নন্দ কিশোৰ মহেশ্বৰী অসমৰ এগৰাকী বিশিষ্ট শিল্পী, সাংবাদিক, স্থপতিবিদ, নাট্যকাৰ আৰু সমাজকৰ্মী৷ নাটক, বোলছবি, সাহিত্য, সাংবাদিকতা আৰু সামাজিক কামত তেওঁৰ অৱদান উল্লেখযোগ্য৷১২ নন্দ কিশোৰ মহেশ্বৰীয়ে ভালেসংখ্যক নাটক, অনাতাঁৰ ধাৰাবাহিক আৰু বোলছবিত অভিনয় কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাত কেইবাখনো গ্ৰন্থও ৰচনা কৰিছিল৷১ তেওঁ উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷২ তাৰোপৰি তেওঁ লখিমপুৰ চহৰত কেইবাটাও উল্লেখযোগ্য মন্দিৰ, নামঘৰ আৰু বিদ্যালয় নিৰ্মাণ কৰে৷ ৩
চমু জীৱনী
নন্দ কিশোৰ মহেশ্বৰীৰ পিতৃ লখিমপুৰ চহৰৰ ব্যৱসায়ী ৰামপ্ৰসাদ মহেশ্বৰী আৰু মাতৃ গোমতি দেৱী৷ তেওঁ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷১
২০১৭ চনৰ ২৪ ছেপ্টেম্বৰত লখিমপুৰৰ সূৰ্য চিনেমা হলৰ চৌহদত অৱস্থিত নিজ বাসগৃহত নন্দ কিশোৰ মহেশ্বৰীৰ দেহাবসান ঘটে৷২ ৩
অভিনয়
নন্দ কিশোৰ মহেশ্বৰীয়ে অভিনয় কৰা নাটসমূহৰ ভিতৰত নাট্যকাৰ ফণী শৰ্মাৰ ’কিয়?’, ’চিৰাজ’, মহেন্দ্ৰ বৰঠাকুৰৰ ’শৰাগুৰি চাপৰি’, অৰুণ শৰ্মাৰ ’অন্য এক অধ্যায়’, ’বুৰঞ্জীৰ সাধু’, মুনীন ভূঞাৰ ’হাতী আৰু ফান্দি’, ’জৰৌৰোৱা প্ৰজা’, আলি হাইদৰৰ ’ধুমুহা পক্ষীৰ নীড়’, ’যুগ’, ড৹ ৰিপুন বৰপূজাৰীৰ ’আস্থা ৰাগ’, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ’কাৰেঙৰ লিগিৰি’, ’লভিতা’, ’নিমাতী কন্যা’, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ’জ্যোতিপ্ৰসাদৰ জন্ম শতবৰ্ষ’, হৰেন ভূঞাৰ ’দুই পক্ষী’, অতুলানন্দ হাজৰিকাৰ ’নন্দ দুলাল’ আদি উল্লেখযোগ্য৷২
অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অৰুণ শৰ্মা আৰু আলি হাইদৰৰ আশীৰ্বাদৰ ৰং, ’খবৰ’ আদিত তেওঁ অভিনয় কৰিছিল৷
তাৰোপৰি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সংগীত পৰিচালনা আৰু জীৱন বৰাৰ পৰিচালিত ’পলাশৰ ৰং’ বোলছবিত অভিনয় কৰি সমাদৰ লাভ কৰে৷ তাৰোপৰি তেওঁ 'ওপজা সোণৰ মাটি (চলচ্চিত্ৰ)', 'পলাশৰ ৰং', 'দৌৰ' আদি বোলছবিতো অভিনয় কৰে৷
সাহিত্যকৰ্ম
নন্দ কিশোৰ মহেশ্বৰীয়ে ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাত ভালে সংখ্যক গ্ৰন্থ ৰচনা কৰিছিল৷১
সাংবাদিকতা
নন্দ কিশোৰ মহেশ্বৰীয়ে জীৱনকালত দীৰ্ঘদিন ধৰি সাংবাদিকতা কৰে৷ তেওঁ উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল৷২
সমাজসেৱা
নন্দ কিশোৰ মহেশ্বৰীয়ে লখিমপুৰ চহৰৰ হিন্দু কৱৰস্থান, লীলাৱতী বৰদলৈ হিন্দী হাইস্কুল, নীলকন্ঠেশ্বৰ মন্দিৰ (শিৱ মন্দিৰ), কুলিমালি নামঘৰ, গণেশ মন্দিৰ, দুৰ্গা মন্দিৰ আদি নিৰ্মাণ কৰে৷২
তাৰোপৰি তেওঁ ধেমাজি জিলাৰ গোগামুখত সংকটমোচন হনুমান মন্দিৰটোও সাজি উলিয়ায়৷
বঁটা আৰু সন্মান
- আম্বেদকাৰ বঁটা
- কৰ্মযোগী বঁটা (লায়ন্স ক্লাৱ)
- সমাজহিতৈষী বঁটা (মহেশ্বৰী বঁটা)
- মুখ্যমন্ত্ৰীৰ বঁটা (ৰাজ্যিক বোলছৱি সমাৰোহ)
- বিশিষ্ট কৰ্মসেৱা বঁটা
- সাংস্কৃতিক বঁটা (অসম ছাত্ৰ সন্থা)
তথ্যসূত্ৰ
- ↑ amarasom.glpublications.in, 25th Sept, 2017
- ↑ dainikjanambhumi.co.in, 25th Sept, 2017
- ↑ (২৫ ছেপ্টেম্বৰ, ২০১৭). বিশিষ্ট অভিনেতা, সাংবাদিক নন্দ কিশোৰ মহেশ্বৰীৰ মৃত্যু. বিশিষ্ট অভিনেতা, সাংবাদিক নন্দ কিশোৰ মহেশ্বৰীৰ মৃত্যু. জনমভূমি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দ কিশোৰ মহেশ্বৰী” প্ৰবন্ধৰ সংশোধন ৬৩০৩৩২ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।