জীৱন বৰা (Jiban Bora) এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, নাট্যকাৰ আৰু লেখক। ১৯৩১ চনৰ ১৪ নৱেম্বৰ তাৰিখে লখিমপুৰ জিলাত তেওঁৰ জন্ম হয়। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ওপজা মাটিৰ সোণ তেওঁ প্ৰযোজনা কৰিছিল। পলাশৰ ৰং তেওঁ পৰিচালনা কৰা একমাত্ৰ ছবি। তেওঁ বহুকেইখন নাটক আৰু অন্যান্য গ্ৰন্থ লিখিছে।১২
প্ৰাৰম্ভিক জীৱন
১৯৩১ চনৰ ১৪ নবেম্বৰত লখিমপুৰ জিলাৰ পানীগাঁৱত বৰাৰ জন্ম হয়। কমলাবৰীয়া ছাত্ৰ কংগ্ৰেছৰ সম্পাদক হিচাপে দায়িত্ব লৈ ১৯৪৪ চনৰ পৰা ১৯৪৭ চনলৈ তেওঁ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰে। তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উচ্চশিক্ষা গ্ৰহণ কৰে। কৃষি স্নাতকৰ উপাধি লোৱাৰ পিছত তেওঁ অসম চৰকাৰৰ কৃষি বিভাগত বিষয়াৰূপে সেৱা আগবঢ়ায়।২
কৰ্মজীৱন
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেওঁ যোৰহাটৰ মিলিত শিল্পী সমাজৰ সান্নিধ্যলৈ আহি অভিনয়ত জড়িত হৈ পৰে। কৃষি বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত ১৯৫৮ চনত প্ৰথম একাংক নাট ‘বটল’ ৰচনা কৰে। তেওঁ সাতখন অনুবাদ নাটত, বাৰখন একাংক নাটক আৰু এঘাৰখন পূৰ্ণাঙ্গ নাটক ৰচনা কৰাৰ উপৰিও উপন্যাস তথা অন্যান্য গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা কেইখনমান গ্ৰন্থ হ’ল- ‘এই দেশ ওপজা মাটি জনমে জনমে’ (উপন্যাস), ‘বৃদ্ধস্য তৰুণী ভাৰ্য্যা’ (উপন্যাস), ‘সুৰ আৰু ছন্দ’, ‘অগ্নি দিক্ষা’, ‘চলচ্চিত্ৰৰ সংক্ষিপ্ত ইতিহাস’, ‘ওপজা সোণৰ মাটি’ আদি। ‘বিজ্ঞান বিচিত্ৰা’, ‘ধৰ্ম আৰু দৰ্শন’, ‘নাটক আৰু সঙ্গীত’ আদি কেইখনমান গ্ৰন্থই ছপাৰ মুখ নেদেখিলে।২
তেওঁ দুখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিমিটেডৰ নামেৰে ব্ৰজেন বৰুৱা পৰিচালিত ওপজা সোণৰ মাটি (১৯৭২) ছবিখন তেওঁ প্ৰযোজনা কৰিছিল। ছবিখন যথেষ্ট জনপ্ৰিয় হৈছিল আৰু ই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। পলাশৰ ৰং (১৯৭৬) বৰাই পৰিচালনা কৰা একমাত্ৰ ছবি। ছবিখন তেওঁ প্ৰযোজনাও কৰিছিল।২১
বৰাই ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক শাখা, লখিমপুৰ চিনে আছা, লখিমপুৰ সত্ৰীয়া বিদ্যালয় আদি অনুষ্ঠানৰ নেতৃত্ব বহন কৰিছিল। এসময়ৰ অবিভক্ত লখিমপুৰ জিলাৰ সাংস্কৃতিক কেন্দ্ৰ পানীগাঁও প্ৰগতি সংঘৰ দুটা কাৰ্যকালৰ বাবে সভাপতিৰ দায়িত্বত আছিল।২
তেওঁ আগবঢ়োৱা সাংস্কৃতিক অৱদানৰ প্ৰতি স্বীকৃতি জনাই তেওঁক ২০১২ চনত ‘জীৱনৰাম মুঙ্গীদেৱী জীৱনজোৰা সাধনা বঁটা’ প্ৰদান কৰা হয়। অসমৰ চৰকাৰৰ সাংস্কৃতিক বিভাগেও তেওঁক সন্মানিত কৰে।৩
মৃত্যু
২০২০ চনৰ ৯ নবেম্বৰৰ নিশা উত্তৰ লখিমপুৰ নগৰত তেওঁৰ মৃত্যু হয়।৩২
তথ্যসূত্ৰ
- ↑ (10-11-2020). Veteran filmmaker, playwright Jiban Bora passes away. The Assam Tribune
- ↑ (10-11-2020). 'পলাশৰ ৰং'ৰ সৃষ্টা জীৱন বৰা আৰু নাই, শোকস্তব্ধ লখিমপুৰ. অসমীয়া প্ৰতিদিন. পৃ. 1, 11
- ↑ FARHANA AHMED. (November 10, 2020). Noted Assamese filmmaker Jiban Bora passes away. nenow.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন বৰা” প্ৰবন্ধৰ সংশোধন ৩৮৫১১২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।