ড° বসন্ত কুমাৰ ভট্টাচাৰ্য ( Dr Basanta Kumar Bhattacharyya) ৰ জন্ম হয় ১ ফেব্ৰুৱাৰী, ১৯৪২ তাৰিখে। তেওঁ অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গল্পকাৰ, কবি, প্ৰৱন্ধকাৰ, নাট্যকাৰ, সমালোচক। নলবাৰীত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্যক ২০১৬ চনত অসম সাহিত্য সভাই “সাহিত্যচাৰ্য” উপাধি প্ৰদান কৰে। ২০২৫ চনৰ ২৩ জুলাই তাৰিখে হাৰ্ট ষ্ট্ৰ’ক হৈ ৮৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।১২
জন্ম আৰু পৰিয়াল
১৯৪২ চনত নলবাৰী জিলাৰ বাউসীয়াপাৰা গাঁৱত ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল৷ পঢ়া-শুনাত সৰুৰে পৰা তেওঁ মেধাসম্পন্ন আছিল৷ ২
শিক্ষা
১৯৪৭ চনত ভট্টাচাৰ্যই বালিজাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে আৰু ১৯৫২ চনত বাউসীপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা শেষ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫২-৫৫ চনলৈ বৰক্ষেত্ৰী বানেকুছি এম.ই স্কুলত মাধ্যমিক শিক্ষা আৰু পিছত তেওঁ ১৯৫৫ চনত গৰ্ডন হাইস্কুলত সপ্তম শ্ৰেণীত নামভৰ্তি কৰে। ১৯৫৯ চনত গৰ্ডন হাইস্কুলৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত প্ৰবেশিকা পৰীক্ষাত সংস্কৃত বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ১৯৬১ চনত তেওঁ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত আই.এছ.ছি. পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত নামভৰ্তি কৰে কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ১৯৬২ চনত মেডিকেল কলেজ আধাতে এৰিব লগা হয়। ভট্টাচাৰ্যই ১৯৬৪ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৬ চনত অসমীয়া(বি গ্ৰুপ) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত সময়ত তেওঁ লোকবন্ধু ডাঃ ভূৱনেশ্বৰ বৰুৱা ৪ নং দুমহলীয়া ছাত্ৰাৱাসৰ আৱাসী আছিল৷
কৰ্মজীৱন
শিক্ষাবিদ হিচাপে
বসন্ত কুমাৰ ভট্টাচাৰ্যই ১৯৬৭ চনৰ ১৬ আগষ্ট তাৰিখে সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তাৰ পিছত ১৯৬৮ চনৰ ৮ ডিচেম্বৰ তাৰিখে নলবাৰী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা স্বৰূপে যোগদান কৰে। ১৯৯৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা লোক-সংস্কৃতি গৱেষণা তত্ত্বাবধায়ক ৰূপে স্বীকৃতি লাভ কৰে আৰু তেওঁৰ তত্ত্বাবধানত গৱেষণা কৰি পোন্ধৰজনে গৱেষকৰ ডক্তৰেট ডিগ্ৰী লাভ কৰে। ২০০২ চনৰ ৩১ জানুৱাৰী তাৰিখে ভট্টাচাৰ্যই নলবাৰী মহাবিদ্যালয়ৰ পৰা বিভাগীয় প্ৰধানৰূপে অৱসৰ লোৱাৰ পিছত তেওঁ ২০১১ চনলৈকে নলবাৰী মহাবিদ্যালয় আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়্ত অসমীয়া বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণীত অতিথি প্ৰবক্তা হিচাপে অধ্যাপনা কৰিবলৈ লয়। ভট্টাচাৰ্যই কেবাখনো জুনিয়ৰ মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষৰূপে যোগদান কৰি অৱদান আগবঢ়ায়।
সাহিত্যিক কৰ্মৰাজি
গল্পগ্ৰন্থ
- প্ৰতিবাদ (১৯৭৪)৩
- বোধন (১৯৭৫)
- অৱৰোধ (১৯৭৯)
- এটি নিশাৰ বাতৰিৰে (১৯৮১)
- আকাশ আজিও নীলা (১৯৮৩)
- দুষ্ট প্ৰজাপতি (১৯৮৬)
- দু:স্বপ্নৰ সময় (১৯৮৭)
- গ্ৰহণ (১৯৮৮)
- ক্লান্ত অপৰাহ্ন (১৯৮৯)
- অসংলগ্ন স্বৰ (১৯৯১)
- মানুহ আছে মানুহ নাই (১৯৯৫)
- এটা গল্পৰ আৰম্ভণি (১৯৯৭)
- অন্ধকাৰত মই অকলে (২০০০)
- স্বপ্ন-দু:স্বপ্নৰ ভগ্নাংশ (২০১০)
- নিষিদ্ধ আলাপ (২০১২)
- বসন্ত কুমাৰ ভট্টাচাৰ্যৰ গল্প সমগ্ৰ(প্ৰথম খণ্ড) (২০১৭)
কবিতা পুথি
- তোমাৰ হৃদয়ৰ উমেৰে (২০০৫)
- এখন বেগবতী নদীৰ দৰে তুমি (২০০৬)
- নৈপৰীয়া গছ এজোপাৰ ছাঁত (২০০৬)
- বুকুৰ বাগিছাত ফুলিল এপাহ খৰিকাজাঁই (২০০৮)
- জোনাকে চুই যাই তোমাক (২০১১)
- নিশব্দে এই সেউজীয়াত (২০১২)
- অৰণ্য ফালি এজাক চৰাই (২০১৩)
- নিজানত অকলে কেতিয়াবা (২০১৫)
- দুহাত মেলি শূন্যতাত (২০১৭)
নাট্যকাৰ হিচাপে
ভট্টাচাৰ্যই ভ্ৰাম্যমানৰ বাবে একাধিক নাটক লিখিছিল৷ তেওঁৰ দ্বাৰা লিখিত নাটসমূহ সুৰদেৱী থিয়েটাৰ, লখিমী থিয়েটাৰ, ৰূপকোঁৱৰ থিয়েটাৰ, বিষ্ণু জ্যোতি থিয়েটাৰ, উপহাৰ থিয়েটাৰ আৰু মহানন্দ শৰ্মাৰ দ্বাৰা পৰিচালিত অস্পৰা থিয়েটাৰত মঞ্চস্থ কৰা হৈছিল। ২তেওঁৰ দ্বাৰা লিখিত কেইখনমান নাটক হৈছে-
- ক্লান্তি কল্লোল,
- শতাব্দীৰ মৃত্যু,
- জীৱন কল্লোল,
- খোজ ইত্যাদি
বঁটা-সন্মান
- সমন্বয় বঁটা,
- ৰামধেনু বঁটা,
- এনাজৰী বঁটা,
- অসম নাট্য সন্মিলনৰ দ্বাৰা কৃপানাথ বৈশ্য সাহিত্য বঁটা
- ‘নলবাৰী ৰত্ন’,২০১৪ চনত নলবাৰী সাহিত্য সভাৰ দ্বাৰা
- 'সাহিত্যচাৰ্য' সন্মান, অসম সাহিত্য সভাৰ দ্বাৰা, ২০১৬ চনত ১
তথ্যসূত্ৰ
- ↑ (23 Jul 2025 09:31 IST). 'দুহাত মেলি শূন্যতাত' হেৰাই গ'ল সাহিত্যচাৰ্য, নলবাৰী ৰত্ন ড0 বসন্ত কুমাৰ ভট্টাচাৰ্য. অসমীয়া প্ৰতিদিন
- ↑ (July 17, 2020 at 4:54 PM IST). বিশিষ্ট সাহিত্যিক সাহিত্যচাৰ্য ড0 বসন্ত কুমাৰ ভট্টাচাৰ্যৰ কথাৰে.. - অসমীয়া সাহিত্য. ইটিভি ভাৰত
- ↑ (July 16, 2016). বিশিষ্ট সাহিত্যিক ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ সৈতে কথোপকথন. interview. সাহিত্য ডট্ অৰ্গ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বসন্ত কুমাৰ ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫২৯০৬২ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।