টাই সংস্কৃতিৰ ৰূপৰেখা (Tai Sanskritir Ruprekha) অসমীয়া সাহিত্যিক, বুৰঞ্জীবিদ ড° লীলা গগৈয়ে ৰচনা কৰা এখন অসমীয়া গ্ৰন্থ। এই গ্ৰন্থখনত টাই সংস্কৃতিৰ বিষয়ে থূলমূলকৈ আলোচনা কৰা হৈছে। ১৯৬১ চনত টাই সংস্কৃতিৰ কোনো কোনো দিশ সামৰি গগৈৰ ৰচনাৰ এক সংকলন প্ৰকাশন পৰিষদৰ অৰ্থ সাহায্যত প্ৰকাশিত হয়। ইয়াৰে দহবছৰৰ পিছত এই সংকলন পৰিবৰ্দ্ধিত আকাৰত ‘টাই-সংস্কৃতিৰ ৰূপৰেখা’ শিতানত পুনৰ প্ৰকাশ পায়। ইয়াৰো বহু বছৰ পিছত পৰিৱৰ্তিত আৰু পৰিৱৰ্দ্ধিত ৰূপত ইয়াক প্ৰকাশৰ ব্যৱস্থা কৰা হয়।১ ১৯৯৪ চনত বনলতা প্ৰকাশনৰ পৰা গ্ৰন্থখনৰ চতুৰ্থ সংস্কৰণ প্ৰকাশ পায়।২
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: লীলা গগৈ
লীলা গগৈ অসমৰ এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ তথা শিক্ষাবিদ আছিল। ইয়াৰ লগতে তেওঁ অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক আছিল। তেওঁ ১৯৯৪ চনত অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল৩।৪ ১৯৮৩ চনত ৰচিত নৈ বৈ যায় তেওঁৰ এক উল্লেখযোগ্য সাহিত্যকৰ্ম।
বিষয়বস্তু
গ্ৰন্থখনৰ মূল বিষয়বস্তু টাই সংস্কৃতি। অসমলৈ আহোমসকলৰ আগমন আৰু সামগ্ৰিকভাৱে অসমীয়া সভ্যতালৈ তেওঁলোকৰ সামাজিকো তথা সাংস্কৃতিক অৱদানৰ বিষয়েও ইয়াত আলোচনা কৰা হৈছে। ইয়াৰে কিছুসংখ্যক ৰচনা লীলা গগৈয়ে ছাত্ৰ অৱস্থাতেই স্নাতক পৰ্যায়ত পঢ়ি থকাৰ কালত ৰচনা কৰিছিল। গ্ৰন্থখনে আহোম যুগৰ বিভিন্ন দিশ যেনে সেই সময়ৰ অসমীয়া সাহিত্য, শাসনপ্ৰণালী, শিক্ষা-ব্যৱস্থা, সংগীত, খেল-ধেমালি, দ’ল-দেৱালয়, ৰণৰ আহিলা, শক্তিপূজা আদি বিষয় সামৰি লৈছে। ইয়াৰ লগতে আহোমসকলৰ পূজা-পাতল, বিবাহ পদ্ধতি, ৰাজকীয় সাজপাৰ, ৰাজকাৰেঙৰ ভিতৰ চ’ৰা আদিৰ বিষয়েও গ্ৰন্থখনত বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰিও পৰিশিষ্ট হিচাপে আহোম যুগৰ সাজ-পাৰ, স্থাপত্য, সা-সম্পত্তি আদিৰ লগতে সেই সময়ত সৃষ্টি হোৱা জতুৱা ঠাঁচ আৰু ফকৰা যোজনা আদিকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।৫
গ্ৰন্থখনৰ আৰম্ভণিতে বৃহত্তৰ টাই জাতিৰ জন্ম আৰু ক্ৰমবিকাশৰ বৰ্ণনা কৰা হৈছে। এই অংশটোৱে টাইসকলৰ ধৰ্ম, ভাষা-সাহিত্য, কৃষি, সাজ-পাৰ, ঘৰ-দুৱাৰ আৰু সা-সঁজুলি, খাদ্য-সম্ভাৰ, সামাজিক ৰীতি-নীতি আদি বিভিন্ন সামাজিক তথা সাংস্কৃতিক দিশ সামৰি লৈছে। পৰৱৰ্তী অংশটো মূলতঃ আহোম যুগৰ বৰ্ণনা। এই ভাগটোত আহোম যুগৰ সভ্যতা-সংস্কৃতিৰ লগতে অসমীয়া ভাষা আৰু সংস্কৃতিলৈ আহোমসকলৰ অৱদানৰ বিষয়ে আলোচনা কৰা হৈছে।৫ গ্ৰন্থখনে সামৰি লোৱা বিষয়বস্তু সম্পৰ্কে লেখকৰ নিজৰ ভাষাত, "আমাৰ জকাইচুকীয়া বিদ্যাৰে যিখিনি আওকালি ল'ব পাৰিছোঁ, তাকেই ইয়াত আলোচনা কৰিছোঁ।"
তথ্যসূত্ৰ
- ↑ লীলা গগৈ. (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃ. লেখকৰ একাষাৰ. ISBN 81-7339-079-7
- ↑ লীলা গগৈ. (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃ. প্ৰচ্ছদ. ISBN 81-7339-079-7
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃ. ১৭৩, ১৭৪
- ↑ লীলা গগৈ. (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃ. ৩-২৪৩. ISBN 81-7339-079-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাই সংস্কৃতিৰ ৰূপৰেখা” প্ৰবন্ধৰ সংশোধন ৩৮১১১৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।