা। তদুপৰি সাহিত্য আৰু সমাজসেৱাৰ বাবে তেওঁক ২০২২ বৰ্ষৰ ‘সতী ৰাধিকা বঁটা’ প্ৰদান কৰা হয়।৪ একেটা বৰ্ষতে তেওঁ ‘ৰমণী গাভৰু’ বঁটাও লাভ কৰে৷৫ ছাত্ৰ অৱস্থাৰপৰাই সাহিত্য চৰ্চা আৰু সত্ৰীয়া-সংস্কৃতিৰ প্ৰতি অনুৰাগী মহন্তৰ বৰ্তমানলৈকে প্ৰকাশিত গ্ৰন্থৰ সংখ্যা চৈধ্যখন।

পৰিয়াল

তেওঁ অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা বিশিষ্ট লেখক ননী গোপাল মহন্ত, শিক্ষাবিদ সৌমাৰ জ্যোতি মহন্ত আৰু উদ্যোগী শ্যামকানু মহন্তৰ মাতৃ।

প্ৰকাশিত গ্ৰন্থ

  • সত্ৰ-সংস্কৃতিৰ ৰূপছায়া (গৱেষণামূলক গ্ৰন্থ)
  • আই কনকলতা (গৱেষণামূলক গ্ৰন্থ)৬
  • ভাওনা আৰু সত্ৰীয়া নৃত্যৰ আহাৰ্য্য (সম্পাদনা)
  • শঙ্কবদেৱ চিন্তা আৰু অনন্য (প্ৰবন্ধ সংকলন)
  • সৰ্বগুণাকাৰ (মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনভিত্তিক উপন্যাস)
  • ৰসিক সুজান (মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱনভিত্তিক উপন্যাস)
  • অপৰাজিতা (আই কনকলতাৰ জীৱনভিত্তিক উপন্যাস)৭
  • কুণ্ডিল নন্দিনী (ৰুক্মিণীৰ জীৱনভিত্তিক উপন্যাস)
  • গগনে গৰজে ঘন (শ্ৰীশ্ৰীগোপাল আতাৰ জীৱনভিত্তিক উপন্যাস)
  • জীৱন জলধিৰ ঢৌ নিৰুপম (প্ৰথম খণ্ড)
  • জীৱন জলধিৰ ঢৌ নিৰুপম (দ্বিতীয় খণ্ড)
  • পদ্মপ্ৰিয়া বাঢ়ৈমৰাৰ বসন্তবীণা৮ (উপন্যাস)
  • জোনাকৰ দেশত মৌ (শিশু গ্ৰন্থ)
  • অকণিৰ ইটো-সিটো বহুতো (শিশু গ্ৰন্থ)

তথ্যসূত্ৰ

  1. ↑ বিশিষ্ট সাহিত্যিক সত্ৰীয়া সংস্কৃতিৰ গৱেষক পণ্ডিত ড° নিৰুপমা মহন্তক শিৱসাগৰৰ খাটপাৰ সত্ৰ পৰিচালনাৰ দায়িত্ব..
  2. ↑ সত্ৰীয়া সংস্কৃতিৰ গৱেষক পণ্ডিত ড° নিৰুপমা মহন্তক শিৱসাগৰৰ খাটপাৰ সত্ৰ পৰিচালনাৰ দায়িত্ব
  3. ↑ ডঃ নিৰুপমা মহন্তৰ আত্মজীৱনী “জীৱন জলধিৰ ঢৌ নিৰুপম” উন্মোচন
  4. ↑ ড° নিৰুপমা মহন্তলৈ ২০২২ বৰ্ষৰ 'সতী ৰাধিকা বঁটা', সাহিত্যচাৰ্য ড° নাহেন্দ্ৰ পাদুনে প্ৰদান কৰিলে বঁটা
  5. ↑ ড০ নিৰুপমা মহন্তক ৰমণী গাভৰু বঁটা প্ৰদান
  6. ↑ আই কলকলতা
  7. ↑ অপৰাজিতা গ্ৰন্থ
  8. ↑ পদ্মপ্ৰিয়া বাঢ়ৈমৰাৰ বসন্তবীণা

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া শিক্ষাবিদঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰুপমা মহন্ত” প্ৰবন্ধৰ সংশোধন ৬০৪২৩১ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।