ধনাই বৰা(Dhanai Borah; জন্ম: ১৮৭২ – মৃত্যু: ১৯৫৬) এগৰাকী অসমীয়া কবি আৰু লেখক। ১৮৭২ চনত ছিপাঝাৰত তেওঁৰ জন্ম হয়। ধনাই বৰা এজন কৃতী শিক্ষক, পাঠ্যপুথি প্ৰণেতা, প্ৰবন্ধকাৰ আৰু নাট্যকাৰ আছিল। 'কবিতা চন্দ্ৰিকা' হৈছে তেওঁৰ জীৱিত কালত প্ৰকাশিত একমাত্ৰ কবিতা পুথি। মৃত্যুৰ পিছত 'সাহিত্য কণিকা' বুলি আন এখন পুথি প্ৰকাশ হয়। ধনাই বৰাৰ কবিতা সমূহ প্ৰধানকৈ নীতিশিক্ষা মূলক হোৱা বাবে তেওঁক 'নীতি কবি' নামেৰে জনা যায়। ১৯৫৬ চনত তেওঁৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ ড° অজন্তা ওজা. বুনিয়াদ. New Saraswati House (India) Pvt. Ltd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধনাই বৰা” প্ৰবন্ধৰ সংশোধন ৩১২৮০৭ (৪ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।