লুট্ফা হানুম ছেলিমা বেগম একাধাৰে কবি, সমালোচক, অধ্যাপক। তেওঁৰ বহুকেইখন গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ হোৱাৰ সমান্তৰালভাৱে লগত তেওঁৰ সাহিত্যৰাজি ইংৰাজী, হিন্দী, কন্নড়, নেপালী আদি ভাষালৈকো অনুবাদ হৈছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষা আৰু সাহিত্য উভয় শাখাতে স্নাতকোত্তৰ। গুৱাহাটী বিশ্ববিদ্যলয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা লুট্ফা হানুম ছেলিমা বেগম বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক।১
জন্ম আৰু বংশ পৰিচয়
তেখেতৰ জন্ম হয় ১৯৬২ চনত। উত্তৰ লখিমপুৰ চহৰত। পিতৃৰ নাম জালালউদ্দিন আহমেদ, মাতৃৰ নাম নুৰনাহাৰ বেগম।
শিক্ষা
- স্কুলীয়া: চুতীয়াকাৰী নিম্ন বুনিয়াদী বিদ্যালয় (১৯৬৯), নকাৰী হাইস্কুল, উজানবজাৰ ছোৱালী এম-ই স্কুল, লখিমপুৰ বালিকা উচ্চ বিদ্যালয় (১৯৭৬)
- কলেজ: সন্দিকৈ ছোৱালী মহাবিদ্যালয় (প্ৰাক্- বিশ্ববিদ্যালয় আৰু স্নাতক) (১৯৮১)
- স্নাতকোত্তৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰপৰা ভাষা শাখাত (১৯৮৩) আৰু সাহিত্য শাখাত (১৯৮৭) দুবাৰকৈ ডিগ্ৰী লাভ।
- ডক্টৰেট: গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা, ২০১৮
- চৰকাৰী আইন মহাবিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ, ১৯৮৪-১৯৮৬
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ শিক্ষা গ্ৰহণ, ১৯৮৭
বৃত্তি
- চেণ্টিনেল গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত ' সাদিনীয়া প্ৰহৰী' কাকতত সাংবাদিক ৰূপে কৰ্মৰত (১৯৮৬-১৯৮৭)
- ডিফু চৰকাৰী মহাবিদ্যালয় প্ৰবক্তা ৰূপে কৰ্মৰত (১৯৯১-২০০০)
- কটন কলেজত অধ্যাপনা (বৰ্তমানৰ কটন বিশ্ববিদ্যালয়) (২০০০-বৰ্তমানলৈকে)
বঁটা
প্ৰকাশিত সাহিত্য
কাব্যগ্ৰন্থ
- অথন্তৰ ঘটিছে (যুটীয়া ভাৱে), ১৯৮৫
- সেউজীয়া বাট এটা বিচাৰিছে সৰাপাতবোৰে, ১৯৯৩
- হে বিৰ্কমাই, বুকু ফালি চোৱাঁহি মোৰ, ২০০৩
- উৰণীয়া বাগিচাত তৰাৰ চৰাই, ২০০৮
- অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল, ২০১১
- বিষাদ জলতৰংগ (স্বনিৰ্বাচিত কবিতা), ২০১৫
তথ্যসূত্ৰ
- ↑ লক্ষ্মীনন্দন বৰা. (২০০৭). আশীৰ পৰৱৰ্তী অসমীয়া কবিতা. ট্ৰিবিউন গোষ্ঠী. পৃ. ৩৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুট্ফা হানুম ছেলিমা বেগম” প্ৰবন্ধৰ সংশোধন ৫৬৫৪৮৫ (২১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।