অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰ্ণৱ জান ডেকা

অৰ্ণৱ জান ডেকা হৈছে অসমৰ এজন সাহিত্যিক, তথ্যচিত্ৰ পৰিচালক, অভিনেতা আৰু অভিযন্তা তেওঁ ইংৰাজী, অসমীয়া, হিন্দী আৰু বঙালী ভাষাত একাধিক গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে। ইয়াৰোপৰি তেওঁ এখন আলোচনী আৰু এখন বাতৰি কাকতৰো সম্পাদক আছিল।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৪ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অৰ্ণৱ জান ডেকা হৈছে অসমৰ এজন সাহিত্যিক, তথ্যচিত্ৰ পৰিচালক, অভিনেতা আৰু অভিযন্তা১২৩ তেওঁ ইংৰাজী ভাষা, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), হিন্দী ভাষা আৰু বঙালী ভাষাত একাধিক গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে। ইয়াৰোপৰি তেওঁ এখন আলোচনী আৰু এখন বাতৰি কাকতৰো সম্পাদক আছিল।৪ সাহিত্য একাডেমিয়ে তেওঁৰ জীৱনীক বিংশ শতাব্দীৰ ২০জন শ্ৰেষ্ঠ ভাৰতীয় সাহিত্যিকৰ তালিকা Who's Who of Indian Writers 1999ত স্থান দিছে।৫ তেওঁ কেইবা দশক জুৰি গৰীয়সী আলোচনীত গল্প লিখি আহিছে।

তেওঁ তেওঁৰ উপন্যাস ভৱ আনন্দ সংবাদৰ বাবে প্ৰকাশন পৰিষদৰ সোণালী জয়ন্তী উপন্যাস বঁটা, ২০০৬ লাভ কৰিছিল।২৩ ২০০৪ চনত নতুন দিল্লীত অনুষ্ঠিত কথা আন্তঃৰাষ্ট্ৰীয় চুটী গল্প উৎসৱে তেওঁৰ চুটী গল্প Himalayan Mystic Meetingৰ বাবে কথা-গৰীয়সী চুটী গল্প বঁটা প্ৰদান কৰে।৬ ইয়াৰোপৰি তেওঁক সাহিত্য, কলা আৰু বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ বাবে ২০১০ চনত কলিকতাত আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় সোঁৱৰণি বঁটা (স্মাৰক সন্মান) প্ৰদান কৰা হয়।৭

ইণ্ডো-ব্ৰিটিছ পৰিৱেশ প্ৰকল্প ছেভ দ্যা ৰিভাৰ ব্ৰহ্মপুত্ৰৰো আন্তঃৰাষ্ট্ৰীয় সচিব আছিল।৮৯

১৯৮১ চনত ছাত্ৰাৱস্থাতেই তেওঁৰ প্ৰথম অনাতাঁৰ নাটক মুক্তি ('Freedom') আকাশবাণীত সম্প্ৰচাৰ কৰা হৈছিল। ১৯৮৩ চনত তেওঁৰ প্ৰথম কিতাপ এফাঁকি ৰ'দে প্ৰকাশ হয়।৫১০১১

অসমৰ প্ৰখ্যাত গুৰু-সাহিত্যিক-কলাকাৰ শংকৰদেৱৰ বিষয়ে তেওঁ নিৰ্মাণ কৰা তথ্য চিত্ৰই বহুতো দেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।১২

অৰ্ণৱ জান ডেকা অসমৰ এগৰাকী সাহ্যিতিক, শিক্ষাবিদ, পণ্ডিত ভৱানন্দ ডেকাৰ পুত্ৰ। তেওঁৰ মাকৰ নাম আছিল নলিনীপ্ৰভা ডেকা। তেখেতো এগৰাকী লেখিকা আছিল।

তথ্যসূত্ৰ

  1. ↑ Ghosh, Arnab. Top 5 Contemporary Writers from Assam. http://.nelive.in. NE Live
  2. ↑ (10 Jan 2007). Novel Award to Arnab Jan Deka. The Times of India
  3. ↑ (11 Jan 2007). Assam Publication Board Award to novel on Bhabananda Deka's life. Ajir Asom
  4. ↑ (24 Jan 2015). Remembering a scholar. The Assam Tribune
  5. ↑ Who's Who of Indian Writers End Century Edition 1999. Sahitya Academy. পৃ. 305. ISBN 81-260-0873-3
  6. ↑ (12 Dec 2003). Thumbs up. The Telegraph
  7. ↑ (2 Sep 2011). Acharya Prafulla Chandra Roy Award to Arnab Jan Deka. The Sentinel
  8. ↑ (12 July 2010). Chinese action attracts global media. The Assam Tribune
  9. ↑ Barooah, Arindam. (18 April 2015). The connecting link. The Assam Tribune
  10. ↑ Poetry and the Brahmaputra: Flowing Back to Nature. The Art of Living Guide
  11. ↑ (27 Dec 2014). Poetry by the Banks. The Assam Tribune
  12. ↑ (10 May 1997). Documentary on Shankardev to be Screened in USA. University of Colorado

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্ণৱ জান ডেকা” প্ৰবন্ধৰ সংশোধন ৪০৩৪৪৩ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।