অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জীৱনৰ সৰাপাত

জীৱনৰ সৰাপাত (Jiwanar Sarapat) অসমীয়া লেখক তথা সমাজকৰ্মী কিৰণময়ী বৰাৰ স্মৃতিকথা। কিতাপখন অসমৰ এটি পুৰণি প্ৰকাশন গোষ্ঠী বাণী মন্দিৰে প্ৰকাশ কৰিছে আৰু পৰিৱেশন কৰিছে উজ্জ্বল হাজৰিকা, বাণী মন্দিৰ আৰু মনাস্মৃতা হাজৰিকা, লাৱণ্য প্ৰকাশে। ২০১১ চনত কিতাপখন প্ৰথম প্ৰকাশ হৈছিল।

হালনাগাদ: ৩ ছেপ্তেম্বৰ ২০২৩ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জীৱনৰ সৰাপাত (Jiwanar Sarapat) অসমীয়া লেখক তথা সমাজকৰ্মী কিৰণময়ী বৰাৰ স্মৃতিকথা। কিতাপখন অসমৰ এটি পুৰণি প্ৰকাশন গোষ্ঠী বাণী মন্দিৰে প্ৰকাশ কৰিছে আৰু পৰিৱেশন কৰিছে উজ্জ্বল হাজৰিকা, বাণী মন্দিৰ আৰু মনাস্মৃতা হাজৰিকা, লাৱণ্য প্ৰকাশে। ২০১১ চনত কিতাপখন প্ৰথম প্ৰকাশ হৈছিল।১ মুঠ নিৰানব্বৈ পৃষ্ঠাৰ কিতাপখনৰ বেটুপাত কৰিছে প্ৰাঞ্জল চোলাধৰাই।

লেখক পৰিচয়

কিৰণময়ী বৰা অসমৰ এগৰাকী শিক্ষক, সমাজকৰ্মী আৰু লেখক। বৰা জাতীয়তাবাদী নেতা তথা সমাজকৰ্মী নিবাৰণ বৰাৰ সহধৰ্মিনী আৰু স্বাধীনতা আন্দোলনৰ সময়ৰে কটন কলেজৰ স্নাতক আছিল।১ পাণবজাৰ স্থিত ৰাজাবালা দাসৰ ছাত্ৰী নিবাসত থাকি তেওঁ কটন কলেজত পঢ়িছিল আৰু সেই সময়তে ৰাজাবালা দাসে গুৱাহাটীত প্ৰথমখন ছোৱালী মহাবিদ্যালয় সন্দিকৈ কলেজ আৰম্ভ কৰিছিল। কিৰণময়ী বৰাই ডিব্ৰুগড় চৰকাৰী উচ্চ ইংৰাজী ছাত্ৰী বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষা দি ১৯৩৯ চনত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিছিল। তেওঁ ক্ৰমে শিৱসাগৰ আৰু ডিগবৈ তেল কোম্পানীৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি ডিব্ৰুগড় চৰকাৰী ছোৱালী হাইস্কুলত শিক্ষক ৰূপে যোগদান কৰিছিল। তেওঁ বাৰ্দ্ধাৰ সেৱাগ্ৰামত শিক্ষকতাৰ চৰকাৰী প্ৰশিক্ষণ লৈছিল। সেৱা গ্ৰামৰ নৱ শিক্ষা মোহনদাস কৰমচান্দ গান্ধী আৰু জাকিৰ হুছেইনক আদৰ্শ ৰূপে লৈ প্ৰস্তুত কৰা হৈছিল। পথাৰত খেতি কৰা, যঁতৰত সূতা কটা, বিভিন্ন বিষয়ৰ সাধাৰণ সভাত যোগদান কৰা, কুষ্ঠ ৰোগীক পৰিচৰ্যা কৰা আৰু চিকিৎসা প্ৰদান আদি এই প্ৰশিক্ষণৰ অন্তৰ্গত আছিল। কিৰণময়ী বৰাই খোৱাং মধ্য ইংৰাজী বিদ্যলয়ক হাইস্কুল পৰ্যায়লৈ উন্নীত কৰা আৰু ডিব্ৰুগড় আমোলাপট্টি উচ্চ মাধ্যমিক বিদ্যালয় চৰকাৰীকৰণ কৰাত আগ-ভাগ লৈছিল। ১৯৮৫ চনত তেওঁ চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰিছিল। সুদীৰ্ঘ জীৱনকাল তেওঁ স্বাধীনতা আন্দোলনকে ধৰি অসমীয়া ভাষা আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন, শ্ৰমিক আন্দোলন, গুৱাহাটী তেল শোধনাগাৰ আন্দোলন আদি অতি ওচৰৰ পৰা দেখিছিল আৰু স্বামী নিবাৰণ বৰা আৰু পুত্ৰ ভাস্কৰ বৰাই ৰাজনৈতিক বন্দী ৰূপে কেইবাবাৰো কাৰাবাস খাটিব লগা হোৱা বাবে তেওঁৰ জেল-হাজোতৰ অভিজ্ঞতাও হৈছিল। বিশিষ্ট লেখক অৰুন্ধতী দত্ত কিৰণময়ী বৰাৰ জীয়ৰী। কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা বিশিষ্ট অসমীয়া লেখক দেৱেন দত্ত তেওঁৰ জোঁৱায়েক।

বিষয়-বস্তু

এই স্মৃতিকথাখনত কিৰণময়ী বৰাই তেওঁৰ জীৱনকালত দেখা অসমৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটৰ অস্থিৰ অৱস্থাৰ চাক্ষুস বৰ্ণনা কৰিছে। অসমৰ ভাষা আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন, শ্ৰমিক আন্দোলন, ৰে’লৱে ডিভিজন আন্দোলন আদিৰ ভালেখিনি তথ্য এই আত্মজীৱনীমূলক কিতাপখনত সন্নিৱিষ্ট হৈছে। লেখকৰ জীৱন সংঘাতৰ লগতে সেই সময়ৰ অসমৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰো কিছু উমান কিতাপখনত পোৱা যায়।

তথ্যসূত্ৰ

  1. ↑ কিৰণময়ী বৰা. (২০১১). জীৱনৰ সৰাপাত. বাণী মন্দিৰ. পৃ. ৯৯. ISBN ৯৭৮-৯৩-৮১০৬৪-০৪-৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থআত্মজীৱনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱনৰ সৰাপাত” প্ৰবন্ধৰ সংশোধন ৩৭৬৮৮৯ (৩ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।