নবীন বুঢ়াগোহাঁই একাধাৰে লেখক, গৱেষক, কবি, শিশু সাহিত্যিক৷ বুৰঞ্জীৰ অধ্যয়ন-অনুসন্ধান আৰু চৰ্চাকাৰী এজন লেখক হিচাপে তেখেতৰ সুকীয়া পৰিচয় আছে৷ তেখেতে এতিয়ালৈকে ২৩খন বুৰঞ্জী বিষয়ক গ্ৰন্থ লিখি উলিয়াইছে৷ সাম্প্ৰতিক সময়ত তেখেতৰ বুৰঞ্জী বিষয়ক লেখাৰ লগতে বিভিন্ন সমাজ-সংস্কৃতি বিষয়ক লেখা অসমৰ বিভিন্ন বাতৰি-কাকত আৰু আলোচনীত প্ৰকাশিত হৈ আহিছে৷১
জন্ম আৰু পৰিচয়
তেখেতৰ জন্ম হয় ১৯৮৫ চনৰ ১৪ নৱেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ কৈজান গাঁৱত৷ পিতৃৰ নাম নিত্যানন্দ বুঢ়াগোহাঁই আৰু মাতৃৰ নাম প্ৰয়াত ৰূপা বুঢ়াগোহাঁই৷
শিক্ষা
- প্ৰাথমিকঃ হাৰমতী বৰগোহাঁই মৈদাম প্ৰাথমিক বিদ্যলয়,১৯৯১
- মাধ্যমিক আৰু হাইস্কুলৰ শিক্ষাঃ কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৯৯৫
- হায়াৰছেকেণ্ডৰী আৰু স্নাতকঃ দিখৌমুখ মহাবিদ্যালয়, ২০০২
প্ৰকাশিত গ্ৰন্থৰ তালিকা
বুৰঞ্জীমূলক
- বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰঃ এ হিষ্ট্ৰৰীকেল নোটবুক
- অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং ছ্যু-কা-ফা
- তলাতল কাৰেংঘৰ
- গড়গাঁৱৰ কাৰেংঘৰ
- আহোম যুগৰ দৌল আৰু ইয়াৰ স্থাপত্য-কলা
- বুৰঞ্জী, সংস্কৃতি আৰু স্থাপত্য-ভাস্কৰ্য
- বুৰঞ্জীৰ বৰ্ণিল প্ৰসংগ
- আহোম যুগৰ নাৰী
- ঘনশ্যামৰ ঘৰঃ এটা অনুসন্ধানমূলক টোকা
- শিৱসাগৰ
- অসমৰ মঠ-মন্দিৰ
- এচিয়াৰ প্ৰথম পেভিলিয়ন ৰংঘৰ
- মৈদামৰ বুৰঞ্জী
- জয়মতী কুঁৱৰী
- জেৰেঙাৰ জয়মতী কুঁৱৰী (নাটক)
- আহোম যুগৰ হিলৈ-বৰতোপ
- আহোম যুগৰ গড়, আলি আৰু শিলাসাঁকো
- বুঢ়াগোহাঞি ডাঙৰীয়াৰ বুৰঞ্জী
- শিৱসাগৰ বৰপুখুৰী আৰু তিনিটা দৌল
- আহোম যুগৰ পুখুৰী-স্থাপত্য আৰু অসমৰ অন্যান্য পুখুৰী
- আহোম যুগৰ ৰাজধানী
- Kareng Ghar: The Ahom Royal Palace of Gargaon ('গড়গাঁৱৰ কাৰেংঘৰ' গ্ৰন্থৰ ইংৰাজী অনুবাদ। অনুবাদক: ড০ প্ৰশান্ত কুমাৰ চুতীয়া)
কাব্য-সংকলন
- এদিন একোৱেই ভাল নলগা হৈ আহিব
- এজাক বনৰীয়া বৰষুণ
প্ৰবন্ধ-সংকলন
- অন্ধ-বিশ্বাসৰ অস্ত্ৰোপচাৰ
শিশু-সাহিত্য
- অক্কণমানি মৌ-মাখি (উপন্যাস)
- শেষ ৰহস্য আৰু অন্যান্য কাহিনী (গল্প)
- নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ
- ইচলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মোহাম্মদ
- ৰাজকুমাৰৰ সাধু (অনুবাদ)
- অকণিহঁতৰ মনপৰশা সাধু (সম্পা.)
- আকবৰ আৰু বীৰবলৰ সাধু
- ৰাজকুমাৰ আৰু পদুমকুঁৱৰী
সম্পাদিত গ্ৰন্থ
- হুঁচৰিৰ আৰ্হি আৰু বিহুনাম
- অযৌক্তিক অলীক চিন্তা আৰু যুক্তিৰ চলন্ত চৰ্চা (ৰিপুঞ্জয় গগৈৰ প্ৰবন্ধ সংকলন)
- শোভেন হাজৰিকাৰ নিৰ্বাচিত কবিতা-১
- জয়জ্যোতি গগৈৰ নিৰ্বাচিত কবিতা
- স্বভাৱ-কবি শিৱনাথ কোঁৱৰৰ কবিতা
সম্পাদিত আলোচনী
- নতুন চিন্তা (মাহেকীয়া আলোচনী, অধুনালুপ্ত)
- অকণিৰ পাৰিজাত (শিশু-আলোচনী, অধুনালুপ্ত)
- মইনাৰ পাৰিজাত (শিশু-আলোচনী, অধুনালুপ্ত)
- ঋতু (কাব্যালোচনী, অধুনালুপ্ত)
বঁটা আৰু সন্মান
- ইভা বৰগোহাঁই শইকীয়া সোঁৱৰণী বঁটা, সদৌ অসম কবি সন্মিলন, ২০০৯-১০
- ঐতিহ্য মিত্ৰ, প্ৰত্নতত্ত্ব সঞ্চালকালয়, অসম চৰকাৰ, ২০২০
- উৎকৃষ্টতাৰ বঁটা, পৰ্যটন বিভাগ, অসম, ২০২৩
তথ্যসূত্ৰ
- ↑ যশোৱন্ত শৰ্মা. (২৯ ছেপ্টেম্বৰ, ২০২২). গ্ৰন্থ ৰচনা আৰু প্ৰকাশেৰে স্বাৱলম্বী শিৱসাগৰৰ নবীন বুঢ়াগোহাঁই. পৃ. ৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নবীন বুঢ়াগোহাঁই” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৩১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।