অসমীয়া সাহিত্যিক
২৫১ প্ৰবন্ধ
-
হীৰেন্দ্ৰ নাথ দত্ত
হীৰেন্দ্ৰ নাথ দত্ত (Hirendra Nath Dutta) অসমৰ এগৰাকী কবি আৰু সমালোচক। অসমীয়া সাহিত্য জগতলৈ তেওঁৰ বৰঙনিৰ ভিতৰত কাব্যগ্ৰন্থ 'মানুহ অনুকূলে', 'সমধিৰিৰ সোঁৱৰণী আৰু অন্যান্য কবিতা', 'পল অনুপলৰ সাঁচ', প্ৰবন্ধ সংকলন 'নিৰ্বাচিত সমালোচনা' আদি উল্লেখযোগ্য।
-
হেমেন দাস
হেমেন দাস (Hemen Das) অসমৰ এজন শীৰ্ষস্থানীয় মঞ্চ আৰু চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু লেখক। তেওঁ অসম সচিবালয়ত কাৰ্যনিৰ্বাহ কৰিছিল, য’ৰ পৰা তেওঁ ২০০৪ চনত অৱসৰ গ্ৰহণ কৰে।
-
হৰিনাৰায়ণ দত্তবৰুৱা
হৰিনাৰায়ণ দত্তবৰুৱা (১৮৮৫-১৯৫৮) এগৰাকী প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু প্ৰকাশক৷ তেওঁ ভালেসংখ্যক অসমীয়া মাধ্যমৰ পাঠ্যপুথি আৰু শংকৰ-মাধৱৰ কৰ্মৰাজি পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰাত অৱদান আগবঢ়াইছিল৷ অসমীয়া গ্ৰন্থ প্ৰকাশৰ বাবে তেওঁ গুৱাহাটীত 'বৰুৱা এজেন্সি', 'শ্ৰীগুৰু প্ৰেছ' আৰু 'দত্তবৰুৱা এণ্ড…
-
ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী
ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী ( Ranjit Kumar Dev Goswami; জন্ম:২১ ছেপ্টেম্বৰ, ১৯৫১ চন) অসমৰ এগৰাকী লেখক, সমালোচক, অধ্যাপক আৰু প্ৰাৱন্ধিক। সত্তৰৰ দশকত শংকৰদেৱৰ হৰমোহনৰ আলোচনাৰে তেওঁ বিদ্ব সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
-
অসমৰ সাহিত্যিকসকলৰ তালিকা
অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা অসমৰ ৰাজ্যপালসকলৰ তালিকা
-
অৰ্পণা কোঁৱৰ
অৰ্পণা কোঁৱৰ (Arpana Konwar) হৈছে এগৰাকী অসমীয়া লেখিকা,ভাষা গৱেষক, অধ্যাপক। তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ সন্মানীয় অধ্যাপক আৰু Faculty of Humanities and Law বিভাগৰ ‘ডীন’ হিচাপে কৰ্মৰত৷ অসমৰ ভাষা বিষয়ক বহুকেইখন প্ৰাসংগিক গ্ৰন্থ ইতিমধ্যেই তেওঁ লিখি…
-
উষাৰাণী বৰুৱা
ড° উষাৰাণী বৰুৱা (Dr Usharanee Baruah; ১৯৫১, ১ এপ্ৰিল -২০২১,১৮ জুন) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, অধ্যাপিকা, সাহিত্যিক, লেখিকা। তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা মুৰব্বী অধ্যাপিকা ৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
-
গংগামোহন মিলি
গংগামোহন মিলি (ইংৰাজী:Gongamohan Mili) একবিংশ শতিকাৰ অসমীয়া কাব্য সাহিত্যৰ এগৰাকী অন্যতম বিশিষ্ট আৰু প্ৰতিভাশালী কবি। তেওঁ মূলত নিজৰ সুকীয়া কাব্যশৈলী আৰু সমাজ সচেতনতামূলক লিখনীৰ বাবে পৰিচিত।
-
দেৱব্ৰত দাস
দেৱব্ৰত দাস (Debabrata Das) ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু স্তম্ভলেখক। সাদিন কাকতত ‘হিয়াৰ পখিলাবোৰ’ শীৰ্ষক স্তম্ভ লিখি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৮১ চনত দাসৰ প্ৰথমখন গল্প-সংকলন ‘অৰ্পিতাৰ এৰাতি’ প্ৰকাশ পায়।
-
ধনেশ্বৰ ইংতি
ধনেশ্বৰ ইংতি (Dhaneswar Engti, জন্ম: ১ নৱেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় সাহিত্যিক, গীতিকাৰ তথা শিক্ষাবিদ। ʼবালিমাহীʼ শীৰ্ষক কাব্য সংকলনেৰে কাব্যপ্ৰেমীৰ মাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা ধনেশ্বৰ ইংতি সকলোৰে মাজত ʼবালিমাহীৰ কবিʼ কবি হিচাপেও পৰিচিত।
-
ধীৰেন্দ্ৰ নাথ বেজবৰুৱা
ধীৰেন্দ্ৰ নাথ বেজবৰুৱা এগৰাকী ভাৰতীয় সাংবাদিক আৰু সাহিত্যিক। তেওঁ উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত দ্যা ছেণ্টিনেলৰ প্ৰতিষ্ঠাপক সম্পাদক। ১৯৩৩ চনত অসমৰ যোৰহাট জিলাত তেওঁৰ জন্ম হৈছিল।
-
নগেন ঠাকুৰ
নগেন ঠাকুৰ (Nagen Thakur, জন্মঃ ২৯ আগষ্ট ১৯৩৯, মৃত্যুঃ ১০ এপ্ৰিল ২০২৫) অসম,ভাৰতৰ এগৰাকী ভাষাবিদ, লেখক, কবি, সম্পাদক আৰু অধ্যাপক। তেখেতে অসমীয়া ভাষা বিষয়ক ১৩খন গ্ৰন্থ প্ৰকাশ কৰিছে৷ পালি-প্ৰাকৃত-অপভ্ৰংশ আৰু অসমীয়া ভাষা বিষয়ক তেখেতৰ গৱেষণামূলক গ্ৰন্থকেইখনে অসমীয়া ভাষাটোক মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা…
-
নিবাৰণ বৰা
নিবাৰণ বৰা (Nibaran Bora) অসমৰ এজন ৰাজনীতিবিদ, লেখক, সাংবাদিক, শিক্ষক, খেলুৱৈ, বক্তা, সমাজকৰ্মী শ্ৰমিক নেতা তথা কৃষক নেতা আছিল। তেওঁক কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ এগৰাকী আগশাৰীৰ অসমপ্ৰেমী আৰু জনমুখী ৰাজনীতিবিদ বুলি গণ্য কৰা হয়। তেওঁ অসমত হোৱা ছবছৰীয়া গণ আন্দোলনৰো অন্যতম হোতা আছিল।
-
নীৰাজনা মহন্ত বেজবৰা
নীৰাজনা মহন্ত বেজবৰা (Nirajana Mahanta Bezborah) হৈছে এগৰাকী অসমীয়া সাহিত্যিক, অনুবাদক, অধ্যাপক। তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ বিংশ শতিকাৰ শেষৰফালে তুলনামূলক ভাৰতীয় সাহিত্য বিষয়ত গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰা নীৰাজনা মহন্ত বেজবৰা বৰ্তমান সময়ত ‘তুলনামূলক ভাৰতীয়…
-
প্ৰসেনজিৎ চৌধুৰী
প্ৰসেনজিৎ চৌধুৰী (Prasenjit Chowdhury; জন্ম: ১৯ অক্টোবৰ, ১৯৪৬) এগৰাকী অসমীয়া যুক্তিবাদী লেখক, অধ্যাপক আৰু ইতিহাসৰ বস্তুনিষ্ঠ বিশ্লেষক।ইতিহাস চৰ্চাৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা লৈ আহিছে।
-
পৰী হিলৈদাৰী
পৰী হিলৈদাৰী (Pori Hiloidari; ) হৈছে এগৰাকী অসমীয়া সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা। তেখেতে তেওঁৰ অনুবাদ গ্ৰন্থ দাঁতি পাৰৰ মানুহৰ বাবে ২০২১ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে।
-
বসন্ত কুমাৰ গোস্বামী
বসন্ত কুমাৰ গোস্বামী ( Basanta Kumar Goswami) এগৰাকী অসমীয়া সাহিত্যিক তথা গৱেষক। তেওঁ অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি।
-
মংগলসিং হাজোৱাৰী
মংগলসিং হাজোৱাৰী এগৰাকী ভাৰতীয় বড়ো ভাষাৰ কবি। তেখেতে জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ নামৰ কবিতা পুথিখনৰ বাবে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
-
মধুৰাম বড়ো
মধুৰাম বড়ো অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ। তেওঁ ২০০২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ তাৰোপৰি তেওঁ ২০০২ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে৷ ২০১৪ চনৰ ২৪ মাৰ্চ তাৰিখে তেওঁৰ মৃত্যু হয়৷
-
মফিদা আহমেদ
মফিদা আহমেদ এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমৰ পৰা ভাৰতীয় সংসদৰ নিম্নসদন লোকসভালৈ নিৰ্বাচিত দ্বিতীয় মহিলা সাংসদ আৰু প্ৰথম মহিলা মুছলমান সাংসদ হিচাপে পৰিগণিত হৈছিল। তদুপৰি, সেই সময়ত সংসদলৈ নিৰ্বাচিত ইছলাম ধৰ্মাৱলম্বী মাত্ৰ কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁ অন্যতম আছিল।
-
মুনীন বায়ন
মুনীন বায়ন অসমৰ এগৰাকী প্ৰখ্যাত সাংবাদিক, চিন্তাশীল লেখক, সাহিত্য সমালোচক তথা চলচ্চিত্ৰ সমালোচক। অসমৰ সমাজ-জীৱন, সাহিত্য, বিশ্ব ৰাজনীতি তথা সামাজিক দৰ্শনৰ ওপৰত কৰা মাৰ্গদৰ্শক আলোচনাৰ বাবে অসমীয়া বৌদ্ধিক মহলত তেওঁ বিশেষভাৱে পৰিচিত।
-
যোগেন্দ্ৰনাথ শৰ্মা
যোগেন্দ্ৰনাথ শৰ্মা (ইংৰাজী: Jogendra Nath Sarma, জ.১৯৫০ চনৰ ১৬ জানুৱাৰী) এগৰাকী ভূতত্ত্ববিদ আৰু বিজ্ঞান লেখক৷ তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ মূৰব্বীৰ দায়িত্ব পালন কৰাৰ লগতে উক্ত বিভাগৰ কেশৱদেৱ মালব্য আসনৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ অসমৰ নদ-নদীৰ বিজ্ঞানভিত্তিক…
-
যোগেন্দ্ৰনাৰায়ণ ভূঞা
যোগেন্দ্ৰনাৰায়ণ ভূঞা এগৰাকী অধ্যাপক, লেখক, সম্পাদক, অনুবাদক। তেখেত আছিল ঊনবিংশ শতিকাৰ অসমীয়া সাহিত্যৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি। তেখেতে বিশ্বকোষৰ চতুৰ্থ খণ্ড সম্পাদনা কৰাৰ লগতে অসম সাহিত্য সভা পত্ৰিকাৰো কেইবাটাও সংখ্যা সম্পাদনা কৰিছে।
-
লুম্মেৰ দাই
লুম্মেৰ দাই (Lummer-Dai) অৰুণাচল প্ৰদেশৰ পটভূমিত অসমীয়া ভাষাত সৃষ্টিধৰ্মী ৰচনাৰ বাটকটীয়া। তেওঁ আছিল মূলত এগৰাকী অসমীয়া জনজাতীয় লেখক। তেওঁ ৰচনাত জনজাতীয় জীৱন-বৈচিত্ৰ্যৰ ছবিহে বেছিকৈ উজলি উঠিছে।
-
শীলা বৰঠাকুৰ
শীলা বৰঠাকুৰ (১৯৩৫ - ২১ জুন ২০২০) এগৰাকী ভাৰতীয় সমাজসেৱী আৰু লেখিকা। অসমৰ লেখিকা সকলৰ সামাজিক আৰু সাংস্কৃতিক উত্থানৰ বাবে স্থাপন কৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেওঁ প্ৰতিষ্ঠাপক আছিল।
-
সুৰেশ শৰ্মা
সুৰেশ শৰ্মা (Suresh Sharma) হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।
-
ৰত্নেশ্বৰ মহন্ত
ৰত্নেশ্বৰ মহন্ত (Ratneswar Mahanta) অসমীয়া সাহিত্যৰ প্ৰাক-ৰোমাণ্টিক যুগৰ এগৰাকী কবি আৰু প্ৰবন্ধকাৰ আছিল। ১৮৮৫-৮৬ চনত গুণাভিৰাম বৰুৱাই সম্পাদনা আৰু প্ৰকাশ কৰা আলোচনী 'আসাম বন্ধু'ত ৰত্নেশ্বৰ মহন্তৰ কেইবাটাও প্ৰবন্ধ আৰু কবিতা প্ৰকাশ হৈছিল।
-
অন্নদা শইকীয়া
অন্নদা শইকীয়া অসমৰ বোকাখাতৰ এগৰাকী সমাজসেৱী আৰু সাহিত্যিক আছিল। তেওঁ ১৯৩৩ চনৰ ২ নৱেম্বৰত জন্মলাভ কৰিছিল। পিতৃ যোগানন্দ লেখাৰু আৰু মাতৃ সুমিত্ৰা লেখাৰুৰ কন্যা অন্নদা শইকীয়াই ওৰেটো জীৱন শিক্ষা, সাহিত্য আৰু সমাজ সংস্কাৰৰ নামত ব্ৰতী হৈ অসমৰ, বিশেষকৈ বোকাখাতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ…
-
ইমৰান হুছেইন
ইমৰান হুছেইন (১৯৬৬) এজন লেখক, সমালোচক, অধ্যাপক। ২০০৩ চনত সাহিত্য একাডেমীয়ে অসমীয়া ভাষাত প্ৰকাশ কৰা তেওঁৰ প্ৰথম গল্পপুথিখনৰ নাম হৈছে- হুদুমদেও আৰু অন্যান্য৷ তেওঁ অসমৰ সাহিত্য আলোচনী ভূমিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেওঁ অসমৰ ছিপাঝাৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেওঁৰ ‘বাঁক’ শীৰ্ষক গল্পটোক…
-
গগনচন্দ্ৰ অধিকাৰী
গগনচন্দ্ৰ অধিকাৰী (Gagan Chandra Adhikari জন্ম: ১ জুন ১৯৪১ – মৃত্যু: ৩০ ছেপ্টেম্বৰ ২০২০) এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত।