দলিপুৰাণ বা পাথৰিঘাটৰ ৰণ (Doli Puran) কবি নৰোত্তম ৰচিত এটা ঐতিহাসিক বেলাড। ইয়াত ১৮৯৪ চনত দৰং জিলাত সংঘটিত হোৱা পথৰুঘাটৰ ৰণৰ ঘটনাৱলী বিবৃত হৈছে, য’ত ব্ৰিটিছ আৰক্ষীৰ হাতত শতাধিক কৃষকৰ মৃত্যু হৈছিল।১ অনাখৰী কবি নৰোত্তমে সমস্ত ঘটনাৱলী পদ্যৰ ৰূপত মুখেমুখে ৰচনা কৰিছিল। পথৰুঘাটৰ ৰণৰ পচপন্ন বছৰ পাছত পাথৰিঘাটৰ ৰণ বা দলিপুৰাণ নামেৰে গ্ৰন্থাকাৰে ইয়াক ছপা কৰি উলিওৱা হয়।২৩
লেখক পৰিচিতি
দলিপুৰাণ নামৰ এই ঐতিহাসিক বেলাড গ্ৰন্থখনৰ ৰচয়িতা এজন অনাখৰী কবি নৰোত্তম। তেওঁৰ বিষয়ে বিশেষ তথ্য পাবলৈ নাই। তেওঁ আছিল পথৰুঘাট ৰণৰ এজন প্ৰত্যক্ষদৰ্শী। যিহেতু তেওঁ অনাখৰী আছিল, সেয়েহে পথৰুঘাট ৰণৰ ঘটনাৱলী তেওঁ মুখেমুখে পদ্য আকাৰে ৰচনা কৰিছিল। মুখেমুখে চলি অহা এই বেলাডটো ১৯৪৯ চনত ‘বামুণপাৰা-ভেবাৰঘাট ছাত্ৰ সংঘ’ই পাথৰিঘাটৰ ৰণ বা দলিপুৰাণ নামেৰে ইয়াক ছপা কৰি উলিয়ায়। ২০১৪ চনত দৰং জিলা বাৰ্তাজীৱি সংঘ আৰু পথৰু সমন্বয়গোষ্ঠীয়ে ইয়াক পুনৰ প্ৰকাশ কৰে।
বিষয়বস্তু
মূল প্ৰবন্ধ: পথৰুঘাটৰ ৰণ
গ্ৰন্থখনৰ বিষয়বস্তু ১৯৯৪ চনত ব্ৰিটিছ ৰাজৰ দৰং জিলাৰ পাথৰিঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহ। ঊনবিংশ শতিকাৰ নৱম দশকৰ সময়চোৱাত ব্ৰিটিছ শাসকে মাটি জৰীপ কৰি বস্তিমাটি, ৰুপিত মাটি আৰু ফৰিঙতি মাটি, এই তিনিভাগত বিভক্ত কৰি পৃথক পৃথক খাজনা নিৰ্দ্ধাৰণ কৰে। ইতিমধ্যে নলবাৰী, ৰঙিয়া, বজালী, সৰুক্ষেত্ৰী আদিৰ কৃষক ৰাইজে বৰ্ধিত হাৰত খাজনা নিদিয়াৰ সিদ্ধান্ত লোৱাৰ বাতৰি বিয়পি পৰাত দৰঙী ৰাইজেও ১৮৯৪ চনৰ ২৮ জানুৱাৰীত বৰ্ধিত খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ পথৰুঘাটত মিলিত হয়।২ পথৰুঘাট অঞ্চলৰ গাঁওবোৰৰ পৰা বহুত হাজাৰ ৰাইজ আহি তহচিলদাৰৰ বাংলোৰ আগত সমৱেত হৈ "হৰি বোল", "আল্লাহু আকবৰ" আদি ধ্বনি দি ব্ৰিটিছৰ আগত প্ৰতিবাদ আৰম্ভ কৰি খাজনা কমাবলৈ দাবী উত্থাপন কৰিলে। তহচিলদাৰৰ ৰিপ'ৰ্টমৰ্মে দৰং জিলাৰ জিলাধিপতি মি. এণ্ডাৰচন, আৰক্ষী অধীক্ষক (J.R. Berington) আৰু মঙলদৈৰ মহকুমাধিপতি মি. ৰেমিংটনো সশস্ত্ৰ বাহিনীসহ তাত উপস্থিত হ'ল আৰু খাজনা কমাই দিয়া নহ’ব বুলি দৃঢ় অৱস্থান গ্ৰহণ কৰে। ৰাইজ উত্তেজিত হৈ পৰে আৰু দুইপক্ষৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। ক্ৰমশঃ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে আৰু চৰকাৰী বাহিনীয়ে বেৰিংটনৰ আদেশমৰ্মে৪ মানুহৰ ওপৰত গুলীচালনা কৰে। ৰাইজে দলি-চপৰা, লাঠি-ফৰ্মুতি আদিৰে প্ৰত্যুত্তৰ দিয়ে যদিও তিষ্ঠিব নোৱাৰিলে। হিন্দু-মুছলমান নিৰ্বিশেষে থিতাতে ১৪০ জন নিহত আৰু প্ৰায় ১৫০ জন প্ৰজা আহত হল। চৰকাৰী হিচাপ মতে ১৫ জন নিহত আৰু ৩৭ জন আহত বুলি প্ৰকাশিত হয়।৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Doli Puran. amritmahotsav.nic.in
- ↑ পাথৰিঘাটৰ ৰণ বা দলি পুৰাণ. nilacharai.com
- ↑ Kumed Deka. পথৰুঘাটৰ ৰণ আৰু দলিপুৰাণ. xahitya.org
- ↑ দীপক কাকতি. (2012). অসমৰ কৃষক বিদ্ৰোহৰ জ্বলন্ত স্বাক্ষৰ - পথৰুঘাটৰ ৰণ. প্ৰান্তিক. প্ৰদীপ বৰুৱা
- ↑ Allen, B C. (1905). Assam District Gazette. Assam District Gazette
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দলিপুৰাণ” প্ৰবন্ধৰ সংশোধন ৪২১০২৬ (১২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।