গোবিন্দ মিশ্ৰ (Govinda Mishra) ভট্টদেৱৰ সমসাময়িক পণ্ডিত আছিল।
জন্ম
খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত গোবিন্দ মিশ্ৰৰ জন্ম হয়। তেখেতৰ জন্মস্থানৰ বিষয়ে সঠিক সংবাদ পোৱা নাযায়।
বংশ পৰিচয়
গোবিন্দ মিশ্ৰৰ বংশ পৰিচয়ৰ বিষয়ে সঠিক সংবাদ পোৱা নাযায়। কোনোৰ মতে এওঁ গোপল আতাৰপৰা ধৰ্মধৰা আঁহতগুৰিৰ শ্ৰীৰাম আতাৰ পিতৃ; এই মতে গোবিন্দ মিশ্ৰৰ পিতৃৰ নাম তাৰাপতি,পিতামহ কলাপচন্দ্ৰ; কিন্তু এই বংশ পৰিচয় বিশ্বাসযোগ্য নহয়। অন্যহাতে তেওঁ কামৰূপৰ বৰ্তমান হালধিবাৰী সত্ৰৰ গোসাঁই-বংশৰ পূৰ্ব পুৰুষৰ এজন; কিন্তু এই সত্ৰ হৰিদেৱী সত্ৰ। জাগাৰাসত্ৰ স্থাপন কৰা হৰিমিশ্ৰৰ এওঁ পুতেক আছিল। হৰিদেৱী শাখাৰ লগত সম্বন্ধ মানি ললে ভট্টদৱৰ শিষ্যত্ব স্বীকাৰ কৰিবলৈ টান হয়। গতিকে গোবিন্দ মিশ্ৰৰ সঠিক পৰিচয় অস্পষ্ট হৈ আছে।১
সাহিত্যৰাজি
গোবিন্দ মিশ্ৰই ভট্টদেৱৰ ভক্তিবিৱেক নামৰ সংস্কৃত গ্ৰন্থখন পদলৈ অনুবাদ কৰিছিল। ভট্টদেৱৰ সংস্কৃত ভক্তিতত্ত্ব সম্প্ৰৰ্কীয় সংগ্ৰহ গ্ৰন্থ 'ভক্তিবিৱেক'ৰ প্ৰাঞ্জল পদানুবাদ গোবিন্দ মিশ্ৰৰ অন্যতম কৃতি।২ শংকৰী,ভাস্কৰী,হনুমন্তী আৰু আনন্দগিৰিৰ টীকা আলোচনা কৰি পদগীতা সৰল আৰু প্ৰাঞ্জল অসমীয়া পদত ৰচনা কৰে।
মৃত্যু
গোবিন্দ মিশ্ৰৰ মৃত্যুৰ বিষয়ে কোনো সঠিক তথ্য পোৱা নাযায়। তেওঁ সপ্তদশ শতিকাৰ আদি ভাগলৈকে জীৱিত আছিল বুলি অনুমান কৰা হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোবিন্দ মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৪৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।