অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপ্তি ফুকন পাটগিৰি

দিপ্তী ফুকন পাটগিৰি (DIPTI PHUKAN PATGIRI) একাধাৰে এগৰাকী অসমীয়া ভাষাবিদ, সাহিত্যিক, অধ্যাপক, সম্পাদক। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দিপ্তী ফুকন পাটগিৰি (DIPTI PHUKAN PATGIRI) একাধাৰে এগৰাকী অসমীয়া ভাষাবিদ, সাহিত্যিক, অধ্যাপক, সম্পাদক। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷

জন্ম আৰু বংশ পৰিচয়

২৯ মাৰ্চ,১৯৫৬ চনত দিপ্তী ফুকন পাটগিৰিৰ জন্ম হয়। পিতৃৰ নাম বুদ্ধেশ্বৰ ফুকন আৰু মাতৃৰ নাম বাসন্তী ফুকন।

শিক্ষা

  • ১৯৭৬ চনত অসমীয়া বিভাগত প্ৰথম হৈ স্নাতক ডিগ্ৰী লাভ কৰে।
  • ১৯৭৮ চনত অসমীয়া বিভাগত প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
  • ১৯৯১ চনত পি.এইচ.ডি ডিগ্ৰী লাভ কৰে। বিষয়: An Analysis of the Assamese Verb System: A Historical Study.
  • ২০১২ চনত উৎকল ইউনিভাৰ্ছিটি, ভূৱনেশ্বৰৰ পৰা ডি.লিট ডিগ্ৰী লাভ কৰে। বিষয়: Assamese and Oriya Language: A Comparative Study.

চাকৰি জীৱন

  • ১৮-১২-৭৮ তাৰিখৰ পৰা ১৭-১২-৭৯ তাৰিখলৈকে ডি.কে.ডি কলেজ, দেৰগাঁও,(অসম)ত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
  • ১-১২-৮৩ তাৰিখৰ পৰা ৩১-০১-৮৪ তাৰিখলৈকে প্ৰাগজ্যোতিষ কলেজ, গুৱাহাটীত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
  • ১-০২-৮৪ তাৰিখৰ পৰা ০১-০৩-৮৪ তাৰিখলৈকে ডিফু চৰকাৰী কলেজত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
  • ২-০৩-৮৪ তাৰিখৰ পৰা ০৪-১২-৯১ তাৰিখলৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
  • ১-১২-২০০০ তাৰিখৰ পৰা আজি পৰ্যন্ত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰি আছে।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাৰ ডীন হিচাপে ০২-০১-২০১৪ তাৰিখৰ পৰা ০৮-০৫-২০১৫ তাৰিখলৈকে দায়িত্ব ভাৰ পালন কৰে।

সাহিত্যৰাজি

  • ভাষাতত্ত্ব,১৯৯১১
  • মধ্যযুগৰ অসমীয়া ভাষাৰ ব্যাকৰণ, ১৯৯৯
  • আধুনিক অসমীয়া ব্যাকৰণ,১৯৯৯
  • ফলি পুথি লওঁ আহা,২০০৭
  • আধুনিক অসমীয়া গদ্য,২০০৩
  • অসমীয়া বাঙলা আৰু উড়িয়া ভাষা: তুলনামুলক অধ্যয়ন,২০০৪
  • মনোমতী(পুনৰ কথন), ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত উপন্যাস মনোমতী,২০০৭
  • ভাষা-সাহিত্য জিজ্ঞাসা,২০০৯ ২
  • some aspects on Language & Linguistics,2010
  • নিৰ্মল প্ৰভা বৰদলৈৰ শিশু সাহিত্য,২০১২
  • টিপকলিৰ সপোন (শিশু সাহিত্য),২০১৪
  • মায়া আইনা, বাঙালী ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা সাধু কিতাপ,২০১৪
  • হেমন্তৰ পাখি, বাঙালী ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা উপন্যাস,(মূল: সুচিত্ৰ ভট্টাচাৰ্য) ২০১৫
  • আইনু মাহীৰ চিঠি (শিশু সাহিত্য),২০১৭
  • ভাষা-সাহিত্যৰ চিন্তন,২০১৮

সম্পাদিত গ্ৰন্থ

  • ভাষা তত্বৰ বিচিত্ৰ কথা,১৯৯৬
  • ভাষাজিজ্ঞাসা,২০০২
  • অন্বেষণ,২০০৪
  • অসম সাহিত্য সভা পত্ৰিকা,২০০৬
  • অসমীয়া ভাষাৰ উপভাষা,২০০৭
  • উপভাষা আৰু অসমৰ উপভাষা,২০১০
  • নামনি অসমৰ আঞ্চলিক অসমীয়া শব্দকোষ,২০১২
  • সাহিত্য সুষমা,২০১৩
  • ভাষা,ভাষাবিজ্ঞান আৰু উপভাষা,২০১৩
  • লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষা,২০১৪
  • আধুনিক ভাৰতীয় আৰ্য ভাষা,২০১৪৩
  • ভাষা আৰু সাহিত্য: বিচাৰ আৰু বিশ্লেষণ,২০১৭
  • জনন বীক্ষণ,২০১৭
  • ভাষা সাহিত্য সংস্কৃতি শিতান,২০১৯
  • অসমীয়া ওমলা গীত,২০২০
  • অসমীয়া শিশু কবিতা,২০২১

অনুবাদ গ্ৰন্থ

  • নৱজাতক,২০০৭
  • মাহনদী জায়ে (লুইতৰ পৰা মহানদীলৈ) অসমীয়াৰ পৰা উড়িয়ালৈ অনুবাদ কৰা ৫৫টা অসমীয়া কবিতাৰ সংগ্ৰহ,২০০৮

তথ্যসূত্ৰ

  1. ↑ www.google.com/search?q=%E0%A6%A6%E0%A6%BF%E0%A6
  2. ↑ www.scientiabooks.in/product/bhasa-sahitya-jigya link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
  3. ↑ www.scientiabooks.in/product/adhunik-bharatiya-a link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপ্তি ফুকন পাটগিৰি” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৩৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।