অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নবীন চন্দ্ৰ শৰ্মা

নবীন চন্দ্ৰ শৰ্মা (Nabin Chandra Sarmah) অসমৰ এজন লোক - সাহিত্য আৰু সংস্কৃতিৰ গৱেষক আৰু গদ্য লেখক।

হালনাগাদ: ১ মাৰ্চ ২০২৫ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নবীন চন্দ্ৰ শৰ্মা (Nabin Chandra Sarmah) অসমৰ এজন লোক - সাহিত্য আৰু সংস্কৃতিৰ গৱেষক আৰু গদ্য লেখক।

জন্ম

  • ১৯৩৮ চনত দৰং জিলাৰ ছিপাঝাৰৰ অঞ্চলৰ হাজৰিকাৰপাৰা গাঁৱত নবীন চন্দ্ৰ শৰ্মাৰ জন্ম হয়।১

শিক্ষা

  • দৰং জিলাৰ ছিপাঝাৰৰ অঞ্চলৰ হাজৰিকাৰপাৰা গাঁৱতে তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰি ছিপাঝাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২তেওঁ সুদীৰ্ঘ ৪৬ বছৰ শিক্ষকতা কৰিছিল।

কৰ্মজীৱন

  • তেওঁ গুৱাহাটীৰ বিশ্ববিদ্যালয়ত লোক-সংস্কৃতি বিভাগত কৰ্মজীৱনৰ পাতনি মেলে।৩

সাহিত্যৰাজি

  • অসমীয়া সাহিত্যৰ আলোক ৰেখা
  • অসমীয়া ভাষা আৰু সাহিত্যৰ ৰূপৰেখা
  • পুৰণি অসমীয়া সাহিত্যৰ আলোক ৰেখা
  • অসমীয়া পাচালি সাহিত্য
  • অসমীয়া লোক-সংস্কৃতি আভাস
  • অসমৰ ওজাপালি
  • দৰং ৰাজবংশাৱলী
  • আদি দশম
  • শিৱপুৰাণ
  • কালিপুৰাণ
  • অসমীয়া মদ্ভাগৱত পুৰাণ৪

বঁটা আৰু সন্মান

  • দুৰ্গাবৰ বৰকটকী বঁটা
  • সীতানাথ ব্ৰহ্ম চৌধুৰী বঁটা
  • ভাৰতীয় ভাষা সাহিত্য বঁটা
  • শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা
  • শিল্পী বায়ন বঁটা৫

তথ্যসূত্ৰ

  1. ↑ অসমৰ লেখক পৰিচয়,ৰাবিব মচৰুৰ, (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ, ২০১৯, পৃষ্ঠা নং ৬৭
  2. ↑ অসমৰ লেখক পৰিচয়,ৰাবিব মচৰুৰ, (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭
  3. ↑ অসমৰ লেখক পৰিচয়,ৰাবিব মচৰুৰ, (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ, ২০১৯, পৃষ্ঠা নং ৬৭
  4. ↑ অসমৰ লেখক পৰিচয়,ৰাবিব মচৰুৰ, (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ, ২০১৯, পৃষ্ঠা নং ৬৭
  5. ↑ অসমৰ লেখক পৰিচয়,ৰাবিব মচৰুৰ, (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নবীন চন্দ্ৰ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৪৮৪৪৩৪ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।