অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অচিন মোমাইদেউ

অচিন মোমাইদেউ অসমৰ এগৰাকী প্ৰখ্যাত শিশু সাহিত্যিক। এখেতৰ আচল নাম অমল দত্ত।

হালনাগাদ: ১১ জুলাই ২০২৫ ২৯৭ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

অচিন মোমাইদেউ অসমৰ এগৰাকী প্ৰখ্যাত শিশু সাহিত্যিক। এখেতৰ আচল নাম অমল দত্ত।

জন্ম আৰু পৰিয়াল

১৯৪৭ চনৰ ১৯ এপ্ৰিলত শিৱসাগৰত অমল দত্তৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল প্ৰখ্যাত এডভোকেট তোষেশ্বৰ দত্ত আৰু মাতৃ আছিল কনকলতা দত্ত।

শিক্ষা আৰু শৈশৱ

শিৱসাগৰত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি ১৯৬৫ চনত তেখেতে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ৰ পৰা বুৰঞ্জীত অনাৰ্চসহ বিএ পাছ কৰে। ১৯৭০ চনত তেখেতে বেনাৰছ হিন্দু ইউনিভাৰ্ছিটিৰ পৰা বুৰঞ্জী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

স্নাতকোত্তৰ পাছ কৰি তেখেতে বেনাৰছ হিন্দু ইউভাৰ্ছিটিতে প্ৰবক্তা হিচাপে ১৯৭৮ চনলৈ কাম কৰে। তেতিয়াই তেখেতে পিএইচডিৰ গৱেষণাৰ কাম আৰম্ভ কৰে যদিও ব্যক্তিগত মনোমালিন্যৰ বাবে সেই কাম বাদ দিয়ে। তাৰ কিছুদিন পিছত তেখেতে প্ৰবক্তাৰ চাকৰিটোও বাদ দিয়ে।

১৯৮১ চনৰ পৰা ১৯৮৬ চনলৈ তেখেতে দিছপুৰৰ ‘আছাম ষ্টেট আৰ্কাইভ’ত যোগদান কৰে। মাজতে কিছুদিন তেখেতে ‘ব’ৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট’ বিভাগত যুটীয়া সঞ্চালক হিচাপেও কাম কৰে। পিছলৈ তেখেতে ‘অসমৰ ভাষা প্ৰয়োগ সঞ্চালকালয়’ত যোগ দিছিল। তাত কাম কৰি থকা সময়ত তেখেত ‘চলন্তিকা অভিধান’ৰ সহযোগী সম্পাদক হিচাপে কাম কৰিছিল।

১৯৯৪ চনত তেখেতে চৰকাৰী কামৰ পৰা অব্যাহতি লয়।

ইয়াৰ পিছত অসমৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নামত গঠিত হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ সৈতে ১৯৯৯ চনলৈ ঘনিষ্ঠভাৱে কাম কৰিছিল।

তেখেত ‘সাদিন’ কাকতৰ ‘সাদিনৰ চোতাল’ৰ সম্পাদক হৈ মৃত্যুৰ সময়লৈকে ইয়াৰ লগত জড়িত হৈ আছিল। এই সময়ছোৱাতে তেখেতে 'Intra-Vision' নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানী এটাতো যোগ দিছিল।

২০০৫ চনত কম সময়ৰ বাবে তেখেত শিশু আলোচনী ‘সঁফুৰা’ৰ সম্পাদকৰূপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

গ্ৰন্থপঞ্জী

অচিন মোমাইদেউ ছদ্মনামেৰে তেখেতে ’ডেম পেহাৰ দূৰবীণ’, ’পিজিৰ সপোন’, ’কণদাইটিৰ সাধু’, ’পিং ক্ৰি ফু’, শিশু উপযোগী পদ্য ’বিং বং’,ৰ লগতে কিৰিটি দত্ত নামেৰে H.P. Levcraftৰ ভৌতিক কাহিনী ’কেচ অব চাৰ্লছ ডেস্কটাৰ ৱাৰ্ড’ নামৰ কিতাপখন ’বীভৎসু’ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰ উপৰিও তেখেতে চুচেন বৰপাত্ৰ, বিপুল কলিতা, বলদেৱ পণ্ডিত ছদ্মনামেৰে নানা সামাজিক, ঐতিহাসিক আৰু ৰাজনৈতিক প্ৰবন্ধ লিখিছিল। কেইবাখনো মঞ্চনাটৰ পাণ্ডুলিপি প্ৰস্তুত কৰিছিল যদিও সংৰক্ষণৰ অভাৱত সি হেৰাই যায়।

তথ্যসূত্ৰ

  • জনসাধাৰণ কাকতৰ মঙলবৰীয়া সাহিত্য পৃষ্ঠাত প্ৰকাশিত প্ৰবন্ধ (প্ৰণামিকা অধিকাৰী), ২ ছেপ্তেম্বৰ, মঙলবাৰ, ২০০৮

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অচিন মোমাইদেউ” প্ৰবন্ধৰ সংশোধন ৫২৩৩৯৯ (১১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।