অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জ্যোতিপ্ৰসাদ ৰচনাৱলী

জ্যোতিপ্ৰসাদ ৰচনাৱলী (Jyotiprasad Rachanavali) হৈছে ২০০৭ চনৰ নৱেম্বৰ মাহত প্ৰকাশ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাসমূহৰ পৰিমাৰ্জিত আৰু পৰিবৰ্ধিত সংকলন। এই ৰচনাৱলীখন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। ১৯৮১ চনত প্ৰথম প্ৰকাশ হোৱা গ্ৰন্থখনৰ সপ্তমটো সংস্কৰণ ২০০৭ চনত প্ৰকাশ পায়।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৪০১ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

জ্যোতিপ্ৰসাদ ৰচনাৱলী (Jyotiprasad Rachanavali) হৈছে ২০০৭ চনৰ নৱেম্বৰ মাহত প্ৰকাশ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাসমূহৰ পৰিমাৰ্জিত আৰু পৰিবৰ্ধিত সংকলন। এই ৰচনাৱলীখন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। ১৯৮১ চনত প্ৰথম প্ৰকাশ হোৱা গ্ৰন্থখনৰ সপ্তমটো সংস্কৰণ ২০০৭ চনত প্ৰকাশ পায়। অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক আৰু সমালোচক ড° হীৰেন গোহাঁয়ে ৭ম সংস্কৰণটি সম্পাদনা কৰিছে আৰু কিতাপখনৰ ভূমিকা লিখিছে। ১৯৮১ চনত প্ৰকাশ পোৱা কিতাপখনৰ প্ৰথম সংস্কৰণৰ সম্পাদকসকল আছিল- নৱকান্ত বৰুৱা, সত্যেন্দ্ৰনাথ শৰ্মা, সত্য প্ৰসাদ বৰুৱা আৰু বীৰেন্দ্ৰনাথ দত্ত। ১

সম্পাদকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হীৰেন গোহাঁই

ড° হীৰেন গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক আৰু সমালোচক।২ তেওঁ এগৰাকী কবি,৩ সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষকো। ১৯৫৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ ভিতৰতে দ্বিতীয় স্থান (ইংৰাজী আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ) লাভ কৰা গোহাঁই ইংৰাজী সাহিত্যত স্নাতকোত্তৰ। তেওঁ ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ আত্মজীৱনী বতাহত ক’ৰ গধূলি গোপাল, হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী, সপোনৰ দিকচৌ বনত তথা ইমান তিতা সাগৰৰ পানীত গোহাঁইৰ বৈচিত্ৰ্য়ময় বৌদ্ধিক জীৱন আৰু পাণ্ডিত্যৰ উমান পোৱা যায়। অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা গ্ৰন্থৰ বাবে ১৯৮৯ চনত গোহাঁয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

জ্যোতিপ্ৰসাদ আগৰৱালা

মূল প্ৰবন্ধ: জ্যোতিপ্ৰসাদ আগৰৱালা

জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।৪ অসমীয়া ভাষা-সাহিত্যৰ গীত, কবিতা, নাটক, প্ৰবন্ধ, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই থৈ গৈছে। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা তেখেতৰ অনবদ্য অৱদানৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক "ৰূপকোঁৱৰ" আখ্যা দিয়া হয়। আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথমখন অসমৰ চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। ১৯৫১ চনৰ ১৭ জানুৱাৰী তাৰিখে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ দিনটো "শিল্পী দিৱস" ৰূপে পালন কৰা হয়।৫৬

গ্ৰন্থখনৰ বিষয়বস্তু

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন, কৰ্ম আৰু ব্যক্তিত্বৰ এটা উজ্জ্বল দিশ হ’ল জ্যোতিপ্ৰসাদ ৰচনাৱলী।৭ সম্পাদনা সমিতিয়ে গ্ৰন্থখন নটা ভাগত ভাগ কৰি ছপা কৰিছে। প্ৰথম খণ্ডত নাটকখিনি, দ্বিতীয় খণ্ডত গল্প আৰু উপন্যাস, তৃতীয় খণ্ডত বিভিন্ন বিষয়ৰ প্ৰৱন্ধ আৰু ভাষণসমূহ, চতুৰ্থ খণ্ডত কবিতা, পঞ্চম খণ্ডত গীত আৰু ষষ্ঠ খণ্ডত শিশু-সাহিত্যসমূহ সন্নিৱিষ্ট হৈছে। ইয়াৰ উপৰি পৰিশিষ্ট-ক, খ, গ, ঘ, ঙ ভাগ কৰি এই ভাগসমূহত বিভিন্নজনে জ্যোতিপ্ৰসাদ আৰু তেওঁৰ সৃষ্টি সম্পৰ্কে লিখা প্ৰৱন্ধ, চিঠি-পত্ৰ, গীতৰ স্বৰলিপি, জ্যোতিপ্ৰসাদৰ হস্তাক্ষৰ, তেওঁ লিখা ইংৰাজী লেখা আদি অন্তৰ্ভুক্ত কৰা হৈছে। নাটক, কবিতা, গীত, গল্প, চিন্তামূলক প্ৰৱন্ধ আৰু ভাষণ আদিৰে পৰিপূৰ্ণ এই ৰচনাৱলীখন অসমৰ জাতীয় জীৱনৰ অমূল্য সম্পদ। সাহিত্য, সংস্কৃতি আৰু কলা সম্পৰ্কে জ্যোতিপ্ৰসাদৰ স্বকীয় চিন্তা-ভাৱনাৰ স্বাক্ষৰ জ্যোতি ৰচনাৱলীয়ে বহন কৰিছে। ৰচনাৱলীখনৰ প্ৰথমটো সংস্কৰণৰ মুখ্য সম্পাদক সত্যেন্দ্ৰনাথ শৰ্মাই তেওঁৰ সুদীৰ্ঘ ভূমিকাত লিখিছিল;

…জ্যোতিপ্ৰসদৰ প্ৰতিভা আছিল বৰ্ণাঢ্য আৰু উন্মেষশালিনী। আনে গচকি বন মাৰি যোৱা পথেদি সুন্দৰৰ সন্ধানত তেওঁ আগবাঢ়ি নগৈছিল; স্বকীয়ভাৱে সকলো বস্তু চাবলৈ আৰু ৰূপ দিবলৈ তেওঁৰ প্ৰতিভা নিয়োজিত কৰিছিল।৮…

তথ্যসূত্ৰ

  1. ↑ সম্পাদনা: ড° হীৰেন গোহাঁই. (নৱেম্বৰ, ২০০৭). জ্যোতিপ্ৰসাদ ৰচনাৱলী. অসম প্ৰকাশন পৰিষদ. পৃ. ৯৫১
  2. ↑ (23 February 2010). Assamese Intellectuals Angry Over 'Injustice' to Gohain. Outlook (magazine)
  3. ↑ Jotwani, Motilal Wadhumal. (1979). Contemporary Indian literature and society. Heritage. পৃ. 6
  4. ↑ (২০০৩). জ্যোতিপ্ৰসাদ জন্ম-শতবৰ্ষ অৰ্ঘ্য. গৰীয়সী
  5. ↑ Jyoti Prasad Agarwala, Indian Theatre Artist. Indianetzone.com
  6. ↑ বিপুলজ্যোতি শইকীয়াৰ ৱেবছাইট
  7. ↑ মুখ্য সম্পাদক: ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী. (২০০৭). জ্যোতিপ্ৰসাদ ৰচনাৱলী. কথা গুৱাহাটী. পৃ. ২৭
  8. ↑ সম্পাদনা: ড° হীৰেন গোহাঁই. (নৱেম্বৰ, ২০০৭). জ্যোতিপ্ৰসাদ ৰচনাৱলী. অসম প্ৰকাশন পৰিষদ. পৃ. ৫৫-৮৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতিপ্ৰসাদ ৰচনাৱলী” প্ৰবন্ধৰ সংশোধন ৫৯৮৮৮৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।