অনামিকা বৰা (জন্ম: ১৯৬৮) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষক৷ ২০০৭ চনত তেখেতে ‘জলাশয়’ গল্প সংকলনৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে৷১ বৰ্তমানলৈকে তেখেতৰ মুঠ ৫ খন গল্প সংকলন, ৪ খন উপন্যাস, এখন শিশু উপন্যাস আৰু এখন প্ৰৱন্ধ সংকলন প্ৰকাশ হৈছে৷
ব্যক্তিগত জীৱন আৰু শিক্ষা
১৯৬৮ চনত নগাঁৱৰ ধিঙত অনামিকা বৰা জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল তৰুণ চন্দ্ৰ বৰা। অনামিকা বৰাই ধিং আঠগাঁও মজলীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা, ধিং ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু ধিং মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
সাহিত্য কৰ্ম
গল্প সংকলনঃ
- জলাশয়,
- হিবাকুচা,
- এবাহ পলুৰ ভূমাকথা,
- লাইট কেমেৰা একচন,
- সামুদ্ৰিক ঘোৰা
উপন্যাসঃ
- কিনি কথা মালিতা,
- তেজৰ তলৰ পখিলাৰ মুখ,
- দুখৰ সিখন হাত,
- অস্তিত্ব
শিশু উপন্যাসঃ
- থুপুলৰ কাণ্ড
প্ৰৱন্ধ সংকলনঃ
- সৃজনীশীল সাহিত্য সমালোচনা
বঁটা
- মুনীন বৰকটকী বঁটা (২০০৭)১
তথ্যসূত্ৰ
- ↑ মুনীন বৰকটকী সাহিত্য বঁটা বিজয়ীসকল. মুনীন বৰকটকী ডট অৰ্গ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনামিকা বৰা” প্ৰবন্ধৰ সংশোধন ৬০৪৭২৩ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।