অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমাংগ কুমাৰ দত্ত

হেমাংগ কুমাৰ দত্ত ( Hemanga Kumar Datta; জন্মː ১৯৭৩) এগৰাকী অসমীয়া কবি আৰু প্ৰবন্ধকাৰ। সীমিত সংখ্যক কবিতাৰে অসমীয়া কাব্য-সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰা কবিসকলৰ ভিতৰত তেওঁ অন্যতম। ৰাতিৰ কবিতা, চহৰত চেলকাৰ্ক আদি তেওঁ লিখা বহু-চৰ্চিত কবিতা।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৩৯০ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

হেমাংগ কুমাৰ দত্ত ( Hemanga Kumar Datta; জন্মː ১৯৭৩) এগৰাকী অসমীয়া কবি আৰু প্ৰবন্ধকাৰ। সীমিত সংখ্যক কবিতাৰে অসমীয়া কাব্য-সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰা কবিসকলৰ ভিতৰত তেওঁ অন্যতম। ৰাতিৰ কবিতা, চহৰত চেলকাৰ্ক আদি তেওঁ লিখা বহু-চৰ্চিত কবিতা। অথবা কাব্যগ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰা দত্ত ২০০৬ চনৰ পৰা নিৰুদ্দেশ হৈ আছে।১

জন্ম আৰু শিক্ষা গ্ৰহণ

১৯৭৩ চনত দৰং জিলাৰ টংলাত হেমাংগ কুমাৰ দত্তই জন্ম লাভ কৰে।২ তেওঁৰ পিতৃ হৰিহৰ দত্ত আৰু মাতৃ তিলোত্তমা দত্ত। তেওঁৰ পিতৃয়ে টংলাৰ কুকুৰাকাটাত এখন হোমিওপ্যাথি ফাৰ্মাচী প্ৰতিষ্ঠা কৰিছিল। ১৯৮০ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ ককায়েকে ইয়াৰ দায়িত্ব লয়। হেমাংগ দত্ত পৰিয়ালৰ কনিষ্ঠ সদস্য। তেওঁ টংলা হাইস্কুলত প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৮৯ চনত তেওঁ কটন বিশ্ববিদ্যালয়ত নাম ভৰ্ত্তি কৰে আৰু ইয়াৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে।

সাহিত্যিক জীৱন

বতাহৰ কবিতাই মচিব নেজানে কপালৰ ঘাম অথচ বতাহে জানে ৰাতিয়ে উপহাৰ দিব নোৱাৰে সূৰ্য কিন্তু ৰাতিৰ কবিতাই পাৰে
— হেমাংগ কুমাৰ দত্ত

কটন কলেজত নাম লগাই শ্বহিদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসত আৱাসী হিচাপে প্ৰৱেশ কৰাৰ সময়তে এক আন্তঃ-আবাস মৌলিক কবিতাপাঠ অনুষ্ঠানত অতিথি হিচাপে অহা নৱকান্ত বৰুৱাৰ সৈতে তেওঁৰ সাক্ষাৎ হয়। তেতিয়াৰে পৰা তেওঁ কবিতা লিখিবলৈ আত্মবিশ্বাস লাভ কৰে। পিছলৈ তেওঁ বৰুৱাৰ ওচৰলৈ গৈ কবিতা সংক্ৰান্তিয় বিভিন্ন পৰামৰ্শ লাভ কৰে। নৱকান্ত বৰুৱাৰ কবিতাসমূহ পঢ়ি তেওঁ নতুন কবিতাৰ লগতে পুৰণা কবিতাসমূহ নতুনকৈ লিখিবলৈ আৰম্ভ কৰে। ১৯৯১ চনত প্ৰান্তিক আলোচনীৰ পাতত কবি হিচাপে তেওঁ আত্মপ্ৰকাশ কৰে। ইয়াৰ উপৰিও অসমৰ আগশাৰীৰ সাহিত্যালোচনী পষেক, সাতসৰী (আলোচনী), গৰীয়সী আদিত তেওঁৰ কবিতা প্ৰকাশিত হয়। টংলাৰ পৰা প্ৰকাশ হোৱা সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী দামলত তেওঁৰ কবিতা প্ৰকাশ হৈছে। দামলৰ বাবে তেওঁ নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু হীৰেন গোহাঁইৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। কটন কলেজৰ বছৰেকীয়া মুখপত্ৰ কটনিয়ান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীতো তেওঁৰ কবিতা তথা প্ৰবন্ধ প্ৰকাশ হৈছে। ২০০০ চনত তেওঁৰ একমাত্ৰ কাব্য সংকলন অথবা প্ৰকাশ পায়। এই সংকলনখনিত ২৫টা কবিতা সন্নিৱিষ্ট হৈ আছে। নৱকান্ত বৰুৱাৰ আগকথা সমৃদ্ধ এই গ্ৰন্থখনৰ প্ৰকাশক সংজ্ঞা প্ৰকাশ আৰু পৰিবেশক জ্যোতি প্ৰকাশন।

এই সংকলনটিৰ বাবে তেওঁ ২০০২ চনত মুনীন বৰকটকী বঁটা লাভ কৰে। ২০১৮ চনত ‘অথবা’ত সন্নিবিষ্ট ২৫টা কবিতা, ১১টা অন্যত্ৰ প্ৰকাশিত কবিতা, এটা অনুবাদ কবিতা, ৫টা গীত, তিনিটা প্ৰবন্ধ, এখন ৰম্য-ৰচনা, ৩টা ‘অথবা’ কাব্যগ্ৰন্থ সন্দৰ্ভত সমালোচনামূলক লেখা আৰু তিনিটা অন্যান্য লেখা সংগ্ৰহ কৰি হেমাংগ কুমাৰ দত্তৰ অথবা আৰু অন্যান্য শীৰ্ষক গ্ৰন্থ এখন প্ৰকাশ কৰা হয়।৩

নিৰুদ্দেশ

হেমাংগ কুমাৰ দত্তৰ বায়েক প্ৰণীতা দেৱ অধিকাৰীৰ ভাষ্য অনুসৰি ২০০৬ চনত তেওঁ বায়েকক দিল্লীলৈ যাব বুলি ফোন কৰে আৰু তাৰ পিছত তেওঁ নিৰুদ্দিষ্ট হয়। ২০১১ চনত মাতৃৰ অসুস্থতাৰ সময়ত পৰিয়ালবৰ্গই বিচাৰ-খোচাৰ কৰে আৰু টেলিভিছনত বিজ্ঞাপন দিয়ে। কিন্তু এতিয়ালৈ তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই।১

তথ্যসূত্ৰ

  1. ↑ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী. (২০১৮). হেমাংগ কুমাৰ দত্তৰ অথবা আৰু অন্যান্য. ব্ৰহ্মপুত্ৰ বুকছ এণ্ড পাব্লিকেশ্যনছ
  2. ↑ (18 অক্টোবৰ, 2017). বৌদ্ধিক বিচাৰ. হেমাংগ কুমাৰ দত্তৰ দুটি কবিতা
  3. ↑ ড॰ কমল কুমাৰ তাঁতী. (৩ মাৰ্চ, ২০১৯). অসমীয়াৰ সুখ-দুখ. যেতিয়া কবিতাই দিয়ে মানুহৰ মুক্তি-পথৰ সন্ধান. xukhdukh.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিমুনীন বৰকটকী বঁটা বিজয়ীনিৰুদ্দিষ্ট ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমাংগ কুমাৰ দত্ত” প্ৰবন্ধৰ সংশোধন ৫৭২৫২৮ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।