কাশীনাথ বৰ্মন (Kashinath Barman) এগৰাকী শিক্ষক, জীৱনী-প্ৰণেতা আৰু সাহিত্যিক। ১৯৪৯ খ্ৰীষ্টাব্দত 'অমৰ কাহিনী' আৰু 'গল্প লহৰি' নামৰ দুখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়।
জন্ম আৰু বংশ-পৰিচয়
কাশীনাথ বৰ্মনৰ জন্ম ১৮৯৫ চনত নলবাৰীৰ ধৰ্মপুৰ মৌজাৰ আমনিগাঁৱত। পিতৃৰ নাম দুতিৰাম বৰ্মন। মাতৃৰ নাম কেতেকী দেৱী।
শিক্ষা আৰু কৰ্মজীৱন
প্ৰাথমিক শিক্ষা নলবাৰী মাইনৰ স্কুলত আৰম্ভ হয়। গোলাঘাট হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। গোলাঘাট হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি পিতৃৰ সহযোগত আমনি স্কুলৰ শিক্ষক পদত নিযুক্ত হয়। ১৯১২ খ্ৰীষ্টাব্দত শিক্ষক প্ৰশিক্ষণ পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ পিছত তিনিচুকীয়া মাইনৰ স্কুলৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। ১৯১৬ খ্ৰীষ্টাব্দত 'নৰ্মাল পঢ়িবলৈ যোৰহাটলৈ যায় আৰু ১৯১৮ খ্ৰীষ্টাব্দত প্ৰথম বিভাগত পাছ কৰি যোৰহাটৰ প্ৰেক্টিচিং স্কুলৰ হে'ড পণ্ডিত পদত অধিষ্ঠিত হয়। ১৯৩০ খ্ৰীষ্টাব্দৰ পৰা ১৯৩৯ খ্ৰীষ্টাব্দলৈ কমলপুৰ এম. ভি স্কুলৰ প্ৰধান শিক্ষকৰূপে কাম কৰে। জীৱনৰ পিছৰছোৱাত নাজিৰাত নিগাজীকৈ থাকিবলৈ লয়। শিৱসাগৰৰ হাইস্কুলতো দহবছৰমান শিক্ষকতা কৰে।
সাহিত্যিক অৱদান
নৰ্মাল স্কুলৰ আলোচনী 'প্ৰভাত' সম্পাদনা কৰি থকা অৱস্থাত ভালেসংখ্যক শিক্ষা সম্পৰ্কীয় লেখা ৰচনা কৰে।১ তেওঁ 'নাৰীৰত্ন' নামৰ অমূল্য গ্ৰন্থত ভাৰতীয় বুৰঞ্জীৰ মুঠ চৈধ্যগৰাকী সাহসী আৰু বুদ্ধিদীপ্ত বীৰাংগনাৰ জীৱনী প্ৰকাশ কৰিছে। ১৯৪৯ খ্ৰীষ্টাব্দত 'অমৰ কাহিনী' আৰু 'গল্প লহৰি' নামৰ দুখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। 'অমৰ কাহিনী'ত পৃথিৱীৰ এঘাৰজন ধৰ্ম গুৰু আৰু 'গল্প লহৰি'ত ছটা ভিন্ন ধৰ্মী গল্পক স্থান দিয়া হৈছে।২
তথ্যসূত্ৰ
- ↑ (১৪ মাৰ্চ ২০২০). বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ কাশীনাথ বৰ্মনৰ ১২৫ বছৰীয়া জন্মবৰ্ষৰ স্মৃতিচাৰণ সভা. অসমীয়া প্ৰতিদিন
- ↑ দত্তবৰুৱা, মঞ্জু, সম্পা.(২০১২), অসম লেখক কোষ(তৃতীয় খণ্ড), অসম সাহিত্য সভা, পৃ.২৮-১৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাশীনাথ বৰ্মন” প্ৰবন্ধৰ সংশোধন ৫৮৫৮৪৯ (৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।