টুনুজ্যোতি গগৈ ( Tunujyoti Gogoi; জন্ম: ১৯৮০) একাধাৰে লেখক, সম্পাদক, গল্পকাৰ। তেখেত মুক্ত চিন্তা আলোচনীখনৰ কাৰ্যবাহী সম্পাদক (যুতীয়াভাৱে)। ১ অসমৰ বহুকেইখন বাতৰি কাকতৰ সম্পাদনাৰ সৈতে তেখেত এসময়ত জড়িত আছিল৷ সমান্তৰালভাৱে ‘নতুন সাহিত্য পৰিষদ’, ‘ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচন’ (DYFI) আদি সংগঠনৰ লগতো জড়িত আছিল৷ বৰ্তমান তেখেতে ‘উত্তম অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ’ৰ উদ্যোগত বিভিন্ন সামাজিক কাম-কাজ কৰি আছে৷ তেখেত ‘চৰ্যাভাষ’ আলোচনীখনৰো মুখ্য সম্পাদক৷২
জন্ম আৰু পৰিচয়
তেখেতৰ জন্ম ১৯৮০ চনত ডিব্ৰুগড় জিলাৰ কপহুৱা গাঁৱত৷ পিতৃৰ নাম উত্তম গগৈ আৰু মাতৃৰ নাম বিৰজা লিকচন গগৈ
প্ৰকাশিত সাহিত্যৰাজি
প্ৰবন্ধমূলক গ্ৰন্থ
- আমাৰ অসম: সপোন, বাস্তৱ আৰু সংগ্ৰাম, ২০১৮ ৩
- পীৰিতিৰ নিছিগা ধাৰ: যৌনপ্ৰেম, যৌনসেৱা আৰু যৌন নৈতিকতাৰ সমাজ-মনস্তাত্ত্বিক অধ্যয়ন, ২০১৯
- ১৮২৬ঃ ইয়াণ্ডাবু সন্ধিৰপৰা ‘কা’ বিৰোধী আন্দোলনলৈ, ২০২০৪
- ফুল, কাঁইট আৰু সুবাস, ২০২০
- অসমীয়া গল্পঃ বিলোকন আৰু বিশ্লেষণ, ২০২১৫
- আকৌ এবাৰ শৰাইঘাট জিনিম, ২০২২
সম্পাদিত গ্ৰন্থ
- সাংবাদিকতা আৰু ছহিদ সাংবাদিক (যুটীয়াভাবে), ২০০৯
- চৰচাপৰিৰ জনজীৱনঃ সংঘাত আৰু সৌৰভ (যুটীয়াভাবে), ২০১০
আলোচনী
- নতুন মানুহ (তিনিমহীয়া আলোচনী), ১৯৯৮
- নতুন চিন্তা, ২০০০
- দৈনিক ভূমিপুত্ৰ’ ( জ্যেষ্ঠা উপ সম্পাদক, ২০০২-২০০৪)
- দৈনিক অগ্ৰদূত (উপ সম্পাদক, ২০০৫-২০১০)
- পৃথিৱী (সম্পাদক ২০০৮-২০১০)
- আজিৰ দৈনিক বাতৰি (বিভাগীয় সম্পাদক, ২০১১)
- বৌদ্ধিক বিচাৰ, সম্পাদক, ই আলোচনী
গল্প সংকলন
- তই কি সুৰেৰে বজালি বাঁহী, ২০০৫
- ৰ'দ আৰু ছাঁ (যুটীয়াভাবে), ২০০৬
- দিখম নীৰৱে বয়, ২০১৯
শিশু গ্ৰন্থ
ৰঙৰ অকণমানি পৃথিৱীখন, ২০২১
বঁটা আৰু সন্মান
- নতুন সুৰ প্ৰকাশনে প্ৰদান কৰা ‘কথা বৈভৱ বঁটা, ২০২০
তথ্যসূত্ৰ
- ↑ টুনুজ্যোতি গগৈ. (২০২১). চকৰী ফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়. J S Publication. পৃ. বেটুপাত
- ↑ আৰ্কাইভ কপি
- ↑ www.scientiabooks.in/product/amar-asom-sapun-bas link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.scientiabooks.in/product/1826-yandabo-sandhi link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.scientiabooks.in/product/asamiya-galpa-bilok link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুনুজ্যোতি গগৈ” প্ৰবন্ধৰ সংশোধন ৬০৪০৯৮ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।