টেঙাই মহন (Tenggai Mohan, টেঙ-ঙাই ম'হুং, জন্ম:১৭১৫ খ্ৰীষ্টাব্দ) অসমৰ প্ৰথম অভিধান প্ৰণেতা, তাঈ আহোম লেখক, সাহিত্যিক,বুদ্ধিজীৱী আছিল।১২তেওঁ ১৭৯৫ চনত লিখা হ '-মু'ঙ নামৰ টাই আহোম—অসমীয়া দ্বিভাষিক অভিধানখন অসমৰ প্ৰথম অভিধান আছিল।৩ তেখেতে প্ৰায় ৫০ খন পুথি ৰচনা কৰিছিল।৪ তেওঁৰ জনপ্ৰিয় নাম টেঙাই মহন।
জন্ম
তেখেতৰ জন্ম টাই-আহোম জনগোষ্ঠীৰ দিহিঙীয়া মহন ফৈদত হৈছিল।৫ তেখেতৰ বংশধৰ সকল চে-মুন (বৰ্তমান শিৱসাগৰৰ) পাটসাঁকো অঞ্চলত বাস কৰে।৬
কৰ্মৰাজি

হ'-মুং
১৭৯৫ চনত চাওফা চুহিতপংফাৰ শাসনকালত তেঁও লিখা টাই আহোম—অসমীয়া দ্বিভাষিক অভিধানত টাই-আহোম ভাষাত ২৫০০ টা শব্দ আৰু ইয়াৰ অসমীয়া ভাষাত অৰ্থ সমুহ টাই-আহোম লিপিত লিখা আছিল। সাঁচিপাতত লিখা হ'-মুং পুথিত তেঁও প্ৰতিটো পৃষ্ঠাত লাক-নি আৰু অসমীয়া বৰ্ষ গণনাত তাৰিখসমূহ লিখি গৈছিল আৰু অভিধানখন শেষ হোৱাৰ তাৰিখো লিখা হৈছিল।৭ পাছলৈ তেঁওৰ ছাত্ৰ সকলে তেঁওৰ অভিধানখনৰ বহুতো প্ৰতিলিপি প্ৰস্তুত কৰে। বৰ্তমানলৈকে প্ৰায় ৫১খন অভিধান উদ্ধাৰ কৰা হৈছে।৮ প্ৰায় একে সময়তে ৰমাকান্ত মলাইঘৰীয়া বৰুৱাই সংকলন কৰা আন এখন টাই-অসমীয়া অভিধানত শব্দসমুহ বিষয়বস্তুৰ বিন্যাসৰ বিপৰীতে শব্দৰ বৰ্ণানুক্ৰমিকভাৱে সজ্জিত কৰা হৈছিল। অসমীয়া অভিধান হেমকোষৰ এক শতিকাৰ আগতেই এই অভিধানসমূহ লিখা হৈছিল।৯ তেঁও সাঁচিপাতৰ ওপৰত লিখা অভিধানখনত প্ৰতিটো পৃষ্ঠাত টাই-আহোম কেলেণ্ডাৰ আৰু অসমীয়া কেলেণ্ডাৰত তাৰিখ আৰু অভিধানখন সম্পূৰ্ণ হোৱাৰ তাৰিখ পৰ্যন্ত লিখা আছিল।১০ অসম চৰকাৰে ১৯৬৪ চনত তেওঁৰ অভিধানৰ প্ৰথম সংস্কৰণ ছপা কৰি উলিয়াইছিল আৰু ২০১০ চনৰ জানুৱাৰী মাহত টাই-আহোম গৱেষকসকলে দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছিল।১১
সোঁৱৰণি
মূৰ্তি স্থাপন
অসম জাতীয় প্ৰকাশৰ দ্বাৰা তেখেতৰ সোঁৱৰণিত ডিব্ৰগড়ৰৰ খোৱাংত তেখেতৰ মৈদামত প্ৰতিমূৰ্তি স্থাপন কৰা হয়।১২
টেঙাই মহন বঁটা
টাই আহোম যুৱ পৰিষদ, অসমৰ দ্বাৰা টেঙাই মহনৰ স্মৃতিত টেঙাই মহন বঁটা প্ৰদান কৰা হয়।১৩ ২০২২ চনত মৰানত গৱেষক জ্ঞানানন্দ ফুকনক এই বঁটা প্ৰদান কৰা হৈছিল।১৪ ২০২৩ চনত শিক্ষাবিদ ড৹ দেবব্ৰত শৰ্মাক টেঙাই মহন বঁটা প্ৰদান কৰা হয়।১৫
লগতে চাওক
উৎস প্ৰসংগ
- Phukon, Girin. (2012). Kriti Rakshana. পৃ. 6-7
- Phukan, Khammoun; Nath, Arup. (July 1, 2019). Dictionary Writing in Assam: A Study Through Select Classical Texts. Search eLibrary
- Rahman, Wasim. (July 9, 2015). Call to recognise Assam lexicographer. Telegraph India
তথ্যসূত্ৰ
- ↑ Phukan Nath 2019
- ↑ বৈচিত্ৰময় অসম,অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড,পৃষ্ঠা ৮-৯
- ↑ Phukon 2012, পৃ. 07
- ↑ Rahman 2015
- ↑ Phukon 2012, পৃ. 07
- ↑ Rahman 2015
- ↑ Rahman 2015
- ↑ Phukon 2012, পৃ. 07
- ↑ Phukan Nath 2019
- ↑ Phukan Nath 2019
- ↑ Phukan Nath 2019
- ↑ (February 13, 2018). Assam’s first lexicographer Tengai Mohon’s statue installed. NorthEast Now
- ↑ Bharat, ETV. (February 12, 2022). মৰাণত টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত টেঙাই মহন বঁটা প্ৰদান অনুষ্ঠান. ETV Bharat News
- ↑ Bharat, ETV. (February 12, 2022). মৰাণত টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত টেঙাই মহন বঁটা প্ৰদান অনুষ্ঠান. ETV Bharat News
- ↑ Bharat, ETV. (February 12, 2023). Tengai Mahan Award: দেৱব্ৰত শৰ্মাক টেঙাই মহন বঁটা প্ৰদান. ETV Bharat News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেঙাই মহন” প্ৰবন্ধৰ সংশোধন ৫২৮০০৮ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।