দন্দুৱা দ্ৰোহ (Danduwa Droh) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ দ্বাৰা লিখিত এখনি বুৰঞ্জীনিৰ্ভৰ উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে বুৰঞ্জীৰ এটি উল্লেখযোগ্য বিদ্ৰোহ দন্দুৱা দ্ৰোহ। গ্ৰন্থখনত ১৯০৯ চনত প্ৰকাশিত হৈছিল।১
ঔপন্যাসিকৰ চমু পৰিচিতি
মূল প্ৰবন্ধ: ৰজনীকান্ত বৰদলৈ
ৰজনীকান্ত বৰদলৈ (১৮৬৭-১৯৪০) জোনাকী যুগত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। ৰজনীকান্ত বৰদলৈ আছিল একাধাৰে ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, নাট্যকাৰ, হাস্য-ৰসিক। কলিকতাত পঢ়ি থকা সময়তে তেখেত অসমীয়া ভাষা উন্নতি সাধিনী সভা ৰ লগত জড়িত হয়। তেখেতে সেই সময়ত কলিকতাৰ পৰা প্ৰকাশিত ‘জোনাকী’ত ‘শৰীৰ তত্ত্ব’ শীৰ্ষক এলানি প্ৰবন্ধ প্ৰকাশ কৰিছিল। তেখেতে কলেজীয়া জীৱনতে ৱাল্টাৰ স্কট আৰু বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ আৰ্হিত এলানি উপন্যাস ৰচনা কৰাৰ সংকল্প লৈছিল। এই পটভূমিৰে ৰচিত তেখেতৰ বুৰঞ্জীমূলক উপন্যাস হ’ল মনোমতী (১৯০০), দন্দুৱা দ্ৰোহ (১৯০৯), ৰঙ্গিলী (১৯২৫), নিৰ্ম্মল ভকত (১৯২৬), তাম্ৰেশ্বৰীৰ মন্দিৰ (১৯২৬), ৰহদৈ লিগিৰী (১৯৩০), ৰাধা-ৰুক্মিণীৰ ৰণ আদি। ১৮৯৪ চনত মিছিং সমাজৰ পটভূমিত ৰচিত তেখেতৰ প্ৰথম অসমীয়া সামাজিক উপন্যাস হ’ল মিৰি জীয়ৰী। ‘খাম্বা-থুইবীৰ সাধু’ হ’ল লোক কথাভিত্তিক উপন্যাস।
গ্ৰন্থখনৰ চমু বিৱৰণ
অসম বুৰঞ্জীৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ বদন বৰফুকন আৰু তেওঁৰ পুত্ৰৰ অত্যাচাৰত গুৱাহাটীত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহৰ আৰম্ভ কৰে। তেওঁলোকে কামৰূপৰ চৌধাৰী, বনুৱাসকলক একগোট কৰি আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ তৎপৰ হয়। বিদ্ৰোহৰ সমান্তৰালভাৱে উপন্যাসখনত মহীৰাম আৰু পদ্মকুমাৰী নামৰ চৰিত্ৰ দুটাৰ প্ৰণয়কাহিনীও আগবঢ়াই নিয়া হৈছে।১ ১
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০৪. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দন্দুৱা দ্ৰোহ (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ২৫৬০৬৪ (২৫ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।