তপত দিন দীঘল ৰাতি আফ্ৰিকাৰ কেইটামান নিৰ্বাচিত চুটিগল্পৰ অনুবাদ সংকলন। মূল 'Hot Days Long Nights' গ্ৰন্থখনৰ সম্পাদক নাদেঝডা অবৰাড’ভিচ্ছ।১ গ্ৰন্থখনৰ গল্পবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰিছে অমৃত জ্যোতি মহন্তই। গ্ৰন্থখন প্ৰকাশ কৰিছে নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই।
গ্ৰন্থ বিৱৰণ
গ্ৰন্থখনত আফ্ৰিকা মহাদেশৰ প্ৰতিনিধিত্বমূলক কেইগৰাকীমান চুটিগল্পকাৰৰ গল্ৰ সংকলিত হৈছে। সংকলনটোত মুঠ ২৬টা গল্প আছে।২ মূল গল্প সংকলনটোৰ আগকথা লিখিছে চ্ছিনুৱা আচ্ছেবে। অসমীয়া ভাষাত গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ২০০৬ চনত। পৰৱৰ্তী সময়ত ২০১০ চনত গ্ৰন্থখনৰ প্ৰথম পুনৰমুদ্ৰণ কৰা হয়।
চ্ছিনুৱা আচ্ছেবে গ্ৰন্থখনৰ গল্পবিলাকৰ বিষয়ে চমুকৈ এনেদেৰ কৈছে-সংকলনটোত প্ৰতিষ্ঠিত আৰু নতুন দুই শ্ৰেণী লেখকৰে প্ৰতিনিধিত্ব আছে। ছেনেগালৰ চিত্ৰ নিৰ্মাতা, লেখক চেম্বেন অচমেন, চাৰ্লচ মাংগশ্বি, আলিফা ৰিফাত, লুই হনৱানা আৰু ব্লক মডিচেনৰ দৰে বিখ্যাত লেখকসকলৰ লগতে তুলনামূলকভাৱে কম খ্যাত কিছুমান নামো সামৰা হৈছে য'ত আছে আৰবী ভাষাত লেখা উত্তৰ আফ্ৰিকাৰ লেখকৰ গল্প; সংকলনটোৰ বাবে সেয়া বিশেষভাৱে ভাষান্তৰ কৰা হৈছে। চিন্দিৱি মেগোনা এক নতুন কলম। তেওঁৰ শক্তিশালী গল্পটোৱে বৰ্ণবৈষম্যৰ বলি এজনী চৈধ্যবছৰীয়া কৃষ্ণাংগী ছোৱালীৰ উচ্ছন্ন জীৱন তাইৰ দুৰ্ভাগ্য বুলি ধৰিছে, যাৰ আলফুল জীৱনলৈ স্বজনগামীতাই আৰু বিভীষিকা কঢ়িয়াই আনিছে। সংকলনটো কেইবাটাও দিশত ভাল হৈছে। বেলেগ বেলেগ ৰূপ আৰু পৰিস্থিতিত বাৰে বাৰে দেখুওৱা হৈছে কেনেকৈ সৎ আৰু সৰল চিন্তা বিশ্বাসঘাটকতাৰ বলি হৈছে। বায়েফ্ৰান যুদ্ধক লৈ লেখা অছীয় এনেৱেৰ শেষ যুদ্ধ গল্পটোত খুব পোনপটীয়াকৈ দেখুওৱা হৈছে কেনেকৈ নায়কে নিজৰ আদৰ্শৰ বিশ্বাসঘাটকতা দেখি সৈনিকৰপৰা দেশদ্ৰোহী হৈছে। গল্পবিলাকৰ উমৈহতীয়া দিশ হ’ল যন্ত্ৰণা আৰু অন্যায়-অবিচাৰৰ চিত্ৰায়ন—এই পৰিৱেশ ইমানেই শক্তিশালী ভাবে আছে যে চালচ মাংগশ্বিৰ (জিম্বাবুৱে) গল্প ভ্ৰাতৃ পঢ়ি থাকোঁতে পাঠকে মদ, জুৱা, যৌনাচাৰ পাই সুখপ্ৰদ কিবা এটা আশা কৰি থাকোঁতেই গম পায় এয়া যেন সমাধিক্ষেত্ৰৰ সমীপহে।২
তথ্যসূত্ৰ
- ↑ aarohilife.org. National Book Trust
- ↑ অমৃত জ্যোতি মহন্ত (অনুবাদক). (২০১০). তপত দিন দীঘল ৰাতি. নেশ্যনেল বুক ট্ৰাষ্ট
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তপত দিন দীঘল ৰাতি” প্ৰবন্ধৰ সংশোধন ৩৯৬০৪১ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।